২০১৮ বৰ্ষৰ দিপাৱলী আৰু সুন্দৰ কৰি তোলক আল্পনা(ৰংগোলী)ৰ সৈতে; ফটো আৰু ভিডিঅ'

২০১৮ বৰ্ষৰ দিপাৱলী আৰু সুন্দৰ কৰি তোলক আল্পনা(ৰংগোলী)ৰ সৈতে; ফটো আৰু ভিডিঅ'

পোহৰৰ উৎসৱ দিপাৱলীৰ সৈতে আজি আৰম্ভ হৈছে ধনটেৰেছ । উৎসৱেই হৈছে পোহৰৰ সেয়ে ইয়াৰ লগত জড়িত প্ৰধান অংশ হৈছে,ঘৰৰ সাজ-সজ্জা(decorations) । সাজ সজ্জা বুলি ক'লে চাকি,বিভিন্ন ৰংচঙীয়া চাকি-বন্তি,ম'ম(floating candles),বিভিন্ন ধৰনৰ লাইট(string lights), খোৱা বস্তু বুলি ক'লে বিভিন্ন ধৰনৰ মিঠাই,জেলেপী,লাডু আদিৰ কথা ক'ব পাৰি ।

এই আটাইবোৰতকৈ গুৰুত্বপূৰ্ন দিৱালী লগত জড়িত বস্তু হৈছে আল্পনা(ৰংগোলী) । আল্পনাৰ অবিহনে দিপাৱলী আধৰুৱা । নিজ ঘৰ খন সৰুৱে হঁওক নাইবা ডাঙৰে হঁওক পোহৰৰ উৎসৱ দিপাৱলীৰ সময়ত ঘৰ খনক আটক-ধুনীয়াকৈ সজাই পৰাই তোলাৰ বাবে সকলোৱে চেষ্টা কৰে । চাকি,লাইট আদি সমূহে ঘৰ খনক সুন্দৰ কৰি তুলে সঁচা কিন্তু আল্পনাৰ অবিহনে ই আধৰুৱা হৈ পৰে ।

সেয়ে আজি আপোনালোকলৈ আগবঢ়াইছো কিছু সুন্দৰ দুন্দৰ ৰংগোলী তথা আল্পনাৰ ডিজাইন । নিজৰ ঘৰ হঁওক নাইবা অফিচ হঁওক তলত দিয়া সুন্দৰ ডিজাইন সমূহে আপোনাৰ ঘৰ-অফিচ সজাই তুলাত সহায় কৰিব ।

https://www.youtube.com/watch?v=25j-QVTB9Fc

https://www.instagram.com/p/BprDbdYAlL5/

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com