ক’ৰ’না ভাইৰাছ : কেৰালাত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হ’ল তিনি বছৰীয়া শিশু

ক’ৰ’না ভাইৰাছ : কেৰালাত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হ’ল তিনি বছৰীয়া শিশু

ক’ৰ’না ভাইৰাছ : কেৰালাত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হ’ল তিনি বছৰীয়া শিশু

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ত্ৰাসৰ সৃষ্টি কৰা মাৰাত্মক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সম্প্ৰতি কেৰালাত এটি তিনি বছৰীয়া শিশু আক্ৰান্ত হৈছে। ইয়াৰ পূৰ্বেও দক্ষিণ ভাৰতৰ এই ক্ষুদ্ৰ ৰাজ্যখনত কে’বাজনো লোক এই জটিল ৰোগত আক্ৰান্ত হৈছিল। দেশৰ প্ৰথমজন ক’ৰ’না ভাইৰাছ ৰোগী কেৰালাৰ আছিল। সম্প্ৰতি তেওঁৰ অৱস্থা সুস্থ। এনেদৰে ৰাজ্যখনত ইজনৰ পাছত সিজনকৈ লোক এই মাৰাত্মক ৰোগত আক্ৰান্ত হ’বলৈ ধৰাত চৌদিশে তীব্ৰ আতংকৰ সৃষ্টি হৈছে।ইতিমধ্যে ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যতে কঠোৰ সতৰ্কতা জাৰি কৰিছে। এনে অৱস্থাতে এই তিনি বছৰীয়া শিশুটি ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। চৰকাৰী তথ্য অনুসৰি শিশুটিৰ পিতৃ-মাতৃয়ে ইটালী ভ্ৰমণ কৰিছিল। উল্লেখ্য যে চীনৰ পাছত ইটালীতে সৰ্বাধিকসংখ্যক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। তদুপৰি ভাৰত ভ্ৰমণলৈ অহা ইটালীৰ একাধিক পৰ্যটকৰ দেহতো ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। বৰ্তমানলৈ ভাৰতত ৪১ জন লোক এই ৰোগ আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে।

আনহাতে, দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছতে কেৰালাৰ এই তিনি বছৰীয়া শিশুটিক চিকিত্সালয়ৰ আছুতীয়া কক্ষত চিকিত্সা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। সম্প্ৰতি শিশুটি আৰ্ণাকুলাম মেডিকেল কলেজত চিকিত্সাধীন হৈ আছে।তদুপৰি শিশুটিৰ পিতৃ-মাতৃকো চিকিত্সকৰ নিৰীক্ষণত ৰখাৰ ব্যৱস্থা কৰা হৈছে। ইপিনে, কেৰালাৰ স্বাস্থ্যমন্ত্ৰী কে কে শৈলাজাই শিশুটিৰ পিতৃ-মাতৃক সমালোচনা কৰিছে। অভিযোগ অনুসৰি বিদেশ ভ্ৰমণৰ পৰা উভতি অহাৰ সময়ত বিমানকোঠত স্বাস্থ্য পৰীক্ষা কৰোৱা নাছিল দম্পতীহালে। দম্পতীহালৰ এনে কাৰ্যত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰিছে।উল্লেখ্য যে দেশৰ প্ৰথমগৰাকী ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ব্যক্তি আছিল কেৰালাৰ ত্ৰিশূৰৰ এগৰাকী ২৪ বছৰীয়া যুৱতী। ক’ৰ’না ভাইৰাছে প্ৰথম দেখা দিয়া চীনৰ য়ুহানত আছিল যুৱতীগৰাকী। এই ৰোগে যুহানত মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়তে তেওঁ ত্ৰিশূৰত উপস্থিত হয়। তাৰ পাছতে তেওঁৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। তেতিয়া তেওঁক ত্ৰিশূৰ মেডিকেল কলেজত ভৰ্তি কৰা হয়।

তাত কিছুদিন চিকিত্সা গ্ৰহণৰ পাছত তেওঁ সুস্থ হোৱাত তেওঁক চিকিত্সকে ঘৰলৈ যাবলৈ দিয়ে। সম্প্ৰতি তেওঁৰ অৱস্থা সুস্থ। আনহাতে. ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ নিৰ্দেশত সমগ্ৰ দেশত ৫২টা পৰীক্ষাগাৰ স্থাপন কৰা হৈছে। ইতিমধ্যে সাৱধানতামূলক পদক্ষেপৰূপে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। এনে পদক্ষেপৰ অংশস্বৰূপে স্বাস্থ্য মন্ত্ৰ্যালয়ে ইৰান, ইটালী, জাপান আৰু দক্ষিণ কোৰিয়াৰ পৰ্যটকৰ ভাৰত ভ্ৰমণৰ ক্ষেত্ৰত বাধ্যবাধকতা আৰোপ কৰিছে।

ভিডিঅ প্ৰতক্ষ্য কৰকঃ Doul Govinda Temple agog as Holi begins

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com