ৰাজ্যপালৰ ভাষণত প্ৰতিক্ৰিয়া বিৰোধীৰঃ সীমিত মন্তব্যৰে ভাষণ সমাপ্ত ৰাজ্যপালৰ

ৰাজ্যপালৰ ভাষণত প্ৰতিক্ৰিয়া বিৰোধীৰঃ সীমিত মন্তব্যৰে ভাষণ সমাপ্ত ৰাজ্যপালৰ

ৰাজ্যপালৰ ভাষণত ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত কোনো ধৰণৰ তথ্য নাই ৷এই মন্তব্য ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু এআইইউডিএফৰ। সোমবাৰৰ পৰা আৰম্ভ হোৱা বিধানসভাৰ অধিবেশনত ৰাজ্যপাল জগদীশ মুখীয়ে (Jagdish Mukhi) কয় যে আমি শান্তি,সদভাৱ,বন্ধন,তথা উজ্জ্বল ভৱিষ্যতৰ কাৰনে সকলোৰে ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷ ইফালে এনে সময়তে অগপৰ নেতা অতুল বৰাই লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ অগপৰ সভাপতি বৰাই কয় যে, ৰাজ্যপালৰ ভাষণত অসমত বৰ্তমান বিৰুপ প্ৰভাৱ পেলোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য নাই ৷ সেয়েহে ৰাজ্যপালৰ ভাষণক বিৰোধ কৰে বৰাই ৷

অতুল বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগে লগে কংগ্ৰেছ আৰু এআই ইউ ডি এফৰ অন্যান্য নেতাসকলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ আৰু "অসম বচাওঁ,ভাৰত বচাওঁ","অসম চুক্তিক বাস্তৱায়িত কৰক",আদি শ্ল’গানেৰে উত্তাল কৰে সদনৰ মজিয়া ৷ ইয়াৰ লগে লগে বিজেপি আৰু বিৰোধী সকলৰ মাজত তীব্ৰ বাকবিতণ্ডাৰ সৃষ্টি হয়। কংগ্ৰেছ আৰু এআই ইউ ডি এফৰ অভিযোগ যে ৰাজ্যপালে ৰাজ্যৰ শান্তি আৰু সদভাৱৰ কাৰণে যি মন্তব্য আগবঢ়ালে সেয়া সম্পূৰ্ণ মিছাঁ ৷

অন্যহাতে সচাঁ কথা এয়ে যে, সম্প্ৰতি নাগৰিকত্ব সংশোধনী বিধেয়কৰ কাৰণে ৰাজ্যত উত্তাল অব্যাহত আছে ৷ ইফালে বিধানসভাত প্ৰায় ১০ মিনিট সময় হোৱা উত্তালৰ কাৰণে ৰাজ্যপাল জগদীশ মুখীয়ে তেওঁৰ ভাষণ সীমিত কৰিবলৈ বাধ্য হয় ৷ অন্যহাতে বিধানসভাৰ বাহিৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে ৰাজ্যত আৰ্শীবাদৰ ৰূপত শান্তি আৰু সদ্ভাৱ বৰ্তাই ৰখাৰ কাৰণে ৰাজ্যপালে উল্লেখ কৰিছে ৷কিন্তু সচাঁ কথা এয়ে যে,অসমখনত বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ ৰ কাৰণে পৰিস্থিতি উত্তাল হৈ আছে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কখন লোকসভাত গৃহীত কৰি অসম চুক্তিক উলংঘন কৰিছে ৷ ধৰ্ম আধাৰত নাগৰিকত্ব প্ৰদান কৰি ভাৰতৰ সংবিধানক উলংঘন কৰিছে ৷ এই বিতৰ্কিত বিধেয়কে অসমীয়া-বঙালীৰ উপৰিও হিন্দু মুছলিমৰ মাজত বিভেদৰ সৃষ্টি কৰিছে ৷

উল্লেখ্য যে, বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয় যে,দিছপুৰত বিজেপি অথবা আৰএছএছৰ চৰকাৰ আছে বুলি আমাৰ সন্দেহ আছে ৷ইফালে প্ৰয়াত ড° ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিয়াৰ প্ৰসংগৰ কথা উল্লেখ কৰি কয় যে,সদ্যহতে প্ৰয়াত ভূপেন হাজৰিকাক ভাৰত ৰত্নৰে সন্মানিত কৰাক লৈও সন্দেহৰ আৱৰ্ত্তত। জনসাধাৰণৰ সন্দেহ যে ৰাজনৈতিক লাভালাভৰ কাৰণেই এই পদক্ষেপ লোৱা হৈছে ৷ লগতে শইকীয়াই কয় যে ড° ভূপেন হাজৰিকাক বহু আগতেই এই সন্মান প্ৰদান কৰিব লাগিছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com