ৰণত পৰিল কোহলী বাহিনী : অষ্ট্ৰেলিয়াৰ চমকপ্ৰদ বিজয়

ৰণত পৰিল কোহলী বাহিনী : অষ্ট্ৰেলিয়াৰ চমকপ্ৰদ বিজয়

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ দ্বিতীয় খন খেলত অষ্ট্ৰেলিয়াই চমকপ্ৰদ বিজয় সাব্যস্ত কৰিছে।পাৰ্থত অনুষ্ঠিত খেল খনত অষ্ট্ৰেলিয়াই প্ৰথমে টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত লয় আৰু আটাইকেইটা উইকেট হেৰুৱাই ৩২৬ ৰাণ সংগ্ৰহ কৰে। অষ্ট্ৰলিয়াৰ হৈ হেৰিচে ৭০ ৰাণ, এৰোণ ফিন্সে ৫০ আৰু শ্বন মাৰ্চে ৪৫ ৰাণ, ট্ৰেভিছ হেডে ৫৮ ৰাণ আৰু টিম পাইনে ৩৮ ৰাণ সংগ্ৰহ কৰে। ব্যৰ্থ হয় উচমান খোজা আৰু পিটাৰ হেণ্ডচকম। ভাৰতৰ হৈ বলিঙত ইশান্ত শৰ্মাই ৪ টা, জাচপ্ৰীত বুমৰাহ, উমেশ যাদব আৰু হনুমা বিহাৰীয়ে দুটাকৈ উইকেট দখল কৰে। অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ প্ৰতুত্তৰত ভাৰতে নিজৰ প্ৰথম ইনিংছ আৰম্ভ কৰি আৰম্ভণিতে বিপদত পৰে। ভাৰতৰ দুই অপেনাৰ মূৰুলী বিজয় আৰু লোকেশ ৰাহুলে ব্যক্তিগত ভাবে শূণ্য আৰু দুই ৰাণ কৰি আউট হয়। ভাৰতৰ অধিনায়ক বিৰাট কোহলীয়ে সুন্দৰ খেল প্ৰদৰ্শন কৰি ১২৩ ৰাণ কৰি টেষ্ট কেৰিয়াৰত আন এটা শতৰাণ সম্পুৰ্ণ কৰে। কোহলীক প্ৰথম ইনিংছত সহযোগিতা আগবঢ়াই সহঅধিনায়ক আজিংক ৰাহানে। ৰাহানে ৫৩ ৰাণ কৰে। ব্যৰ্থ হয় হনুমা বিহাৰী, ঋষভ পণ্ট। অষ্ট্ৰেলিয়াৰ হৈ প্ৰথম ইনিংছত স্পিনাৰ নাথান লিয়নে ৫ টা উইকেট দখল কৰে। মিচেল ষ্টাৰ্ক, হেজেলহুড আৰু পেট কামিনছে ২ টাকৈ উইকেট দখল কৰে।

অষ্ট্ৰেলিয়াই নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰি আটাইকেইটা হেৰুৱাই ২৪৩ ৰাণ সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ দ্বিতীয় ইনিংছত উচমান খোজাই ৭২ ৰাণ, হেৰিছে ২০ ৰাণ, এৰোণ ফিন্সে ২৫ ৰাণ, টিম পাইনে ৩৭ ৰাণ সংগ্ৰহ কৰে। ব্যৰ্থ হয় শ্বন মাৰ্চ, হেণ্ডচকম আৰু ট্ৰেভিচ হেড। ভাৰতৰ হৈ বেগী বলাৰ মহম্মদ ছামীয়ে দখল কৰে ৬ টা উইকেট, জাচপ্ৰীত বুমৰাহে তিনিটা আৰু ইশান্ত শৰ্মাই এটা উইকেট দখল কৰে।

ভাৰতে ২৮৬ ৰাণৰ বিজয় লক্ষ্য আগত ৰাখি পুনৰ বাৰ কোনো ৰাণ সংগ্ৰহ নকৰাকৈ অপেনাৰ লোকেশ ৰাহুলৰ উইকেট হেৰুৱাই, ভাৰতৰ নিৰ্ভৰযোগ্য মিডিল অৰ্ডাৰ বেটছমেন চেতেশ্বৰ পূজাৰাও ৪ ৰাণ কৰি উইকেট কীপাৰ টিম পাইনৰ হাতত কেচ দি হেজেলহুদৰ স্বীকাৰ হয়। মূৰুলী বিজয় আৰু অধিনায়ক বিৰাট কোহলীয়ে কিছু প্ৰত্যাহবান গঢ়াৰ চেষ্ঠা কৰিলেও ব্যৰ্থ হয় শেষ ৰক্ষা কৰাত। কোহলীয়ে ১৭ ৰাণ আৰু বিজয়ে ২০ ৰাণ কৰি আউট হয়। আজিংক ৰাহানেও ৩০ ৰাণ কৰি হেজেলহুজৰ স্বীকাৰ হয়।ব্যৰ্থ হয় ৰিঋভ পণ্ট আৰু হনুমা বিহাৰী।অষ্ট্ৰেলিয়াৰ হৈ চতুৰ্থ ইনিংছত মিচেল ষ্টাৰ্কে ৩ টা, নাথান লিয়নে ৩ টা, হেজেলহুদ আৰু পেট কামিনছে ২ টা উইকেট দখল কৰে।

দ্বিতীয় খন টেষ্টত ভাৰতে এজনো স্পীনাৰ নেখেলোৱাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ নাথান লিয়নে দুয়োটা ইনিংছত দখল কৰে ৮ টা উইকেট। এই বিজয়েৰে অষ্ট্ৰেলিয়াই ক্ৰমাগত ভাবে টেষ্টত জয়ী নোহোৱাৰ পৰম্পৰা ভংগ কৰে। ভাৰত আৰু অষ্ট্ৰেলিয়াই চাৰিখন খেলৰ শৃখলাটোত ১-১ ত সমতা স্থাপন কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com