সুস্বাস্থ্যৰ কাৰণে ফল খোৱাৰ প্ৰাকমূহুৰ্তত পঢ়ক আমাৰ এই বিধি

সুস্বাস্থ্যৰ কাৰণে ফল খোৱাৰ প্ৰাকমূহুৰ্তত পঢ়ক আমাৰ এই বিধি

আমি প্ৰায়ে আমাৰ স্বাস্থ্য ভালে ৰাখিবলৈ ফল মূল খাওঁ ৷কাৰণ এই ফল মূল সমূহে আমাা স্বাস্থ্য সুস্থ কৰি ৰখাত সহায় কৰে ৷কিন্তু আপুনি জানেনে,এই ফল মূল সমূহ খোৱাৰ সঠিক সময় আছে ৷যদি এই ফল আমি সুস্বাস্থ্যৰ কাৰণে সঠিক সময়ত নাখাওঁ৷তেন্তে ই আমাৰ শৰীৰত বিৰুপ প্ৰভাৱ পেলাব ৷আহক জানো ফল মূল সমূহ খোৱাৰ সঠিক সময়

কেতিয়াওঁ খোৱাৰ আগত বা পিছতেই ফল খাব নালাগে ৷কাৰণ আমি এবাৰ খাঁওতেই ৩০০ ৰ পৰা ৪০০ কেলৰি লওঁ।কিন্তু যদি আমি আহাৰ খোৱাৰ পিছতে ফল খাওঁ তেন্তে কেলৰী মাত্ৰা বাঢ়ি যায় ।আৰু আমাৰ পাচন প্ৰক্ৰিয়াত প্ৰভাৱ পৰে ৷ সেয়েহে আহাৰ খোৱাৰ পিছতে ফল খাব নালাগে ৷ সিসমূহ লোকে খাদ্য খোৱাৰ লগে লগে ফল মূল খায় ৷তেওঁলোকৰ গেছ,এচিডিটি হ’ব পাৰে ৷প্ৰকৃততে,আহাৰ খোৱাৰ পিছতে ফল খালে ফল মূলৰ পাচন প্ৰক্ৰিয়াত বাধা আহি পৰে ৷কাৰণ সেই সময়ত পাচন তন্ত্ৰই কেৱল আহাৰক পাচন কৰা কাম কৰে।

আমি খোৱা ফল সমূহ পাচন ন’হলে বিষাক্ত দ্ৰব্যলৈ পৰিণত হয় ৷লগতে ডায়েট কিউবতে সেই পাচন নোহোৱা পদাৰ্থসমূহ থাকি যায় ৷সেয়েহে বহু লোকেই পেটত জ্বলা পোৰা অনুভৱ কৰে ৷ইফালে ফল মূলৰ লগত কেতিয়াওঁ গাখীৰ অথবা দৈ সেৱন কৰিব নালাগে ৷ ফল খোৱাৰ অন্তত আধা ঘন্টা সময়লৈকে কোনো ধৰণৰ আহাৰ খাব নালাগে ৷ আমি পুৱা আহাৰ খোৱাৰ সময়ত ফল মূল খাব পাৰোঁ ৷কিন্তু মনত ৰাখিব লগীয়া কথাটো হ’ল যে কেতিয়াওঁ টেঙা ফল খালী পেটত খাব নালাগে ৷কিয়নো ইয়াৰ দ্ধাৰা এচিডিটি গেছ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷পুৱা আম,আপেল অথবা কল খোৱাটো স্বাস্থ্যৰ পক্ষে লাভজনক ৷তৰমুজৰ লগতে খাদ্যৰ খোৱাটো এৰাই চলক কাৰণ,ইয়াৰ দ্বাৰা পাচন প্ৰক্ৰিয়াত বাধা আহি পৰে ৷

কল খোৱাৰ উপযোগিতা কিমান সেয়া আমি সকলোৱে জানো ৷পটাছিয়াম,ফাইবাৰ, কাৰ্বোহাইড্ৰেটৰ আৰু শক্তিৰে ভৰপুৰ কল খালে পাচন তন্ত্ৰ শক্তিশালী হোৱাৰ লগতে এক দীঘলীয়া সময় ধৰি ভোক নলগোৱাত সহায় কৰে ৷ ব্যায়াম কৰাৰ আধা ঘন্টাৰ প্ৰাকমুহুৰ্ত্তত কল খোৱাটো স্বাস্থ্যৰ পক্ষে লাভদায়ক। কিছু সংখ্যক লোকে কল কোনো সময় নোচোৱাকৈ নিজৰ মন পছন্দ অনুযায়ী খায় ৷ নিশা যদি আমি কল খাঁও তেন্তে আমাৰ মেটাবলিজমক দুৰ্বল কৰে ৷যদি আপুনি নিশা দেৰীকৈ কল খাও তেন্তে মনত ৰাখিব যে কল খোৱাৰ প্ৰায় ২-৩ ঘন্টাৰ পিছতহে শুবলৈ যায় ৷কাঁহ,চৰ্দিত ভূগি থকা সকলেও কল খোৱাৰ পৰা দূৰত থাকিব ৷ কাৰণ কলে এই অসুখ সমূহ বঢ়াব পাৰে ৷কলত বহুত বেছি পৰিমাণৰ ফাইবাৰ থাকে ৷গতিকে ই আমাৰ ভোক সঘনাই নলগায় ৷

ইয়াৰোপৰি কলত মেগনেছিয়াম,কেলছিয়াপ্ৰচুৰ পৰিমাণে থাকে ৷কলত থকা পটাছিয়ামে ব্লাড প্ৰেছাৰক নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে ৷ উল্লেখ্য যে,কল আমাৰ শৰীৰৰ কাৰণে অত্যন্ত উপকাৰী ৷কিন্তু নিশা দেৰীকৈ কল খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। বিশেষকৈ নিশা মিঠা ফল খোৱাৰ পৰা বিৰত থাকিব লাগে ৷কাৰণ কলে শৰীৰৰ এনাৰ্জী বঢ়াই আৰু নিশা আমাৰ শৰীৰত কোনো ধৰণৰ শক্তিৰ প্ৰয়োজন নহয় ৷ গতিকে ইয়াৰ দ্বাৰা আমাৰ টোপনিত প্ৰভাৱ পৰিব পাৰে ৷

অন্য খবৰৰ বাবে পঢ়ক : বিবিধ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com