Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৰ বিক্ষোভ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৰ  বিক্ষোভ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Nov 2019 11:51 AM GMT

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৰ বিক্ষোভ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৰ বিক্ষোভ । নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে আকৌ সৰৱ হৈ উঠিল সদৌ অসম ছাত্ৰ সন্থা । বিধেয়ক খনৰ বিৰোধিতা কৰি আছুৰ বিভিন্ন জিলা , মহকুমা আদি ক্ষেত্ৰ সমূহত ধৰ্না ,‌বিক্ষোভ ,সমদল আদি কাৰ্যসূচী গঢ়ি তোলে।

সোমবাৰে লক্ষীমপুৰ জিলা শাখাৰ সদৌ অসম ছাত্ৰ সন্থাই ও নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী গঢ়ি তোলে।এই সংগঠনটোৱে নৰ্থ লখিমপুৰৰ চহৰত ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰি বিতৰ্কিত বিধেয়ক খন বাতিল কৰাৰ দাবী জনায়। এই প্ৰতিবাদী কাৰ্যসূচীত লক্ষীমপুৰ জিলা শাখাৰ নৰ্থ লখিমপুৰৰ আৰু ঢকুৱাখনা মহকুমা কমিটীৰ গন্য মান্য ব্যক্তি, বিভিন্ন স্কুল কলেজৰ প্ৰায় ৫০০ জন ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। সংগঠনটোৱে এই প্ৰতিবাদী কাৰ্যসূচীৰ সিদ্ধান্ত কিছুদিন পূৰ্বে জোনাই সাধৰন সন্মিলনত লৈছিল।

সংগঠনটোৰ দ্বাৰা অনুষ্ঠিত হোৱা এই বিক্ষোভ কাৰ্যসূচীত চহৰৰ মাজেৰে নৰ্থ লখিমপুৰৰ বয়চ এইচ এছ স্কুল প্লে গ্ৰাউণ্ডৰ পৰা এক বিশাল প্ৰতিবাদী সমদল কাৰ্যসূচী গঢ়ি তোলে। এই প্ৰতিবাদী দলটোৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে লগতে বিজেপি শাসিত চৰকাৰ আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ কৰি পৰিবেশ উত্তাল কৰি তোলে।

আনহাতে লক্ষীমপুৰ শাখাৰ আছুৰ সভাপতি পুলক জ্যোতি বৰা আৰু সাধৰন সম্পাদক ধন মনি দত্তই এক সংবাদ মেলত কয় যে বিজেপি চৰকাৰে বাংলাদেশীৰ ভোট বেংকৰ আশাত সাম্প্ৰদায়িক আৰু অ-সাংবিধানিক নাগৰিকত্ব আইন সংশোধনী বিধেয়ক গৃহীত কৰিব বিচৰা ক্ষেত্ৰত আছুই কেতিয়াও মঞ্জুৰী প্ৰদান নকৰে। লগতে কয় যে যদি ৰাজ্য চৰকাৰে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক খন জোৰ কৰি জাপি দিব বিচাৰে তেতিয়া পৰিস্থিতি আৰু অধিক ভয়াবহ হ'ব । লগতে সংগঠনটোৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে ।

অন্য খবৰৰ বাবে পঢ়ক: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

ভিডিঅ প্ৰতক্ষ্য কৰক: Adivasi Chatra Sanstha staged blockade at the Nazirating Water Supply Project in Digboi

Next Story
চাকৰি