"সৃষ্টি"ৰ কণ্ঠধ্বনিৰে মুখৰিত হ'ল মাহৰিআটী

"সৃষ্টি"ৰ কণ্ঠধ্বনিৰে মুখৰিত হ'ল মাহৰিআটী

গীত-মাত-কবিতাৰে আজি মুখৰিত হৈ পৰিল নগাঁও জিলাৰ মাহৰিআটী । সামাজিক- সাংস্কৃতিক অনুষ্ঠান "সৃষ্টি"ৰ উদ্যোগত নগাঁৱৰ বেবেজীয়াৰ মাহৰিআটীৰ হৰিহৰ দেৱালয়ৰ চৌহদত দেওবাৰে বিয়লি অনুষ্ঠিত হয় "কণ্ঠধ্বনি" নামৰ এটি ব্যতিক্ৰমধৰ্মী অনুষ্ঠান । মাহৰিআটীৰ প্ৰাচীন হৰিহৰ দেৱালয়ৰ পুখুৰীৰ পাৰৰ অৰ্জুন আৰু বকুল গছৰ তলত অনুষ্ঠিত হোৱা এই ভিন্নসুৰী অনুষ্ঠানটিৰ মাটিৰ গোন্ধ থকা বিহুগীত গাই শুভাৰম্ভ কৰে লোক সংস্কৃতিৰ গৱেষক বিষ্ণুৰাম মেধিয়ে ।

সাংবাদিক জ্যোতি প্ৰসাদ বৰাই আঁত ধৰা অনুষ্ঠানটিত শিল্পী আতিকুৰ ৰহমান , দীপক দাস , জিতু শ্ৰাৱন , কুমাৰ কিশোৰ , অভিজিৎ ৰাগ , দূৰ দিগন্ত , নিৰ্মালী শইকীয়াই , কীৰ্তি কৃষ্টি বৰা , দীপ বেজবৰাই চিৰসেউজ গীত পৰিবেশন কৰি জীপাল কৰি তোলাৰ বিপৰীতে কণমানি ভায়'লিনা শৰ্মাই সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ সম্পৰ্কে তত্ত্বগধুৰ বক্তব্য প্ৰদান কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে ।

ইফালে সৃষ্টিৰ সভাপতি তথা বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিং , সম্পাদক দুষ্মন্ত বৰা আদিকে ধৰি সকলো বিষয়-ববীয়া উপস্থিত থকা এই অনুষ্ঠানটিত ডিমৰীয়া কলেজৰ অধ্যাপক মোহিনী মোহন ডেকা , শিক্ষক ৰজত মুদৈ , সমাজকৰ্মী বকুল বৰাই সমাজ আৰু সংস্কৃতিৰ সম্পৰ্কে তাত্বিক বক্তব্য প্ৰদান কৰি অনুষ্ঠানটিক এক অনন্য মাত্ৰা প্ৰদান কৰে ।

চন্দ্ৰমোহন শৰ্মা , বীৰু শইকীয়া , পংকজ বৰাই কবিতা পাঠ কৰা এই অনুষ্ঠানটিতে নাট্যকৰ্মী নবীন বৰা আৰু ধ্ৰুৱজ্যোতি বৰঠাকুৰে নাটকৰ সংলাপ প্ৰক্ষেপ কৰি এক নাটকীয় পৰিবেশৰো সৃষ্টি কৰে । বাদ্যযন্ত্ৰৰ শিল্পী মুকুল বৰা , গুণকান্ত দাস , পদুম বৰাই বাদ্যযন্ত্ৰ সংগত কৰা এই অনুষ্ঠানটিত বহু কেইগৰাকী শিল্পী-সাহিত্যিক উপস্থিত থকাৰ লগতে অঞ্চলটোৰ বিভিন্নজন ব্যক্তিয়ে অংশ লৈ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com