ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৭৮.২৩ শতাংশ ভোটদান

ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৭৮.২৩ শতাংশ ভোটদান

ৰাজ্যৰ নিৰ্বাচনৰ বিভাগৰ বিষয়ববীয়াৰ এক বিশেষ সূত্ৰৰ মতে অসমৰ পাঁচখন নিৰ্বাচন ক্ষেত্ৰৰ লোকসভা নিৰ্বাচনৰ (Lok Sabha) প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰায় ৭৮.২৩ শতাংশ ভোটদান হয় ৷ তেজপুৰ,কলিয়াবৰ, যোৰহাট,ডিব্ৰুগড় আৰু লক্ষীমপুৰৰ নিৰ্বাচন ক্ষেত্ৰত ৪১ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে ।

ৰাজ্যৰ নিৰ্বাচন আয়োগৰ এক বিশেষ সূত্ৰই শুক্ৰবাৰে অন্তিম ভোটদানৰ সম্পৰ্কে তথ্য প্ৰকাশ কৰি দ্য চেন্টিনেলৰ সন্মুখত কয় যে কলিয়াবৰত হয় সকলোতকৈ অধিক ভোটদান। কলিয়াবৰত ভোটদান হয় ৮২.০৯ শতাংশ ৷ইয়াৰ পিছত তেজপুৰত হয় ৭৯.১৫ শতাংশ,যোৰহাটত হয় ৭৭.৪৯ শতাংশ ভোটদান,ডিব্ৰুগড়ত ভোটদান হয় ৭৭.২৬ শতাংশ আৰু লক্ষীমপুৰত ভোটগ্ৰহণ হয় ৭৪.৮১ শতাংশ ভোটগ্ৰহণ হয়।

২০১৪ চনৰ নিৰ্বাচনত সংসদীয় নিৰ্বাচনত তেজপুৰত হৈছিল ৭৪.০৬ শতাংশ ভোটগ্ৰহণ,কলিয়াবৰত হৈছিল ৮০.১৭ শতাংশ ভোটগ্ৰহণ,যোৰহাটত হৈছিল ৭৮.৩৭ শতাংশ ভোটগ্ৰহণ,ডিব্ৰুগড়ত হৈছিল ৭৯.৩৭ শতাংশ , লক্ষীমপুৰত হৈছিল ৭৭.৭৮ শতাংশ ভোটগ্ৰহণ হৈছিল ৷ আৰু পাঁচখন নিৰ্বাচন ক্ষেত্ৰতে ভোটদান হৈছিল ৭৮.৭৯ শতাংশ।

বিভিন্ন সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি কলিয়াবৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত ধিঙ বিধানসভা ক্ষেত্ৰত বৃহস্পতিবাৰে ৯১.৫৩ শতাংশ ভোটদান হয় ৷ অন্যহাতে প্ৰায় ৭৬,০৩,৪৫৮ ভোটদাতাই ডিব্ৰুগড়,যোৰহাট, কলিয়াবৰ,লখীমপুৰ আৰু তেজপুৰত ৯,৫৭৪ টা ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। বৃহস্পতিবাৰে হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভিভিপিএটি মেচিনৰ দ্বাৰা অসমৰ সকলো ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান হৈছিল ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com