ৰাজ্যত নিৰ্বাচনী উৎসুকতাঃ কলিয়াবৰত কংগ্ৰেছৰ অগ্ৰগতি

ৰাজ্যত নিৰ্বাচনী উৎসুকতাঃ কলিয়াবৰত কংগ্ৰেছৰ অগ্ৰগতি

প্ৰতিটো মূহুৰ্ততে বাঢ়িছে নিৰ্বাচনী ফলাফলৰ উৎসুকতা ৷ সম্প্ৰতি বৰপেটা সমষ্টিত আগবাঢ়ি আছে কংগ্ৰেছ। কংগ্ৰেছৰ আব্দুল খালেকে আগবাঢ়ি আছে ৪৭১৪৯৮ টা ভোটত ৷ শতকৰা হিছাপত আব্দুল খালেকে পোৱা ভোটৰ হাৰ হৈছে ৪১.৭৪ ৷ ইয়াৰ বিপৰীতে অসম গণ পৰিষদৰ কুমাৰ দীপক দাসে লাভ কৰিছে ৪১৮৭২৮ টা ভোটত।

ইফালে,কলিয়াবৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ লাভ কৰিছে ৬২০৪০১ ভোটত ৷ ইয়াৰ বিপৰীতে অসম গণ পৰিষদে লাভ কৰিছে ৪৯৪৭৯৯ টা ভোট ৷ শতকৰা হিছাপত গৌৰৱ গগৈ আগবাঢ়ি আছে ৫৩.১১ শতাংশত আৰু মণি মাধৱ মহন্ত আগবাঢ়ি আছে ৪২.৩৬ শতাংশত ৷

অন্যহাতে নগাঁৱত আগবাঢ়ি আছে কংগ্ৰেছ ৷ কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ এই পৰ্যন্ত্য লাভ কৰিছে ৫০৪২৪৬ ৷ আৰু ৰূপক শৰ্মা আগবাঢ়িছে ৪৮৮৩৬ টা ভোটত ৷শতকৰা হিচাপত প্ৰদুৎ বৰদলৈ আগবাঢ়িছে ৪৯.৭৯ শতাংশ ভোটত আৰু ৰুপক শৰ্মা আগবাঢ়িছে ৪৮.১৯ ভোটত ৷

অন্য খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com