ৰহাত পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ

ৰহাত পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ

কংগ্ৰেছৰ ১৫বছৰীয়া শাসনৰ ওৰ পেলাই দিছপুৰৰ গাদী দখল কৰিলে পৰিৱৰ্তনকামী বিজেপি চৰকাৰে । কিন্তু পৰিৱৰ্তনৰ মুখ নেদেখিলে ৰহা সমষ্টিৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত বকুলগুৰি গাওঁ পঞ্চায়ত এলেকাৰ লোকসকলে । এই অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে । বিগত পাঁচটা বছৰত পঞ্চায়তটোৰ সভাপতি নুৰজামাল লস্কৰে উন্নয়নমূলক কামৰ বাবদ আৱন্টিত ধনৰ সিংহভাগ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

বকুলগুৰি পঞ্চায়তৰ নিজাম উদ্দিন নামৰ প্ৰতিবন্ধী ব্যক্তি এজনে সভাপতি লস্কৰৰ বিৰুদ্ধে ধন আত্মসাৎতৰ এক অভিযোগ দাখিল কৰিছে কামপুৰ আৰক্ষী নিৱেশত । অভিযোগ মতে, সভাপতি নুৰজামাল লস্কৰে নিজাম উদ্দিনৰ পৰা তিনি লাখ পঞ্চাশ হাজাৰ টকা ধাৰলৈ বুলি লৈছিল যদিও সেই ধন উভতাই বিচাৰোতে নিজাম উদ্দিনক ভয়-ভাবুকি প্ৰদান কৰিছে সভাপতি জনে । শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰখনক, এনে পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com