অসমৰ চিকিৎসাসেৱাত জৰিত নাৰ্চসকলৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ

অসমৰ চিকিৎসা সেৱাত নিয়োজিত নাৰ্চসকলে কেৱল ৰোগীসকলক সেৱা কৰিব জানিলেই ন’হব৷ নাৰ্চসকলৰ কম্পিউটাৰ জ্ঞান আৰু সাৱলীলভাৱে মত বিনিময় কৰাৰ ক্ষমতা থাকিব লাগিব। আৰু ইয়াৰ কাৰণে তেওঁলোকে ল’ব প্ৰশিক্ষণ ৷ দ্য চেন্টিনেলৰ সৈতে হোৱা কথা বাৰ্তাত স্বাস্থ্য বিভাগৰ এক বিশেষ সূত্ৰই জনাই যে চৰকাৰে নাৰ্চসকলৰী সাৱলীলতাৰে মত বিনিময় আৰু কম্পিউটাৰ প্ৰশিক্ষণ ভাৰতীয় নাৰ্চসকলৰ পৰিষদৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰা হৈছে।
ইফালে,স্বাস্থ্য সেৱাত হোৱা বিভিন্ন পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য কৰি নাৰ্চসকলৰ সাৱলীল কথন শৈলী আৰু কম্পিউটাৰ জ্ঞান আৱশ্যক হৈ পৰিছে ৷কাৰণ কিছুমান নাৰ্চৰ ৰোগীসকলৰ লগত মত বিনিময় কৰাৰ ক্ষমতা অতি নগন্য আৰু মত বিনিময়ৰ ধৰণ উপযু্ক্ত নহলে ৰোগী আৰু নাৰ্চসকলৰ মাজত বুজা বুজি হোৱাত ব্যাঘাত জন্মে ৷
দ্বিতীয়তে, অসমৰ নাৰ্চসকলৰ স্থান যাতে কেৰালাৰ পিছত থাকে তাৰ কাৰণে বহু গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে বিভাগে । লগতে নাৰ্চসকলৰ ইংৰাজী ভাষাটো যাতে সাৱলীলতাৰে ক’ব পাৰে তাৰ কাৰণে ব্যৱস্থা ল’ব। কাৰণ ইয়াৰ দ্বাৰা নাৰ্চসকলৰ দেশ বিদেশত নিযুক্তি লাভ কৰাত সুবিধা হ’ব ৷ ইফালে চৰকাৰী অথবা ব্যক্তিগত বিদ্যালয়ত অধ্যয়ন কৰা প্ৰায় ১৫০০ নাৰ্চ প্ৰতিবছৰে উত্তীৰ্ণ হয়। ইয়াৰে কিছুসংখ্যক বহিঃৰাজ্যলৈ নিযুক্তিৰ সন্ধানত যায় যদিও উপযুক্ত কথন শৈলীৰ অভাৱত তেওঁলোক নিযুক্তিৰ পৰা বঞ্চিত হয় ৷
সম্প্ৰতি আমি নাৰ্চসকলৰ মত বিনিময় আৰু কম্পিউটাৰ জ্ঞান বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিছোঁ৷ যাতে তেওঁলোকে বিশ্বৰ যিকোনো ঠাইতে কাম কৰিব পাৰে ৷ এই মন্তব্য স্বাস্থ্য বিভাগৰ এজন বিষয়াৰ ৷ লগতে বিষয়াজনে কয় যে গুৱাহাটীৰ নাৰ্চসকলকো ইংৰাজী ভাষা শিকোৱা অত্যন্ত প্ৰয়োজনীয় ৷ কাৰণ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল চিকিৎসাৰ কাৰণে মহানগৰীলৈ আহে ৷ গতিকে নাৰ্চসকলৰ কাৰণে "স্পিকিং ইংলিছ" পাঠ্যক্ৰম বাধ্যতা মূলক কৰা হৈছে ৷
অধিক খবৰৰ বাবে পঢ়ক: এম এম চি এইচ জাপানীজ এনকেফেলাইটিছ ৰোগীৰ বাবে আদৰ্শ চিকিৎসালয়