অসম গণ পৰিষদে জন্ম দিলে নিজা ছাত্র সংগঠন

অসম গণ পৰিষদে জন্ম দিলে নিজা ছাত্র সংগঠন

অসম গণ পৰিষদে জন্ম দিলে নিজা ছাত্র সংগঠন৷ অসম গণ পৰিষদে বৃহস্পতিবাৰে নিজৰ দলীয় সংবিধান সংশোধন কৰে আৰু এটি নতুন ছাত্ৰ সংগঠনৰ জন্ম দিয়ে ৷ এই ছাত্ৰ সংগঠনটোৰ নাম দিয়া হয় অসম ছাত্ৰ পৰিষদ ৷অসম গণ পৰিষদৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত হোৱা এখন বৈঠকতে এই ছাত্ৰ সংগঠনটোৰ জন্ম দিয়া হয় । ১৯৮৫ চনতে স্থাপন হোৱা আঞ্চলিক দল অসম গণ পৰিষদৰ কোনো ছাত্ৰ সংগঠন নাছিল ।

এইবাৰ অনাগত নিৰ্বাচনত আঞ্চলিক দলটোৱে নতুন উদম্যেৰে প্ৰতিদ্বন্দিতা কৰিবলৈ আগবাঢ়িছে ৷ইফালে ১৯৮৫ চনতে গঠন হোৱা অসম গণ পৰিষদৰ দলটোৱে ছাত্ৰ সকলক ৰাজনীতিত জৰিত নকৰাৰ সিদ্ধান্ত লৈছিল ।কিন্তু বিগত ৩৪ বছৰত ৰাজ্যৰ অন্যান্য দলৰ দৰে এটি ছাত্ৰ সংগঠনৰ আৱশ্যকতা অনুভৱ কৰিলে ৷ সম্প্ৰতি অসম গণ পৰিষদৰ অনুভৱ যে বিগত ৩৪ বছৰৰ পূৰ্বৰ ৰাজনীতি আৰু সামম্প্ৰতিৰ সময়ৰ ৰাজনীতিৰ মাজত পাৰ্থক্য আছে। আনহাতে অসম গণ পৰিষদে পৰিৱৰ্তন কৰে কিছুমান নীতি নিয়মৰ ৷

জিলা সমিতিৰ তুলনাত ইয়াৰ ভিতৰত বিধান সভাৰ নিৰ্বাচনৰ ক্ষেত্ৰত ওচৰত থাকিব অধিক ক্ষমতা। কাৰণ পূৰ্বতে জিলা সমিতিৰ ওচৰত অধিক শক্তি আছিল ৷ উল্লেখ্য যে দলৰ সভাপতি অতুল বৰাৰ অধ্যক্ষতাত হোৱা এই বৈঠকত মন্ত্ৰী কেশৱ মহন্ত ,ফণী ভূষণ চৌধুৰী,প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য উপস্থিত আছিল ৷ লগতে বৈঠকত জিলা সমিতিৰ সকলো সদস্য উপস্থিত আছিল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com