ৰাজ্যৰ বিধায়কসকলৰ এমএলএএলএডিৰ পৰিকল্পনাত নতুন নীতি

ৰাজ্যৰ বিধায়কসকলৰ এমএলএএলএডিৰ পৰিকল্পনাত নতুন নীতি

ৰাজ্যৰ ১২৬ জন বিধায়কৰ ভিতৰত ১০ জনে বিত্তীয় বৰ্ষ ২০১৮-১৯ ৰ কাৰণে বিধায়কৰ স্থানীয় ক্ষেত্ৰৰ বিকাশৰ পুঁজিৰ পৰা কোনো অনুদান লাভ নকৰে ৷ ইফালে বিত্তীয় বৰ্ষৰ অন্তিম দিন চলিত বৰ্ষৰ ৩১ মাৰ্চ । অৱশ্যে এই ১০ গৰাকী বিধায়কে বিধায়কৰ স্থানীয় ক্ষেত্ৰ বিকাশৰ আধাৰত পুঁজি লাভ কৰিব,যেতিয়া পুঁজিৰ ব্যৱহাৰৰ কাৰণে নিৰ্ধাৰিত বেঞ্চমাৰ্ক লাভ কৰিব ৷ ৰাজ্যৰ ১২৬ বিধায়কৰ প্ৰত্যেকৰ অঞ্চলৰ উন্নয়নৰ কাৰণে বছৰি লাভ কৰে ১ কোটি টকা ৷ ইফালে,অসমত এনেধৰণৰ বিকাশৰ গতি অত্যন্ত সীমিত ৷

দিছপুৰত ২০১৬ চনত বিজেপি চৰকাৰ শাসনলৈ আহিছিল। চৰকাৰে এমএলএএলএডিৰ পুঁজি জাৰি কৰাৰ কাৰণে এক নীতি নিৰ্ধাৰিত কৰিছিল৷যিয়ে পুঁজিৰ নীতিক বিকাশৰ দিশত আগবঢ়াই নিবলৈ উপযোগী আছিল ৷ অন্যহাতে, পৰিৱৰ্তন আৰু বিকাশ বিভাগৰ এক মূল্যাংকন বৈঠকত এই কথা পোহৰলৈ আহিছে যে ২০১৮-১৯ বৰ্ষৰ ৫৫ জন বিধায়কৰ কাৰণে এমএলএএলএডি পুঁজি জাৰি কৰাৰ কাৰণে নিৰ্ধাৰিত বেঞ্চমাৰ্কত সম্পূৰ্ণ কৰিব পাৰে ৷

এনেধৰণৰ স্থিতিত ৭০ ৰতকৈ অধিক বিধায়কে বিত্তীয় ২০১৮-১৯ বৰ্ষৰ কাৰণে এমএলএএলএডি পুঁজি জাৰি কৰিব নোৱাৰে ৷ বিধায়কৰ স্থানীয় ক্ষেত্ৰত বিকাশ আৰু ধনৰ মুকলি কৰাৰ কাৰণে ৰাজ্য চৰকাৰে বেঞ্চমাৰ্কৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। এনেধৰণৰ নীতিৰ কাৰণি নিৰ্ধাৰিত মানদণ্ড আছে ৷ বিধায়ক সকলে উন্নয়নৰ পুঁজি লাভ কৰিবৰ কাৰণে পূৰ্বৱৰ্তী বৰ্ষৰ ৭০ শতাংশ ধন আৰু বৰ্ষৰটোৰ প্ৰথমত ৮৫ শতাংশ ধন ব্যৱহাৰ কৰিব লাগিব ৷

টিএণ্ডডি বিভাগৰ এক বিশেষ সূত্ৰৰ মতে অসম গণ পৰিষদৰ বঙাইগাঁৱৰ বিধায়ক আৰু মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু কংগ্ৰেছৰ বাঘবৰৰ বিধায়ক শেৰমান আলী আহমদে বিধায়ক পুঁজিৰ ব্যৱহাৰত উত্তম প্ৰদৰ্শন কৰিছে ৷ এজন বিধায়কে আঁচনিসমূহৰ কাৰ্য্যৱৰ্তন কৰাৰ কাৰণে বিধায়ক পুঁজিৰ ব্যৱহাৰ আৰু নিৰ্মাণ কমিটীৰ কাৰণে মঞ্জুৰী দিব লাগে। আঁচনিৰ কাৰ্যাৱৰ্তনৰ দায়িত্ব আঁচনিৰ নিৰ্মাণ কমিটীৰ ওচৰত থাকে ৷ ইফালে এই ক্ষেত্ৰত উপায়ুক্তসকলে আঁচনি সমূহত ধন সঠিক ভাৱে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত দৃষ্টি ৰাখিব লাগে।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com