Begin typing your search above and press return to search.

জাপানীজ এনকেফেলাইটিছ আৰু জাপানীসদৃশ ৰোগত ২২০ জন লোকৰ মৃত্যু

জাপানীজ এনকেফেলাইটিছ আৰু জাপানীসদৃশ ৰোগত ২২০ জন লোকৰ মৃত্যু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 July 2019 8:52 AM GMT

ৰাজ্যত জাপানীজ এনকেফেলাইটিছ মহামাৰী চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা১৯ জুলাইলৈকে প্ৰায় ২২০ জন লোকৰ মৃত্যু হৈছে ৷প্ৰায় ৫ শতাধিকলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ৷আক্ৰান্তসকলৰ ভিতৰত এতিয়ালৈকে চৰকাৰী তথ্য অনুসৰি ১০২ গৰাকী লোকৰ মৃত্যু হৈছে ৷ইফালে জাপানী সদৃশ ৰোগত আক্ৰান্ত হৈ ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা সংখ্যাও ২২৫ গৰাকীলৈ বৃদ্ধি পাইছে ৷

অৱশ্য চৰকাৰী তথ্য অলুসৰি জাপানী সদৃশ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও ২২২ লৈ বৃদ্ধি পাইছে ৷ ইফালে জাপানী সদৃশ ৰোগত আক্ৰান্ত হৈ সম্প্ৰতি ১৫৪০ গৰাকী লোক চিকিৎসাধীন হৈ আছে ৷ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ এক সূত্ৰ অনুসৰি চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগে ৰাজ্যৰ প্ৰত্যেকখন জিলাৰ লোকসকলক স্পৰ্শ কৰিছে ৷ স্বাস্থ্য বিভাগৰ এক সূত্ৰৰ অনুসৰি ব্যক্তিগত চিকিৎসালয়ৰ আইচিইউত ৰখা ৰোগীক ১ লাখ টকাৰ সাহাৰ্য্য দিয়ে ৷কাৰণ চৰকাৰী চিকিৎসালয় আৰু মেডিকেল কলেজত আইচিইউৰ সংখ্যা সীমিত কিন্তু ব্যক্তি গত বিদ্যালয়ত ইয়াৰ সংখ্যা বেছি ৷

ইয়াৰ মাজতে বিভাগে চলিত বৰ্ষত ছেপ্তেম্বৰত বিভাগীয় কৰ্তৃপক্ষই টীকাকৰণৰ ব্যৱস্থা কৰিছে ৷বিভাগীয় সূত্ৰৰ অনুসৰি দেশত টীকাকৰণৰ কৰাৰ গতি অত্যন্ত সীমিত ৷কেৱল চীনতহে জাপানীজ এনকেফেলাইটিছৰ টীকাকৰণৰ সুবিধা আছে ৷ আৰু এই ক্ষেত্ৰত কেন্দ্ৰৰ লগত সম্পৰ্ক ৰক্ষা কৰা হ’ব বুলি কয় বিভাগীয় কৰ্তৃপক্ষই ৷২০১০ ৰ পৰা ২০১৮ লৈকে ৰাজ্যত জাপানীজ এন কেফেলাইটিছত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় ৯৬০ জন ৷

ইফালে সংগৃহীত কিছু তথ্য অনুসৰি জাপানীজ এনকেফেলাইটিছত বাক্সাত ১৩ গৰাকী,বৰপেটাত। ১৬ গৰাকী,বঙাইগাঁৱত ১০ গৰাকী,কাছাৰত ১৫ গৰাকী,চিৰাঙত ৭ গৰাকী,দৰঙত ২৮ গৰাকী,ধেমাজীত ২২ গৰাকী,ধুবুৰীত ১২ গৰাকী,ডিব্ৰুগড়ত ৩৫ গৰাকী,ডিমাহাচাওত ২ গৰাকী,গোৱালপাৰাত ২৪ গৰাকী,গোলাঘাটত ১৭ গৰাকী,হাইলাকান্দিত ৫ গৰাকী,যোৰহাটত ২৮ গৰাকী,কামৰূপ মহানগৰত ১৪ গৰাকী,কামৰূপত ৩৯ গৰাকী,কাৰ্বি আংলঙত ১৩ গৰাকী,কৰিমগঞ্জত ৮ গৰাকী,কোকৰাঝাৰত ৫ গৰাকী,লখিমপুৰত ৪৪ গৰাকী,মৰিগাঁৱত১৩ গৰাকী,নলবাৰীত ১৭ গৰাকী,শিৱসাগৰত ৩৩ গৰাকী,শোনিতপুৰত ২৭ গৰাকী,তিনিচুকীয়াত ৩২ গৰাকী, ওদালগুৰিত ১৫ গৰাকী লোক আক্ৰান্ত হৈছে ৷

ইফালে ৰাজ্যত বানপানী শুকোৱাৰ পিছতো জাপানীজ এনকেফেলাইটিছ হোৱাৰ খবৰ পোৱা গৈছে ৷গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পিতেলৰ এজন চিকিৎসকৰ মত অনুসৰি জাপানীজ এনকেফেলাইটিছৰ প্ৰকোপলৈ চাই আশংকা কৰা হৈছে যে সম্প্ৰতি ৰাজ্যৰ সৰ্বত্ৰে এই মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিব ৷লগতে এই পৰিস্থিতি স্বাস্থ্য সেৱাত জৰিত প্ৰত্যেক জন লোকৰ কাৰণে এক বৃহৎ প্ৰত্যাহ্বান ৷ লগতে চিকিৎসকজনে মন্তব্য কৰে যে জাপানীজ এনকেপেলাইটিছৰ বিষয়টোত এটি শৃংখলা জৰিত হৈ আছে ৷ম’হৰ বংশবৃদ্ধিত নিয়ন্ত্ৰণ কৰা,আঁঠুৱা ব্যৱহাৰ কৰা,কইল, আদি ব্যৱহাৰ কৰি এই ৰোগ বৃদ্ধি হ্ৰাস কৰিব পাৰি ।

অধিক খবৰৰ বাবে পঢ়ক: জাপানীজ এনকেফেলাইটিছ নিয়ন্ত্ৰণত ব্যৰ্থ অসম: সদৌ অসম ছাত্ৰ সন্থা

Next Story
চাকৰি