কা বিৰোধী আন্দোলন ৰাজনৈতিক হৈ পৰিছে : হিমন্ত বিশ্ব শৰ্মা

কা বিৰোধী আন্দোলন ৰাজনৈতিক হৈ পৰিছে : হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী: কা বিৰোধী আন্দোলন ৰাজনৈতিক হৈ পৰিছে : হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যিক বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন ৰাজনৈতিক হৈ পৰিছে বুলি মন্তব্য কৰাৰ লগতে এই কাৰণ দৰ্শাই ইয়াৰ ফলত এক নতুন ৰাজনৈতিক দল গঠন হব পাৰে বুলিও মন্তব্য কৰে। লগতে ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে যদি নতুন দল গঠন হয় তেন্তে বিজেপি য়ে ইয়াক এক ৰাজনৈতিক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিব।শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্নজনে গোচৰ তৰিছে উচ্চতম ন্যায়ালয়ত । এতিয়া উচ্চতম ন্যায়ালয়ৰ ৰায়ে কব কোন শুদ্ধ আৰু কোন ভুল। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বা সপক্ষে ৰায় দিব সেইয়া উচ্চতম ন্যায়ালয়ে দিব।

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন সম্পৰ্কটো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত কিছু সংখ্যক এনে লোকো নামি পৰিছে যাৰ চকু নিজ ৰাজনৈতিক ভৱিষ্যতৰ ওপৰত। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ নেতৃত্ব লোৱা একাংশ লোকে ৰাজ্যত এক নতুন ৰাজনৈতিক দল খোলাৰ বাবেও পৰিকল্পনা কৰিছে। কেৱল এটা ইছ্যু লৈ কেনেকৈ এটা ৰাজনৈতিক দল গঠন হব পাৰে। সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত আন এক মন্তব্য কৰি কয় যে,নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ ক্ষেত্ৰত ৰাজ্যবাসীয়ে চকু ৰাখিছে। আগন্তক নিৰ্বাচন প্ৰমাণ কৰিব ৰাজ্যবাসীয়ে কাক সমৰ্থন জনাব। ৰাজ্যৰ একাংশ শিল্পী সাহিত্যিকে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত বিভিন্ন মতামত আগবঢ়োৱা সম্পৰ্কত ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল খনত মন্তব্য কৰে যে তেওঁলোকে ৰাজ্য চৰকাৰৰ সৈতে নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত এক বৈঠকত মিলিত হওক যাতে নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত থকা সকলো ভুল বুজা বুজি আঁতৰ কৰিব পাৰি।তাৰোপৰি অসমৰ ৰাইজক একাংশ লোকে নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত এক ভুল তথ্য দিছে নাগৰিকত্ব সংশোধনী আইন ৰাজ্যখনৰ বাবে ভাবুকি বুলি কৈছে কিন্তু প্ৰকৃততে আইন খনত তেনে একো নাই।

"শিল্পী সাহিত্যিক সকলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজপথত আন্দোলন কৰাতকৈ মই ভাবো শিল্পী লেখক সকলে নিজ নিজ স্থানত নিজ নিজ কৰ্মক গুৰুত্ব দিয়াটো উচিত হব।" এই বুলি সংবাদমেলত মন্তব্য কৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ভিডিঅ প্ৰতক্ষ্য কৰক: Exclusive Interview of Former Assam Chief Minister Tarun Gogoi with THE

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com