ৰঞ্জী ট্ৰফীৰ শ্বাসৰূদ্ধকৰ খেলত গোৱাৰ বিৰুদ্ধে অসমৰ জয়লাভ

ৰঞ্জী ট্ৰফীৰ শ্বাসৰূদ্ধকৰ খেলত গোৱাৰ বিৰুদ্ধে অসমৰ  জয়লাভ

অসম আৰু গোৱাৰ মাজত ৰঞ্জী ট্ৰফীৰ এখন খেলত অসমে চমৎকাৰ বিজয় সাব্যস্ত কৰিছে। ২০১৮-১৯ বৰ্ষৰ ৰঞ্জী ট্ৰফীৰ এলীট গ্ৰুপ-চিৰ সপ্তম ৰাউণ্ডৰ এখন খেলত অসমে গোৱাক সাত ৰাণত পৰাস্ত কৰে। গুৱাহাটীৰ অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট খেল পথাৰত অনু্ষ্ঠিত খেল খনত গোৱাই টছত জয়ী হৈ অসমক প্ৰথমে বেটিঙ কৰাৰ বাবে আমন্ত্ৰণ জনাই। অসমে প্ৰথমে বেটিঙ কৰিবলৈ নামি দলীয় স্কোৰ ২ ৰাণতে অপেনাৰ

পল্লৱ কুমাৰৰ উইকেট হেৰুৱাই। পল্লৱ কুমাৰ দাসক পেভিলিয়নৰ বাট দেখুৱাই গোৱাৰ বেগী বলাৰ লক্ষ্য গাৰ্গে। আনজন অপেনাৰ বিপ্লৱ শইকীয়াই ধৈৰ্য্যৰে খেলি দলীয় স্কোৰ আহবঢ়াই নিব ধৰোতে ব্যক্তিগত ৪১ ৰাণত নিজৰ উইকেট হেৰুৱাই। ব্যৰ্থ হয় মিডিল অৰ্ডাৰ বেটছমেন ঋষভ দাস আৰু শিৱশংকৰ ৰয়। শিৱশংকৰ ৰয় কোনো ৰাণ নকৰাকৈ পেভিলিয়নলৈ উভতি যায় আৰু ঋষভ দাসে ১৪ ৰাণৰ বৰঙণি যোগায়। গকুল শৰ্মা আৰু

অমিত শিনহাই কিছু প্ৰতিৰোধ গঢ়াৰ চেষ্টা কৰিলেও শেষ ৰক্ষা নহ'ল। অসমে প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ১৭৫ ৰাণ সংগ্ৰহ কৰে। অসমৰ হৈ স্বৰূপম পুৰুকায়স্থই ৩১ ৰাণ, ৱাছিকুৰ ৰহমানে ১৯ ৰাণ, অৰূপ দাসে ৮ ৰাণ, ৰঞ্জিত মালী ১৯ ৰাণ আৰু মুখতাৰ হুছেইনে কোনো ৰাণ নকৰাকৈ পেভিলিয়ন মুখি হয়। গোৱাৰ হৈ সুন্দৰ বলিঙ কৰি লক্ষ্য গাৰ্গে ৫ টা উইকেট দখল কৰে, গোৱাৰ হৈ খেলা অসমৰ কৃষ্ণ দাসে ২

টা উইকেট দখল কৰে আৰু ফেলিক্স লেমাও আৰু অমিত ভাৰ্মাই ক্ৰমে ২ টা আৰু এটাকৈ উইকেট দখল কৰে।

অসমৰ প্ৰথম ইনিংছৰ প্ৰতুত্তৰত গোৱাই নিজৰ প্ৰথম ইনিংছ আৰম্ভ কৰি আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৯৩ ৰাণ। গোৱাৰ হৈ অপেনাৰ চাগুন কামটে ২৯ ৰাণ, চুমিৰণ আমোনকাৰে ৩৫ ৰাণ সংগ্ৰহ কৰে। ব্যৰ্থ হয় অমিত ভাৰ্মা আৰু দৰ্শন মিশাল, শুহাস কাথানকাৰে সংগ্ৰহ কৰে সৰ্বোচ্চ ৬৯ ৰাণ। গোৱাৰ বাকী সকল বেটছমেন ঘৰুৱা দল অসমৰ বলাৰ সকলৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত প্ৰত্যাহবান আগবঢ়াব নোৱাৰিলে।অসমৰ হৈ বলিঙত অৰূপ দাসে তিনিটা, ৰঞ্জিত দাসে দুটা, মুখটাৰ হুছেইনে তিনিটা আৰু পল্লৱ কুমাৰ দাসে দুটা উইকেট দখল কৰে। প্ৰথম ইনিংছত ১৮ ৰাণত পিছপৰি ৰোৱা অসমে নিজৰ দ্বিতীয় ইনিংছ সতৰ্কতাৰে আৰম্ভ কৰি খেলিবলৈ লয় কিন্তু দলীয় স্কোৰ ২৫ ৰাণত ইন ফৰ্ম বেটছমেন বিপ্লৱ শইকীয়াৰ উইকেট হেৰুৱাই, আনজন অপেনাৰ ঋষভ দাসে দলৰ সংকটৰ সময়ত দায়িত্বশীল ভাবে খেলি অৰ্ধশতক সংগ্ৰহ কৰে। ব্যক্তিগত ৬৭ ৰাণত ঋষভ দাসক দৰ্শন মিচালে বিদায় দিয়ে। প্ৰথম ইনিংছত ব্যৰ্থ হোৱা ঘৰুৱা দলৰ দুই বেটছমেন শিৱশংকৰ ৰয আৰু গকুল শৰ্মা পুনৰ ব্যৰ্থ হয়। অধিনায়ক অমিত সিনহা আৰু পল্লৱ কুমাৰ দাসে দলৰ এই সময়ত উদ্ধাৰকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈ দয়িত্বশীল ভাবে খেলি এক সন্তোষজনক স্থিতি প্ৰদান কৰে। অমিত সিনহাই ৫২ ৰাণ কৰাৰ বিপৰীতে পল্লৱ কুমাৰ দাসে সংগ্ৰহ কৰে ২৫ ৰাণ। অসমৰ যুৱ উইকেট ৰক্ষক ৱাছিকুৰ ৰহমানে গুৰুত্বপূৰ্ণ সময়ত সংগ্ৰহ কৰে ২৪ ৰাণ। অসমে দ্বিতীয় ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২৩৫ ৰাণ। গোৱাৰ হৈ দ্বিতীয় ইনিংছত কৃষ্ণ দাসে ৪ টা উইকেট, লক্ষ্য গাৰ্গে দুটা আৰু দৰ্শন মিচালে এটা উইকেট দখল কৰে।

২১৭ ৰানৰ বিজয় লক্ষ্যৰে খেলিবলৈ আৰম্ভ কৰি গোৱাই মাত্ৰ সাত ৰাণৰ ব্যৱধানত থমকি ৰয়। অসমৰ বলাৰৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মূখত আটাইকেটা উইকেট হেৰুৱাই গোৱাই ২১০ ৰাণত নিজৰ ইনিংছ সামৰে। গোৱাৰ হৈ দ্বিতীয় ইনিংছত অমিত বাৰ্মাই ৭৪ ৰাণ আৰু লক্ষ্য গাৰ্গে ৭৩ ৰাণৰ বৰঙনি আগবঢ়াই। ইয়াৰ বাহিৰে গোৱাৰ আন সকলো বেটছমেন ব্যৰ্থ হয়। অসমৰ বেগী বলাৰ অৰুপ দাসে দৰ্শনীয় বলিঙ প্ৰদৰ্শনেৰে ছয়টা উইকেট দখল কৰে। অৰুপ দাসৰ উপৰিও মুখটাৰ হুছেইনে তিনিটা আৰু ৰঞ্জিত মালীয়ে এটা উইকেট দখল কৰে।উল্লেখ্য যে এইবাৰ অসমৰ ব'লাৰ কৃষ্ণ দাসে প্ৰথম বাৰৰ বাবে নিজৰ ৰাজ্যৰ বিৰুদ্ধে খেলিছে। অসমে চলিত ৰঞ্জী ট্ৰফী প্ৰতিযোগিতাত জয় আৰু পৰাজয়ৰে মিশ্ৰিত প্ৰদৰ্শন ডাঙি ধৰিছে।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com