৯ এপ্ৰিলৰ ৫ বজাৰ পৰা ১১ এপ্ৰিলৰ ৫ বজালৈকে ড্ৰাই ডে ঘোষণা তিনিচুকীয়া জিলা প্ৰশাসনৰ

৯ এপ্ৰিলৰ ৫ বজাৰ পৰা ১১ এপ্ৰিলৰ ৫ বজালৈকে ড্ৰাই ডে ঘোষণা তিনিচুকীয়া জিলা প্ৰশাসনৰ

প্ৰথম পৰ্যায় ভোট গ্ৰহণৰ আগমুহুৰ্ত তিনিচুকীয়া জিলা প্ৰশাসনে ড্ৰাই ডে ঘোষণা কৰিছে । ৩২৬(a) অসম আয়কৰ নিয়ম ২০১৬ আৰু পি আৰ এক্ট ১৯৫১ ৰ অধিনত ৯ এপ্ৰিলত সন্ধিয়া ৫ বজাৰ পৰা ১১ এপ্ৰিলৰ সন্ধিয়া ৫ বজালৈকে তিনিচুকীয়া জিলা উপায়ুক্ত আৰু জিলা মেজিচট্ৰেত ঐনাম শৰণকুমাৰে এই নিৰ্দেশনা দিছে । ২৩ মেত ফলাফল ঘোষণা কৰা হব । এই কেইদিন ড্ৰাই ডে ঘোষণা কৰিছে প্ৰশাসনে ।

আনহাতে তেজপুৰতো ড্ৰাই ডে ঘোষণা কৰা হৈছে । তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত শোণিতপুৰ জিলাত ড্ৰাই ডে ঘোষণা কৰি জিলা উপায়ুক্তয়ে । তেজপুৰ লোকসভা সমষ্টি ৰ ৯ ট এইচ পি চি ৯ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ১১ এপ্ৰিলৰ ৫ বজালৈকে ড্ৰাই ডে ঘোষণা কৰিছে ।

আনহাতে ২৩ মেত ফলাফল ঘোষণা কৰা হব । ২৩ মেতো ড্ৰাই ডে ঘোষণা কৰা হৈছে । ভোট গননাৰ সময়ছোৱা বন্ধ ৰাখিব সুৰাৰ বিপনী ।

উল্লেখযোগ্য যে ৯ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈকে জিলা খনৰ সকলো চৰকাৰী অনুঞ্জাপত্ৰ থকা সুৰাৰ বিপনী আৰু গুদাম সমুহো বন্ধ থাকিব । এই সময়ছোৱাত যিকোনো নিচাযুক্ত সামগ্ৰী বিক্ৰী আৰু তৈয়াৰ কৰাতো নিষেধাজ্ঞা আৰোপ কৰিছে ।

অসম ৩ টা পৰ্যায়ত অনুষ্ঠিত হব ভোট গ্ৰহণ । ১১ এপ্ৰিলত অনুষ্ঠিত হব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ । ১৮ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত ভোট গ্ৰহণ অনুষ্ঠিত হব আৰু ২৩ এপ্ৰিলত অনুষ্ঠিত হব তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। ২৩ মেত ফলাফল ঘোষণা কৰা হব ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com