ৰঞ্জী ট্ৰফীত অসম আৰু উত্তৰ প্ৰদেশৰ মাজৰ খেল ড্ৰৰূপে সামৰণি

ৰঞ্জী ট্ৰফীত অসম আৰু উত্তৰ প্ৰদেশৰ মাজৰ খেল ড্ৰৰূপে সামৰণি

অসম আৰু উত্তৰ প্ৰদেশৰ মাজৰ ৰঞ্জী ট্ৰফীৰ খেলখন ড্ৰ ৰূপে সামৰণি পৰে। উত্তৰ প্ৰদেশৰ কানপুৰৰ গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা অসম আৰু উত্তৰ প্ৰদেশৰ মাজৰ ৰঞ্জী ট্ৰফীৰ এলীট গ্ৰুপ চিৰ ৯ নং ৰাউণ্ডৰ খেলখনত ঘৰুৱা দল উত্তৰ প্ৰদেশে টছত জয়ী হৈ প্ৰথমে বলিঙ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অসমে প্ৰথম ইনিংছত উত্তৰ প্ৰদেশৰ ব'লাৰ সকলৰ সুন্দৰ বলিঙৰ সন্মুখত তিষ্ঠিৱ নোৱাৰি আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১৭৫ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।অসমৰ হৈ পল্লৱ কুমাৰ দাসে সৰ্বাধিক ৭৫ ৰাণ সংগ্ৰহ কৰাৰ বাদে বাকী সকল বেটছমেন ব্যৰ্থ হয়। উত্তৰ প্ৰদেশৰ হৈ প্ৰথম ইনিংছত বলিঙত য়াছ ডয়াল আৰু সৌৰভ কুমাৰে তিনিটাকৈ উইকেট দখল কৰে।

অসমৰ ১৭৫ ৰাণৰ প্ৰত্যুত্তৰত উত্তৰ প্ৰদেশে প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে বিশাল ৬১৯ ৰাণ। উত্তৰ প্ৰদেশৰ দুই মিডিল অৰ্ডাৰ বেটছমেন ৰিংকু সিং আৰু উপেন্দ্ৰ যাদৱে শতৰাণ অৰ্জণ কৰে।ৰিংকু সিঙে ১৪৯ ৰাণ আৰু উপেন্দ্ৰ যাদৱে ১৩৮ ৰাণ সংগ্ৰহ কৰে। দুই শতৰাণ কাৰী বেটছমেনৰ উপৰিও মহম্মদ শ্বয়ীফ, আকাশদ্বীপ নাথ আৰু সৌৰভ কুমাৰে অৰ্ধশতৰাণ সংগ্ৰহ কৰে।অসমৰ হৈ বলিঙত ৰঞ্জিত মালীয়ে ৪ টা, জিতুমণি কলিতা আৰু গকুল শৰ্মাই ২ টাকৈ উইকেট দখল কৰে। এটাকৈ উইকেট দখল কৰে অৰুপ দাস আৰু মুখটাৰ হুছেইনে।

প্ৰথম ইনিংছত বিশাল ৰাণৰ ব্যৱধানত পিছপৰি থকা অসমে পৰাজয়ৰ পৰা হাত সাৰিবলৈ দ্বিতীয় ইনিংছ আৰম্ভ কৰে।অসমৰ দুই অপেনাৰ ঋষভ দাস আৰু ৰাহুল হাজৰিকাই সতৰ্কতাৰে খেলি শতকীয় পাৰ্টনাৰশ্বিচ গঢ়ি দলক বিপৰ্যয়ৰ পৰা উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখে। দলীয় ৰাণ ১০৪ হওঁতে ব্যক্তিগত ৩৭ ৰাণত ঋষভ দাসৰ ৰূপত দলে প্ৰথমটো উইকেট হেৰুৱাই। ঋষভ দাসৰ পিছত বেটিং কৰিবলৈ আহে গকুল শৰ্মা। গকুল শৰ্মা আৰু ৰাহুল হাজৰিকাই খেলিব আৰম্ভ কৰোতে দলীয় ৰাণ ১১০ ৰাণত ব্যক্তিগত ৬৩ ৰাণত ৰাহুল হাজৰিকা আউট হৈ পেভিলিয়ণলৈ উভতে। দলক পৰাজয়ৰ পৰা ৰক্ষা কৰাৰ বাবে গকুল শৰ্মাৰ লগ লাগে আনজন মিডিল অৰ্ডাৰ বেটছমেন স্বৰুপম পুৰুকায়স্থ। দুয়ো সংঘবদ্ধভাবে খেলি দলক ২২২ ৰাণত উপনীত কৰোতে ব্যক্তিগত ৬৭ ৰাণত স্বৰুপম পুৰুকায়স্থৰ উইকেট হেৰুৱাই।

দলৰ অধিনায়ক অমিত সিনহাই দায়িত্বজ্ঞানহীন বেটিঙেৰে কোনো ৰাণ নকৰাকৈ পেভিলিয়নলৈ উভতি যোৱাৰ সময়তে দলে পুনৰ পৰাজয়ৰ আকংশাত ভোগে। আনটো মুৰত ধৈৰ্য্যৰে খেলি থকা গকুল শৰ্মাৰ লগ লাগে পল্লৱ কুমাৰ দাস। গকুল শৰ্মা আৰু পল্লৱ কুমাৰ দাসে উত্তৰ প্ৰদেশৰ ব'লাৰৰ বিৰুদ্ধে সাৱলীল ভাবে খেলি দলক পৰাজয়ৰ গৰাহৰ পৰা ৰক্ষা কৰি খেলখন ড্ৰ ৰূপে সামৰণি মাৰে। গকুল শৰ্মাই দলৰ সংকতৰ সময়ত দায়িত্বপূৰ্ণ বেটিঙৰে শতৰাণ অৰ্জন কৰি দলক উদ্ধাৰ কৰে। পল্লৱ কুমাৰ দাসে সংগ্ৰহ কৰে ৪০ ৰাণ। গকুল শৰ্মাৰ এই প্ৰদৰ্শনে দলৰ সকলো সদস্যৰ মনোবল যথেষ্ট বৃদ্ধি কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী:

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com