সৰু পৰ্দাৰ পৰা বিদায় ল’ব এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়েঃ কিন্তু কিয়?

সৰু পৰ্দাৰ পৰা বিদায় ল’ব এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়েঃ কিন্তু কিয়?

সৰু পৰ্দাৰ ধাৰাবাহিকৰ ৰাণী খ্যাত একতা কাপুৰে কছ'টি জিন্দেগী কী ২ ৰ জনপ্ৰিয়তাৰ কথা কোৱাৰ নিশ্চয় প্ৰয়োজন নাই ৷ ধাৰাবাহিক খনৰ নিয়মীয়া দৰ্শকৰ কাৰণে ক’ছোটিৰ প্ৰত্যেকটো চৰিত্ৰই প্ৰিয় ৷ কাৰণ ধাৰাবাহিকখনৰ প্ৰত্যেকটো চৰিত্ৰত অতি নিখুঁত ভাৱে উপস্থাপন কৰা হৈছে ৷ ত্ৰিকোণ প্ৰেম কাহিনীৰ ধাৰাবাহিক খনৰ এটি প্ৰধান চৰিত্ৰ হৈছে কম’লিকা ৷ সৰু পৰ্দাৰ অভিনেত্ৰী হিনা খানে কম’লিকাৰ চৰিত্ৰটোত অভিনয় কৰি দৰ্শকৰ পৰা মৰম বুটলিবলৈ সক্ষম হৈছে। কাৰণ কম’লিকাৰ চৰিত্ৰটোত হিনা খানে প্ৰাণ ঢালি অভিনয় কৰিছে ৷

কিন্তু হিনা খান অৰ্থাৎ কম’লিকাৰ অনুৰাগী সকলৰ কাৰণে আছে এটি দুখবৰ ৷ কাৰণ অনতি পলমে ধাৰাবাহিক খনত দেখিবলৈ নাপাব কম’লিকা ৰূপী হিনা খানক । কাৰণ হিনা খানে সম্প্ৰতি ব্যস্ত হৈ পৰিছে ছবি জগতত ৷ হয়,অনুৰাগীয়ে চলচ্চিত্ৰত দেখিবলৈ পাব হিনা খানক। এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি এপ্ৰিলৰ পিচত আৰু কছোটি জিন্দেগী কী ২ ত দেখিবলৈ নাপাব হিনা খানক ৷ বিক্ৰম ভাট্টৰ এখন ছবিত হিনা ইতিমধ্যে চুক্তি বদ্ধ হৈছে ৷ এইখন হিনা খানৰ ডেবিউ ছবি হ’ব ৷ ছবিখন এগৰাকী মহিলাৰ ওপৰত আধাৰিত ৷ হিনা খানে এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব ৷

অন্যহাতে ছবিখনত অভিনয় কৰা অন্যান্য অভিনেতাসকলৰ কথা সম্প্ৰতি পোহৰলৈ অহা নাই ৷ বি টাউনৰ খবৰ অনুসৰি এই ছবিখনৰ উপৰিও হিনা খান চুক্তি বদ্ধ হৈছে আন এখন ছবিত ৷ ছবি খনৰ নাম হৈছে লাইন্স ৷ এই ছবিখন কাৰ্গিলৰ ওপৰত আধাৰিত ৷ ছবিখনত হিনা খানৰ ওপৰিও ফৰিদা জালাল আৰু ঋষি ভূটানীয়ে অভিনয় কৰিব। নিৰ্দেশক হুছেইন খানৰ ছবি লাইন্সত অভিনয় কৰাৰ কাৰণেই হিনাই সৰু পৰ্দাৰ পৰা বিদায় লৈছে ৷

ইফালে কছোটি জিন্দেগীক কী ২ ৰ লীড ৰ’ল অনুৰাগ বাসু আৰু প্ৰেৰণা বাসুৰ দৰে কমোলিকাও এটি প্ৰধান চৰিত্ৰ ৷গতিকে এনে এটা চৰিত্ৰ তৎক্ষনাতে ধাৰাবাহিকৰ পৰা আঁতৰি যোৱাৰ লগে লগে ধাৰাবাহিক খনত বিৰূপ প্ৰভাৱ পৰিব পাৰে। সেয়হে চিন্তাত পৰিছে ধাৰাবাহিকৰ মেকাৰ্ছসকল ৷ এক তথ্য অনুসৰি অনুৰাগ বাসুৰ পিতৃ মলয় বাসু ক’মাৰ পৰা অহাৰ পিছত কমোলিকাৰ কু-কৰ্মৰ সকলো কথা প্ৰকাশ কৰিব ৷ আৰু কমোলিকাৰ সকলো মিছা কথা উলাই যোৱাৰ পিচতে ধাৰাবাহিকৰ পৰা অব্যাহতি ল’ব হিনা খানে ৷

ধাৰবাহিক খনত হিনাৰ ষ্টাইল,সংলাপ অভিনয় আছিল অত্যন্ত মোহনীয়। কম’লিকাৰ পোচাক,হিনাৰ মোহনীয় ৰূপ,আকৰ্ষণ মেকআপ তথা অভিনয়ে সকলোকে আকৃষ্ট কৰিছে হিনা খানে ৷ উল্লেখ্য যে,সৰু পৰ্দাৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ বিগ বছৰ পিছত “কছোটি জিন্দেগী কী”ত দেখা গৈছে হিনা খানক। কছোটী জিন্দেগী কী” ধাৰাবাহিক খনত হিনাৰ লগতে অভিনয় কৰিছে পাৰ্থ চামথান আৰু এৰিকা ফাণাণ্ডেজে ৷ পাৰ্থ ছামথানে অনুৰাগ বাসুৰ চৰিত্ৰত আৰু এৰিকা ফাণাণ্ডেজে প্ৰেৰণা বাসুৰ চৰিত্ৰত অভিনয় কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com