ৰাজ্য সভাৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ

ৰাজ্য সভাৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ

ৰাজ্য সভাৰ বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা আৰু অগপৰ প্ৰাৰ্থী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যয়ে মনোনয়ন পত্ৰ দাখিল কৰে । বিধানসভাত দাখিল কৰিলে মনোনয়ন পত্ৰ।মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, পৰ্যটক মন্ত্ৰী চন্দন ব্ৰহ্ম উপস্থিত থাকে ।লগতে কমলি বসুমতাৰী, থানেশ্বৰ বসুমতাৰী, প্ৰসান্ত ফুকন, আংগুৰলতা ডেকাৰ লগতে আৰু বহু কেইজন উপস্থিত থাকে।

সোমবাৰে অসম বিধানসভাত অনুষ্ঠিত বিধায়নী দলৰ বৈঠকৰ পাছতে নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে কামাখ্যা প্ৰসাদ তাছাৰ নাম প্ৰকাশ কৰে। এই বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে । ৰাজ্য সভাৰ আন খন আসনৰ বাবে অসম গণ পৰিষদে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক প্ৰাৰ্থীত্ব প্ৰদান কৰে ।

অসমৰ ৰাজ্য সভাৰ দুখন আসনত বৰ্তমান প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙ আৰু শান্তিয়াজ কুজুৰ আছে। ১৪ জুনত কাৰ্যকাল শেষ হব মনমোহন সিঙ আৰু শান্তিয়াজ কুজুৰ। ৭ জুনৰ পূৰ্বে ৰাজ্য সভাৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ কৈছিল নিৰ্বাচনী আয়োগে ।

অধিক খবৰৰ বাবে পঢ়ক :ব্ৰেকিং নিউজ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com