ৰাজ্যত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা

ৰাজ্যত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা

সমাগত পঞ্চায়ত নিৰ্বাচন ৷ গতিকে ককাঁলত টঙালী বান্ধী সাজু হৈছে প্ৰতিদ্বন্দিতা কৰা দলসমূহ ৷ সম্প্ৰতি, মুঠ ১৫,৮৯৯খন আসনৰ বাবে হ’ব লগীয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ৪৪,৭৩১গৰাকীয়ে মনোনয়ন দাখিল কৰিছে৷২৫১টা জিলা পৰিষদৰ সদস্য পদৰ বাবে ৮৮১জন,

১,৩০৪ আঞ্চলিক পঞ্চায়ত সদস্যৰ বাবে ৩,৯৩৫জন,

১,৩০৪ পঞ্চায়ত সভাপতিৰ বাবে ৪,৪৯৩গৰাকী আৰু

১৩,০৪০ পঞ্চায়ত সদস্যৰ বাবে ৩৫,৪২৩গৰাকীয়ে মনোনয়ন দাখিল কৰিছে ৷

অন্যহাতে, ৫ ডিচেম্বৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ পূৰ্বৰ তুলনাত এইবাৰ হ্ৰাস পাইছে প্ৰাৰ্থীৰ সংখ্যা,

পদে প্ৰতি ৩জনকৈ কম সংখ্যক প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা এইবাৰৰ নিৰ্বাচনত | উল্লেখ্য যে, পূৰ্বৰ তুলনাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ সংখ্যা হ্ৰাস পোৱাৰ সন্দৰ্ভত নিৰ্বাচনী আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই কয় যে, শিক্ষাগত অৰ্হতা, সন্তানৰ সংখ্যা, শৌচালয়ৰ বাধ্যবাধকতা কৰাৰ বাবে আৱেদনকাৰীৰ সংখ্যা কমিছে৷ উল্লেখ্য যে, শেহতীয়াকৈ নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলৰ প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ ক্ষেত্ৰত কিছু নিয়মৰ সূচনা কৰিছিল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com