Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা আছাম লীগ এবৰজিনছ ৰাইট মুভমেন্টৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা আছাম লীগ এবৰজিনছ ৰাইট মুভমেন্টৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Oct 2019 4:25 AM GMT

সমগ্ৰ ৰাজ্যতে নাগৰিাকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ক্ৰিয়া প্ৰতিক্ৰিয়া হৈ থকাৰ সময়তে অসম তথা উত্তৰ পূবাঞ্চলৰ পৰিকাঠামো ধ্বংস কৰাৰ কাৰণে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা পৰিকল্পনা শীঘ্ৰে বাতিল কৰাৰ দাবী উত্থাপন কৰিছে নৰ্থ ইষ্ট ফৰাম ফৰ ইণ্দিজেনাছ পিপলৰ উপসভাপতি তথা আছাম লীগ অৱ এবৰজিনছ ৰাইট মুভমেন্টৰ সমন্বয়ক বিক্ৰম হান্সেই।

তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ কাৰণে প্ৰধানমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। বৃহস্পতিবাৰে বিক্ৰম হান্সেই এখন সংবাদ মেল সম্বোধন কৰি কয় যে আমি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছো। নাগৰিকত্ব সংশোধনী বিধেয়ক অসাংবিধানিক। এই বিধেয়কখনে উত্তৰ পূবক প্ৰভাৱিত কৰিব ৷

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ পাঁচ অক্টোবৰত মিজোৰামত থাকিব। যদি কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কক গৃহীত কৰাৰ সিদ্ধান্ত বাতিল নকৰে ৷তেন্তে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আন্দোলন কৰিম ।কোনো ধৰণৰ চৰ্ত অবিহনে নাগৰিকত্ব সংশোধনী বিধেয়কক বাতিল কৰিব লাগে ৷আমি অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ মাধ্যমৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এখন স্মাৰক পত্ৰ দিছো ৷ আশা কৰিছো এই বিষয়টো গম্ভীৰ ভাৱে ল’ব প্ৰধান মন্ত্ৰীয়ে ৷আনহাতে এই সংবাদ মেল খনত নেফিপৰ উপদেষ্টা কুলেশ্বৰ লাগাছু,মিচিং ৱল্ডৰ কামৰূপ জিলা সমিতিৰ সভাপতি অৱনী মিলি,অল ইণ্ডিয়া ট্ৰাইবেল ষ্টুডেণ্টছ এছ’চিয়েশ্যনৰ আইন উপদেষ্টা ৰাজু দেউৰী উপস্থিত আছিল।

অধিক খবৰৰ বাবে পঢ়ক:নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Batadrava MLA Angoorlata Deka appeals for boycott of single-use plastic in State

Next Story
চাকৰি