হেপী বাৰ্থ ডে বলীউডৰ চিৰসেউজ অভিনেত্ৰী মুমতাজ জেহান বেগম দেহলৱী

হেপী বাৰ্থ ডে বলীউডৰ চিৰসেউজ অভিনেত্ৰী মুমতাজ জেহান বেগম দেহলৱী

আজি ১৪ ফ্ৰেব্ৰুৱাৰী অৰ্থাৎ প্ৰেমৰ দিন ৷এই প্ৰেমৰ দিনটোতে জন্ম হৈছিল "বলীউডৰ ট্ৰেজেদী কুইন" মধুবালাৰ (Madhubala) । ১৯৩৩ চনৰ আজিৰ দিনটোতে হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ অভিনেত্ৰী মধুৱালাৰ জন্ম হৈছিল দিল্লীত ৷ পিতৃ অতাউল্লাহ আৰু মাতৃ আয়েশা বেগমৰ কন্যা আছিল মধুবালা ৷আপুনি জানি আচৰিত হ’ব যে মধুৱালাৰ প্ৰকৃত নাম আছিল মমতাজ জেহান দেহলৱী ৷ আৰু এই নামেৰেই মধুবালাক জানিছিল অভিনেত্ৰী গৰাকীৰ পৰিয়ালবৰ্গ তথা বন্ধু বান্ধবীসকলে ৷

ইয়াৰ পিছত ১৯৪২ চনত মমতাজ অৰ্থাৎ মধুবালাই প্ৰথম "বসন্ত"নামেৰে এখন ছবিত অভিনয় কৰে ৷ছবিখনত অভিনেত্ৰী গৰাকীৰ সাৱলীল অভিনয়ে চুই গ’ল চলচ্চিত্ৰ প্ৰেমীসকলৰ হৃদয়৷আৰু ছবিখনে কিছু সফলতা লাভ কৰে ৷ সেই সময়তে "বসন্ত"ছবিখন প্ৰত্যক্ষ কৰি জনপ্ৰিয় অভিনেত্ৰী দেৱীকা ৰাণী মমতাজ অৰ্থাৎ মধুবালাৰ অভিনয় প্ৰতি যথেষ্ট প্ৰভাৱিত হয়৷ লগতে দেৱীকা ৰাণীয়ে মমতাজক সাক্ষাৎ কৰি মমতাজৰ নাম মধুবালালৈ পৰিৱৰ্তন কৰে। আৰু ইয়াৰ পিছত মমতাজ জেহান দেহলবীক সকলোৰে মাজত মধুবালা নামেৰে প্ৰসিদ্ধি লাভ কৰে।

আহক জানো মধুবালাৰ জন্ম দিনত অভিনেত্ৰী গৰাকীৰ বিষয়ে কেইটিমান বিশেষ দিশঃ

মধুবালাক অভিনয়ৰ লগতে অভিনেত্ৰীগৰাকীক আকৰ্ষণীয় সুন্দৰতাৰ কাৰণেও জনা যায় ৷মধুবালাক "বিউটি অফ ট্ৰেজেদী" নামেৰে জনা যায় ৷মধুবালাৰ পিতৃয়ে ধপাঁত ফেক্টৰীত কাম কৰিছিল ৷ তাৰ পৰা মধুবালাৰ পিতৃ দিল্লীলৈ আহে আৰু ইয়াৰ পিছত মুম্বাইলৈ যাত্ৰা কৰে ৷ আৰু এই দিল্লীতে মধুবালাৰ জন্ম হয় ৷ইফালে সৰুৰে পৰাৰে এগৰাকী অভিনেত্ৰী হোৱাৰ সপোন দেখা মধুবালাৰ সপোন বাস্তবত ৰূপায়িত হৈছিল ৷১৯৪৭ চনত অহা ছবি "নীল কমল" ছবিখন মুমতাজ নামেৰে শেষৰখন ছবি আছিল মধুবালাৰ ৷এই ছবিখনত মধুবালাই ৰাজকাপুৰৰ লগত অভিনয় কৰে ৷ আৰু ইয়াৰ পিছতে মধুবালা সৌন্দৰ্য্যৰ দেৱী বুলি বিখ্যাত হৈ পৰে ৷ সেইসময়তে মধুবালাই বলীউডৰ চিৰসেউজ অভিনেত্ৰী আশোক কুমাৰ,দিলীপ কুমাৰ,দেৱানন্দৰ দৰে অভিনেতাৰ লগত কাম কৰে ৷

১৯৫৮ চনত মধুবালাই ভাৰতীয় চলচ্চিত্ৰৰ প্ৰসিদ্ধ ছবি ফাগুন,হাউৰা ব্ৰিজ,কালা পানী আৰু চলতী কা নাম গাড়ীৰ দৰে ছুপাৰহিট ছবি উপহাৰ দিয়ে বলীউডক ৷১৯৬০ চনত মধুবালাই বলীউডৰ প্ৰসিদ্ধ গায়ক দিলীপ কুমাৰৰ লগত বিবাহ পাশত আৱদ্ধ হয় ৷বিয়াৰ প্ৰাকমুহুৰ্তত কিশোৰ কুমাৰে ইছলাম ধৰ্ম গ্ৰহণ কৰে৷ আৰু নিজৰ নাম কৰীম আব্দুললৈ পৰিৱৰ্তন কৰে ৷ অন্যহাতে,মধুবালা এক ভয়ানক ৰোগত আক্ৰান্ত হৈছিল ৷আৰু বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত এই অসুখৰ চিকিৎসা কৰিবৰ কাৰণে লণ্ডনলৈ যাত্ৰা কৰে ৷

কিন্তু তেতিয়ালৈ বহুত দেৰী হৈ গৈছিল৷ লণ্ডনত চিকিৎসকে মধুবালাক দেখাৰ লগে লগে মন্তব্য কৰে যে অভিনেত্ৰী গৰাকী দুবছৰতকৈ অধিক সময় জীৱিত নাথাকে ৷ কাৰণ মধুবালাৰ হৃদয়ত হৈছিল এটি ফুটা ৷১৯৬৯ চনত মধুবালাই ফৰ্জ আৰু ইক্স ছবি দুখন নিৰ্দেশন কৰিব বিচাৰিল ৷কিন্তু সেয়া বাস্তব হৈ নুঠিল ৷ মধুবালাই ৩৬ বৰ্ষীয়া জন্মদিন পালন কৰা ৯ দিনৰ পিছত ১৯৬৯ চনৰ পিছত ২৩ ফেব্ৰুৱাৰীত লাখ লাখ অনুৰাগীক কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় লয় এই গৰাকী চিৰসেউজ অভিনেত্ৰীয়ে ৷

মধুবালায়ে অভিনয় কৰা ছবিসমূহৰ ভিতৰত আছিল মমতাজ মহল,ধন্যা ভগত,ৰাজপুতানী, পুজাৰী,ফুলবৰী,সাত সমুদ্ৰ কী মল্লিকা,মেৰে ভগৱান, খুবচুৰত দুনীয়া ,দিল কী ৰাণী,চিতোৰ বিজয়,নীলকমল,পৰাই আগ,লাল দুপট্টা,দেশ সেৱা,অমৰ প্ৰেম,চিংগাৰ,পাৰস, মহল,দুলাৰী,দৌলত, অপৰাধী,পৰদেশ,বাদল,নাদান,আৰাম,খজানাআৰমান,অমৰ আদি ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com