ৰঞ্জী ট্ৰফীত চাৰ্ভিচেছৰ বিৰুদ্ধে দুৰ্বল আৰম্ভণি অসমৰ: প্ৰথম দিনৰ অন্তত অসমৰ ৬ উইকেটত সংগ্ৰহ ১৭০ ৰাণ

ৰঞ্জী ট্ৰফীত চাৰ্ভিচেছৰ বিৰুদ্ধে দুৰ্বল আৰম্ভণি অসমৰ: প্ৰথম দিনৰ অন্তত অসমৰ ৬ উইকেটত সংগ্ৰহ ১৭০ ৰাণ

দিল্লীৰ পালাম ষ্টেডিয়ামত অসম আৰু চাৰ্ভিচেছৰ মাজত আজি আৰম্ভ হোৱা ৰঞ্জী ট্ৰফীৰ এলিট গ্ৰুপ-চিৰ ৰাউণ্ড-৬ৰ এখন খেলত প্ৰখমে বেট ধৰি দুৰ্বল আৰম্ভণি কৰিছে অসমে। চাৰ্ভিচেছে টছত জয়ী হৈ অসমক প্ৰথমে বেটিঙ কৰাৰ বাবে আমন্ত্ৰণ জনাই আৰু অসমৰ দুই অপেনাৰ পল্লৱ কুমাৰ দাস আৰু ঋষভ দাসে সাবলীল ভাবে খেলি থকাৰ সময়তে দলীয় স্কোৰ ৪০ ৰাণত প্ৰথমটো উইকেট হেৰুৱাই। প্ৰথম দিনাৰ খেল সামৰণি পৰালৈ অসমে ৬ টা উইকেট হেৰুৱাই ১৭০ ৰাণ সংগ্ৰহ কৰে। অধিনায়ক অমিত সিনহাই ৩২ ৰাণত আৰু জিতুমনি কলিতাই ৪ ৰাণত বেটিঙ কৰি আছে। অসমৰ হৈ বেটিঙত পল্লৱ কুমাৰ দাসে ২৯ ৰাণ, ঋষভ দাসে ২৫ ৰাণ আৰু গকুল শৰ্মাই ৪৯ ৰাণ কৰে। পুনৰ ব্যৰ্থ হয় শিৱশংকৰ ৰয়, কুনাল শইকীয়া আৰু স্বৰূপম পূৰুকায়স্থ। চাৰ্ভিচেছৰ হৈ বলিঙত দিৱেচ পাথানিয়াই ২ টা, শচীন্দ্ৰ পাণ্ডে ২ টা আৰু মোজাফাৰুদ্দিন খালিদে ২ টা উইকেট দখল কৰে।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com