ৰাষ্ট্ৰপতি ভৱনৰ বৃহৎ অনুষ্ঠানত ৮,০০০ অতিথিৰ উপস্থিতিত মোদীয়ে শপত গ্ৰহণ কৰিব

ৰাষ্ট্ৰপতি ভৱনৰ বৃহৎ অনুষ্ঠানত ৮,০০০ অতিথিৰ উপস্থিতিত মোদীয়ে শপত গ্ৰহণ কৰিব

আজি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হব মোদী শপত গ্ৰহণ অনুষ্ঠান । ঐতিহাসিক স্থানত বৰ্ণাঢ্য অনুষ্ঠানত প্ৰায় ৮ ,০০০ অতিথি উপস্থিত থাকিব । সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হব শপত গ্ৰহণ অনুষ্ঠান। BIMSTEC দেশৰ নেতা উপস্থিত থাকিব এই অনুষ্ঠানত ।

বিশ্বৰ বিভিন্ন দেশৰ নেতাৰ লগতে , মুখ্যমন্ত্ৰী, দলৰ নেতা আৰু বিৰোধীৰ নেতা, কূটনীতিজ্ঞ, ৰাষ্ট্ৰদূত আৰু চেলিব্ৰেটি উপস্থিত থাকিব মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত । প্ৰায় ১০০ ৰো অধিক এন আৰ আইও উপস্থিত থাকিব এই অনুষ্ঠানত ।

ৰাষ্ট্ৰপতি ভবনৰ ফৰকোৰ্টত অনুষ্ঠিত হব শপত গ্ৰহণ অনুষ্ঠানৰ । ২০১৪ চনতো এই অনুষ্ঠানতে শপত গ্ৰহণ কৰিছিল বিজেপি চৰকাৰে। ২০১৪ চনত প্ৰায় ৫০০০ লোক উপস্থিত আছিল ।

আজি শপত গ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা জাতিৰ পিতা মহাত্মা গান্ধী আৰু বিজেপিৰ জেষ্ঠ নেতা প্ৰয়াত অটল বিহাৰী বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইণ্ডিয়া গেটৰ সমিপত নেচনেল ওৱাৰ মেমৰিয়েলতো পুস্পাঞ্জলি আগবঢ়াই। পুৱা ৭ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজঘাটত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি আগবঢ়াই ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com