Begin typing your search above and press return to search.

১৩ খন ৰয়েল এনফিল্ড চুৰি বাইক জব্দ গুৱাহাটী ৰেলৱে ষ্টেচনত

১৩ খন ৰয়েল এনফিল্ড চুৰি বাইক  জব্দ গুৱাহাটী ৰেলৱে ষ্টেচনত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Oct 2019 1:17 PM GMT

১৩ খন ৰয়েল এনফিল্ড চুৰি বাইক জব্দ গুৱাহাটী ৰেলৱে ষ্টেচনত ।এক বৃহৎ সাফল্য । বুধবাৰে গুৱাহাটী ৰেলৱে ষ্টেচনৰ পাৰ্চেল কাৰ্যালয়ত ১৩ খন চুৰি ৰয়েল এনফিল্ড বাইক জব্দ কৰা হয় । গুৱাহাটী ৰেলৱে পুলিচৰ এক উৎস অনুসৰি গুৱাহাটী ৰেলৱে ষ্টেচনত উদ্ধাৰ হোৱা চুৰি কৰা বাইক কেইখন দিল্লীৰ পৰা পঠোৱা হৈছিল । যি নহওক গুৱাহাটীৰ চৰকাৰী ৰেলৱে পুলিচ ( government railway police ) এ দিল্লী কতৃপক্ষৰ লগত এই সম্পৰ্কে জনাইছে ।

চৰকাৰী ৰেলৱে পুলিচৰ আৰক্ষী অধীক্ষক মহেশ বৈশ্যই চেন্টিনেল জনায় যে দিল্লীৰ বিভিন্ন পুলিচ ষ্টেচনত ইতিমধ্যে ১২ খন চুৰি বাইকৰ গোচৰ ৰুজু কৰিছে ।এই ঘটনা সম্পৰ্কে দিল্লী চৰকাৰী ৰেলৱে পুলিচৰ সহায় কৰিছে গুৱাহাটী চৰকাৰী ৰেলৱে পুলিচে ।

চুৰি হোৱা বাইক সমূহৰ উপৰিও আন এক সাফল্য গঢ়ে গুৱাহাটী ৰেলৱে পুলিচে । গুৱাহাটী ৰেলৱে ষ্টেচনত জব্দ কৰা হয় ৬৬ টা মোবাইল ফোন । লগতে আটক কৰে মোবাইল ফোন চুৰি কাৰ্যত জড়িত থকা দুজন ধৃতক । এই ধৃত লোক দুজন হ'ল চাহাবুদ্দিন আৰু আব্দুচ চাটাৰ । এই ধৃত লোক দুজন পশ্চিম বংগৰ মালডাৰ বুলি জানিব পৰা গৈছে।

অধিক খবৰৰ বাবে পঢ়ক: জাতিৰ পিতাৰ স্বচ্ছ আৰু সেউজ দেশ গঢ়াৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Batadrava MLA Angoorlata Deka appeals for boycott of single-use plastic in State

Next Story
চাকৰি