সমাগত লোকসভা নিৰ্বাচনঃ তৃতীয় পৰ্য়ায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত

সমাগত লোকসভা নিৰ্বাচনঃ তৃতীয় পৰ্য়ায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত

২৩ এপ্ৰিলত হ’ব লগা ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে সম্প্ৰতি প্ৰস্তুতি তুংগত ৷ প্ৰায় ৫৪ প্ৰাৰ্থীয়ে গুৱাহাটী,বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীৰ চাৰিখন সংসদীয় আসনত হ’ব নিৰ্বাচন ৷ নিজৰ দলৰ প্ৰাৰ্থীসকলৰ প্ৰচাৰৰ কাৰণে আগবাঢ়িছে মুখ্যমুন্ত্ৰী সৰ্বানন্দ সোনোৱাল,নেডা আহ্বায়ক তথা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,অসম গণ পৰিষদৰ সভাপতি অতুল বৰা,এআইচিচিৰ সাধাৰণ সম্পাদক আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰভাৰী হৰিশ ৰাৱট, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি অতুল বৰা আৰু বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে৷ কোকৰাঝাৰৰ নিৰ্বাচন ক্ষেত্ৰত প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ কাৰণে নিৰ্বাচনৰ প্ৰচাৰ কৰি বুধবাৰে বিজনী আৰু বাসুগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে মিত্ৰতাৰ সকলো সহযোগী প্ৰগতি আৰু বিকাশৰ কাৰণে আগবাঢ়িছে ৷

মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে জনসাধাৰণক বিপিএফৰ সকলো প্ৰাৰ্থীক সমৰ্থন কৰাৰ কাৰণে আহ্বান জনায়। লগতে বিটিএডি উন্নতিৰ প্ৰসংগ কৰি কয় যে বিটিএডিৰ বিকাশ অতি ক্ষিপ্ৰ গতিত হৈছে ৷ইফালে নিৰ্বাচন সম্পৰ্কীয় এক বিশাল ৰেলীত অংশ লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গুৱাহাটীৰ প্ৰাৰ্থী কুইন ওঝাৰ প্ৰসংগত কয় যে গুৱাহাটীত বহু বৰ্ষৰ পিছত বিকাশ হৈছে ৷অন্যহাতে নেডাৰ আহ্বায়ক তথা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইও কুইন ওঝাৰ সমৰ্থনত এক ৰেলীত অংশ লয় ৷

মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে বিজেপি আৰু মিত্ৰ দলে সকলো ক্ষেত্ৰতে বিকাশ আৰু প্ৰগতিৰ পথত আছে ৷ অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই বুধবাৰে এখন নিৰ্বাচনী ৰেলীত অংশ লৈ কংগ্ৰেছক কটাক্ষ কৰে লগতে কয় যে আমি সকলো জনগোষ্ঠীৰ মাজত সদ্ভাৱ ৰখাৰ সম্পৰ্কত সমৰ্থন কৰিছোঁ ৷ বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰৰ এক নিৰ্বাচনী ৰেলীত অংশ লৈ ঘোষণা কৰে যে নিশ্চিত ৰূপত মোডী চৰকাৰেই পুনৰাই শাসনত আহিব ৷

এআইচিচিৰ মহাসচিব হৰিশ ৰাৱটেগুৱাহাটী লোকসভা আসনৰ প্ৰাৰ্থী ববীতা শৰ্মাৰ পক্ষে নিৰ্বাচনী প্ৰচাৰ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ উত্থাপন কৰি কয় যে আমি যিহেতু বিতৰ্কিত বিধেয়কখন বিৰোধিতা কৰিছো ৷ গতিকে নিৰ্বাচনত জয়ী আমি লাভ কৰিম৷ইফালে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জীত দাসে প্ৰমীলা ৰাণী ব্ৰহ্মৰ সমৰ্থনত সৰভোগত নিৰ্বাচনী প্ৰচাৰ কৰে৷ ইয়াৰ বিপৰীতে ৰিপুন বৰাই বৰপেটাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকৰ সমৰ্থনত আৰু কোকৰাঝাৰত শব্দ ৰাভাৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ কৰে।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com