সৰু পৰ্দাৰ অভিনেত্ৰী হিনা খানৰ আকৰ্ষণীয় ষ্টাইলে চৰ্চা লাভ কৰিছে অনুৰাগী সকলৰ মাজত

সৰু পৰ্দাৰ অভিনেত্ৰী হিনা খানৰ আকৰ্ষণীয় ষ্টাইলে চৰ্চা লাভ কৰিছে অনুৰাগী সকলৰ মাজত

সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী হিনা খানক দৰ্শকক সকলে প্ৰত্যক্ষ কৰিছে কছোটী কী জিন্দেগী ধাৰাবাহিকখনত ৷ হিনা খান দৰ্শক সকলৰ মাজত অভিনয়ৰ বাহিৰেও ষ্টাইলৰ কাৰণে ও বিখ্যাত ৷ হিনা খানে সততে বিভিন্ন ধৰণৰ ষ্টাইল,পোচাকেৰে বা যিকোনো ইভেন্টত পৰিধান কৰা পোচাকেৰে চৰ্চাৰ শীৰ্ষত থাকে ৷

শেহতীয়াকৈ হিনা খানৰ ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ফ’টো ভাইৰেল হৈছে ৷ ইফালে আন এখন ফ’টো হিনা খানক দেখা গৈছে পিংক পোচাকত ৷ ফ’টোখনত লিখিছে KomoSwag. ইফালে হিনা খানৰ ষ্টাইল,পোচাক এইসকলোবোৰ দৰ্শকৰ সন্মুখলৈ আহে যেতিয়া হিনাই বিগ বছত অংশগ্ৰহণ কৰে ৷

https://www.instagram.com/p/BvmW2wCDk8r/

বিগ বছত হিনা খানে বাৰুকৈয়ে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ৷যাৰ কাৰণে বিগ বছত হিনা খান অংশগ্ৰহণ কাৰী প্ৰতিযোগীসকলৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় বুলি চিহ্নিত হৈছিল ৷

কছোটী জিন্দেগী কী ধাৰাবাহিক খনত হিনা খান অৰ্থাৎ কম’লিকাৰ ব্ৰাইডেল লুকে চৰ্চা লাভ কৰিছিল সৰ্বত্ৰে ৷ সুন্দৰী হিনা খানৰ ষ্টাইলিছ লুকে সততে সকলোকে আকৰ্ষণ কৰে ৷ব্যতিক্ৰম নহয় কম’লিকা চৰিত্ৰটোও। কম’লিকা পোচাক,হিনাৰ মোহনীয় ৰূপ,আকৰ্ষণ মেকআপ তথা অভিনয়ে সকলোকে আকৃষ্ট কৰিছে হিনা খানে ৷

উল্লেখ্য যে,সৰু পৰ্দাৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ বিগ বছৰ পিছত “কছোটি জিন্দেগী কী”ত দেখা গৈছে হিনা খানক।”কছোটী জিন্দেগী কী”ধাৰাবাহিক খনত হিনাৰ লগতে অভিনয় কৰিছে পাৰ্থ চামথান আৰু এৰিকা ফাণাণ্ডেজে ৷পাৰ্থ ছামথানে অনুৰাগ বাসুৰ চৰিত্ৰত আৰু এৰিকা ফাণাণ্ডেজে প্ৰেৰণা বাসুৰ চৰিত্ৰত অভিনয় কৰিছে ৷

ধাৰাবাহিকখনৰ প্ৰত্যেকটো চৰিত্ৰত অতি নিখুঁত ভাৱে উপস্থাপন কৰা হৈছে ৷ ত্ৰিকোণ প্ৰেম কাহিনীৰ ধাৰাবাহিক খনৰ এটি প্ৰধান চৰিত্ৰ হৈছে কম’লিকা ৷ সৰু পৰ্দাৰ অভিনেত্ৰী হিনা খানে কম’লিকাৰ চৰিত্ৰটোত অভিনয় কৰি দৰ্শকৰ পৰা মৰম বুটলিবলৈ সক্ষম হৈছে। কাৰণ কম’লিকাৰ চৰিত্ৰটোত হিনা খানে প্ৰাণ ঢালি অভিনয় কৰিছে ৷

কিন্তু হিনা খান অৰ্থাৎ কম’লিকাৰ অনুৰাগী সকলৰ কাৰণে আছে এটি দুখবৰ ৷ কাৰণ অনতি পলমে ধাৰাবাহিক খনত দেখিবলৈ নাপাব কম’লিকা ৰূপী হিনা খানক । কাৰণ হিনা খানে সম্প্ৰতি ব্যস্ত হৈ পৰিছে ছবি জগতত ৷ হয়,অনুৰাগীয়ে চলচ্চিত্ৰত দেখিবলৈ পাব হিনা খানক। এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি এপ্ৰিলৰ পিচত আৰু কছোটি জিন্দেগী কী ২ ত দেখিবলৈ নাপাব হিনা খানক ৷ বিক্ৰম ভাট্টৰ এখন ছবিত হিনা ইতিমধ্যে চুক্তি বদ্ধ হৈছে ৷ এইখন হিনা খানৰ ডেবিউ ছবি হ’ব ৷ ছবিখন এগৰাকী মহিলাৰ ওপৰত আধাৰিত ৷ হিনা খানে এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব ৷

প্ৰথমতে সৰু পৰ্দাৰ জনপ্ৰিয় বোৱাৰীৰ চৰিত্ৰত অভিনয় কৰি সকলোৰে মাজত জনপ্ৰিয় হৈ ,সম্প্ৰতি সৰু পৰ্দাৰ নিগেটিভ চৰিত্ৰ এটাত অভিনয় কৰি দৰ্শকৰ মাজত জনপ্ৰিয় হ’ব পৰাটো এটা বৃহৎ প্ৰত্যাহ্বান ৷ কিন্তু হিনা খানে প্ৰচুৰ অধ্যৱসায়,প্ৰত্যাহ্বান সকলোকে হেলাঙৰে অতিক্ৰম কৰি হাজাৰ জনৰ মাজতো জিলিকি উঠিছে ৷অন্যহাতে,কেৱল অভিনয়ৰ জৰিয়তেই যে হিনাই দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে এনে নহয়,হিনা এগৰাকী গায়িকাও। “লগ জা গলে”গীতটি পুনৰ হিনা খানৰ কণ্ঠত বাণীবদ্ধ কৰি হিনা গায়িকা হিছাপেও জনপ্ৰিয়তা লাভ কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com