Begin typing your search above and press return to search.

মেনিকিয়ৰ কৰি এইচআইভি সংক্ৰমিত ২২ বছৰীয়া যুৱতীৰ

মেনিকিয়ৰ কৰি এইচআইভি সংক্ৰমিত ২২ বছৰীয়া যুৱতীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Sep 2019 12:53 PM GMT

নিউয়ৰ্কত এগৰাকী ২২ বছৰীয়া যুৱতীৰ লগত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ কাৰণ ২২ বছৰীয়া এই ব্ৰাজিল যুৱতী গৰাকীৰ দেহত সংক্ৰমিত হৈছে এইচআইভি ৷ এই সন্দৰ্ভত চিকিৎসকে কয় যে এইয়া এক নতুন ধৰণে সংক্ৰমিত হোৱা এইচআইভি। এক সূত্ৰৰ মত অনুসৰি যেতিয়া যুৱতীগৰাকীয়ে দেহত এইচআইভি থকাৰ বিষয়ে জানিছিল তেতিয়া আচৰিত হৈ পৰিছিল ৷কাৰণ এইআইভি বিয়পিব লগা কোনো ধৰণৰ কামেই কৰা নাছিল যুৱতীগৰাকীয়ে ৷

ইফালে বহু পৰীক্ষা নিৰীক্ষাৰ অন্তত ওলাল যে যুৱতীগৰাকীয়ে মেনিকিয়ৰ পেডিকিয়ৰ কৰোতে সম্পৰ্কীয় এটা ভাতৃয়ে ব্যৱহাৰ কৰা যন্ত্ৰ পাতি ব্যৱহাৰ কৰিছিল ৷আৰু সেই সম্পৰ্কীয় ভাতৃ জনৰ এইচআইভি পজিটিভ হিছাপে প্ৰতিবেদন পাইছিল । যুৱতীগৰাকীৰ তেজ পৰীক্ষাৰ অন্তত জানিবলৈ পায় যে ১০ বছৰৰ পূৰ্বেই এই ভাইৰাচ সংক্ৰমিত হৈছিল ৷

লগতে মেনিকিয়ৰ পেডিকিয়ৰ কৰাওঁতে এই এইচআইভি সংক্ৰমিত হৈছিল বুলিও সন্দেহ কৰা হয় ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী চিকিৎসক ড° বিৰেন ফ’লেই জনসাধাৰণক এইআইভিৰ দ্বাৰা সংক্ৰমিত লোকসকলৰ লগত সহযোগ কৰিবলৈ কোনো কাৰণতে ভয় নকৰিবলৈ কয় ৷ কাৰণ সম্পৰ্ক থাকিলেই সংক্ৰমণ নহয়। এইচআইভি থকা মানুহৰ লগত যোগাযোগ কৰিলে,বাছন বৰ্তন ব্যৱহাৰ কৰিলে,একেটা গিলাচত পানী সেৱন কৰিলেই এইচআইভি সংক্ৰমণ নহয়।

ইফালে মেনিকিয়ৰ পেডিকিয়ৰ কৰাওতে এইআইভি সংক্ৰমিত হোৱাতো দুৰ্লভ। কিন্তু এইচআইভি থকা লোকৰ তেজ আদান প্ৰদান যাতে নহয় তাৰ প্ৰতি সাৱধান হ’ব লাগে। লগতে বেজিৰ চিৰিঞ্জ ব্যৱহাৰ কৰোঁতেও সাৱধান হ’ব লাগে ৷ কাৰণ সাৱধানৰ মৰণ নাই ৷কেৱল বেজিৰ চিৰিঞ্জেই নহয় আপুনি যদি পাৰ্লাৰত গৈ মেনিকিউৰ পেডিকিয়ৰ কৰিছে তেন্তে আপোনাক কৰাৰ আগতে যাতে সামগ্ৰী সমূহ ভালকৈ চাফা কৰি লয়,তাৰ প্ৰতি মন দিয়ক।

অন্য খবৰৰ বাবে পঢ়ক: এটি নৱজাত শিশুক চাবলৈ জনসাধাৰণে ভিৰ কৰিছে চিকিৎসালয়ত:উপায়ন্তৰ চিকিৎসক

ভিডিঅ প্ৰতক্ষ্য কৰক:NFR promotes Clean India initiative of 'Swachhta Hi Seva' in Assam

Next Story
চাকৰি