সমাগত লোকসভা নিৰ্বাচনঃ এআইইউডিএফৰ বিশেষ প্ৰতিক্ৰিয়া

সমাগত লোকসভা নিৰ্বাচনঃ এআইইউডিএফৰ বিশেষ প্ৰতিক্ৰিয়া

সমাগত লোকসভা নিৰ্বাচন ৷ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম দিন ২৫ মাৰ্চ ৷ কিন্তু এতিয়াও এআইইউডিএফৰ এই ক্ষেত্ৰত কোনো প্ৰতিক্ৰিয়া দেখা নাই ৷ দ্য চেন্টিনেলৰ আগত হোৱা সাক্ষাৎকাৰত এআইইউডিএফৰ সাধাৰণ সম্পাদক হাইদৰ বৰাই কয় যে,কংগ্ৰেছৰ সকলো প্ৰাৰ্থীৰ নামৰ পিছতহে তেওঁলোকে প্ৰাৰ্থীসকলৰ নাম দিব ।

ইফালে এআইইউডিএফ দলৰ সভাপতি বদৰুদ্দিন আজমলে প্ৰথমতেই দলৰ কাৰণে অভিযান আৰম্ভ কৰিছে ৷ বুধবাৰে দলৰ সভাপতি বদৰুদ্দিন আজমলে বৰপেটাত নিৰ্বাচন সম্বন্ধীয় এক বাইক ৰেলী উলিয়াই। লগতে এআইইউডিএফে লগতে কয় যে কংগ্ৰেছৰ লগত তেওঁলোকৰ কোনো নিৰ্বাচনী বুজাবুজি নাই। কাৰণ বিজেপিৰ অভিযোগ যে কংগ্ৰেছ আৰু এআইইউডিএফৰ গোপন বুজা বুজি আছে ৷

এআইইউডিএফৰ এক বিশেষ সূত্ৰৰ মতে দলে প্ৰথমতেই নিৰ্বাচন সমিতি বৈঠক আয়োজিত কৰিছে ৷ আৰু দলৰ প্ৰাৰ্থী সকলৰ নাম সমিতিৰ দ্বিতীয় বৈঠকত উপস্থাপন কৰা হ’ব । দলৰ আন এটা বিশেষ সূত্ৰৰ মতে এইবাৰ বৰপেটাৰ সাংসদ চিৰাজুদ্দিন আজমলে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে ৷ প্ৰাক্তন বিধায়ক ৰফীকুল ইছলাম বৰপেটাৰ টিকটৰ কাৰণে নাম সকলোতকৈ প্ৰথমতে আছে ৷

ইফালে বদৰুদ্দিন আজমলক ধুবুৰীৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। কৰীমগঞ্জৰ সাংসদ ৰাধেশ্যাম বিশ্বাসক ৰাজেশ মল্লাহে দলৰ কৰিমগঞ্জৰ প্ৰতিদ্বন্দি প্ৰাৰ্থী হিছাপে চিনাক্ত কৰা হৈছে ৷ অন্যান্য সম্ভাৱনাময় প্ৰাৰ্থীসকলৰ ভিতৰত শিলচৰৰ কৰীমুুদ্দিন বৰভূঞা,নগাঁৱৰ প্ৰাক্তন বিধায়ক আদিত্য লাংথাছা,নগাঁৱৰ চম্পক কলিতা,কলিয়াবৰৰ অমীনুল ইছলাম আৰু জীছানুদ্দিন আৰু মংগলদৈৰ জেহেৰুল ইছলাম আৰু নাথু বড়োৰ নাম সন্নিবিষ্ট হৈছে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com