২৪ ঘণ্টীয়া অসম বন্ধ: জাগীৰোডত ৩০ জন প্ৰতিবাদকাৰী আটক

২৪ ঘণ্টীয়া অসম বন্ধ: জাগীৰোডত ৩০ জন প্ৰতিবাদকাৰী আটক

অসম জনগোষ্ঠীয় সংস্থা সমণ্বয় সমিতিয়ে আহ্বান জনোৱা অসম বন্ধৰ ফলত অসমৰ বিভিন্ন প্ৰান্তত দৈনন্দিন জীৱন প্ৰভাবিত হৈ পৰে। গুৱাহাটী মহানগীত বন্ধৰ প্ৰভাৱ পৰা দেখা পোৱা নগ'ল, বন্ধৰ সময়ত গুৱাহাটীত স্বাভাবিক জীৱন যাত্ৰা অব্যাহত থাকে। অসমৰ জনগোষ্ঠীয় লোকৰ প্ৰাধান্য

থকা অঞ্চল সমূহ যেনে-জাগীৰোড, মৰিগাঁও, বিটিচি আদি অঞ্চলত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হয়।

এচটি সংশোধনী বিধেয়ক-২০১৯ খনৰ বিৰোধিতাৰে আজি ২৪ ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰা হৈছিল। প্ৰতিবাদকাৰী সকলে ছয় জনগোষ্ঠীক এচটি মৰ্য্যদা প্ৰদান কৰাৰ বাবে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। বন্ধৰ শেহতীয়া খবৰ অনুসৰি জাগীৰোডত আৰক্ষীয়ে ৩০ জন বন্ধৰ সমৰ্থকক আটক কৰিছে। জাগীৰোডত প্ৰাপ্ত খবৰ অনুসৰি প্ৰতিবাদকাৰী সকলে ৰাষ্ট্ৰীয় ঘাইপথত হিংসাত্মক কাৰ্য্যপন্থা গ্ৰহণ কৰা বুলি প্ৰকাশ পাইছে।প্ৰতিবাদকাৰী সকলে ৰাষ্ট্ৰীয় ঘাইপথত বহু যানবাহন আবদ্ধ কৰি থয়। জাগীৰোডৰ ৰাজপথত হোৱা এই উগ্ৰ প্ৰতিবাদ নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক আটক কৰে। প্ৰতিবাদস্থলীৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে অতিৰিক্ত আৰক্ষী বাহিনী মোতায়ন কৰা হয়।

অসম বন্ধৰ আহ্বান জনোৱা প্ৰতিবাদকাৰী সকলে এচটি বিধেয়ক সংশোধনী বিধেয়ক-২০১৯ বাতিল কৰাৰ বাবে বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই বিধেয়ক গৃহীত হ'লে আহোম, চুতীয়া, মৰাণ, মটক আৰু চাহ জনগোষ্ঠী সকলে এচটি মৰ্যদা লাভ কৰিব। নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ক লৈ অসমৰ অগ্নিগৰ্ভা পৰিস্থিতিক শান্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক এচটি মৰ্য্যদা প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল। জনগোষ্ঠীয় সংগঠন সমূহে ১১ জানুৱাৰী ৰাতিপুৱা ৫ বজাৰ পৰা অসম বন্ধ ঘোষণা কৰিছে। অসম বন্ধ ঘোষণা কৰা সমৰ্থক সকলে অসম চৰকাৰে ছয় জনগোষ্ঠীক এচটি মৰ্য্যদা প্ৰদান কৰি প্ৰকৃত জনগোষ্ঠীয় লোক সকলক বঞ্চিত কৰিব বিছাৰিছে।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ:

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com