এটা চুমাই কাল হ’ল এগৰাকী ভাৰতীয় সেনাৰ মেজৰ জেনেৰেলৰ কাৰণে। যি কথাই সম্প্ৰতি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৷নকৰিব কিয় ভাৰতীয় সেনাৰ এগৰাকী উচ্চ পদস্থ বিষয়াই এটি চুমাৰ কাৰণে হেৰুৱালে সন্মান,পদবী আৰু পেঞ্চন । ঘটনা অনুসৰি দুবছৰৰ পূৰ্বে নাগালেণ্ডৰ অসম ৰাইফলছৰ জেনেৰেল পদত থকা বিষয়াজনে এগৰাকী মহিলা বিষয়াক বিভাগীয় কামত নিজৰ আৱাসলৈ মাতিছিল।
কিন্তু দুৰ্ভাগ্য ক্ৰমে সকলো বিভাগীয় কাম সম্পন্ন হোৱাৰ পিছত ভাৰতীয় সেনাৰ মেজৰ জেনেৰেলজনে কেপ্তেইন মহিলাগৰাকীক বিদায় দিবৰ সময়তে এটি চুমা দিব বিছাৰিল ৷ বিধিৰ বিপাকত জেনেৰেল জনে সেই চুমা দিব বিচাৰিছিল গাল আৰু ওঁঠত ৷ আৰু ইয়াত ক্ষুদ্ধ হৈ মহিলা বিষয়া গৰাকীয়ে মেজৰ জেনেৰেলজনৰ বিৰুদ্ধে আদালতৰ ওচৰ চাপে ৷
আনহাতে ২০১৮ চনৰ ২৩ ডিচেম্বৰত বিষয়াজনক দোষী সাব্যস্ত কৰাৰ নিলম্বনৰ নিৰ্দেশ দিয়া হৈছিল ৷ দীৰ্ঘদীন ধৰি চলি থকা গোচৰটোৰ প্ৰসংগত শনিবাৰে অভিযুক্ত মেজৰ জেনেৰেলজনক গোচৰৰ সন্দৰ্ভত জনোৱা হয়। গতিকে সম্প্ৰতি মহিলা কৰ্মীক শ্লীলতা হানি কৰিবলৈ বিছৰা জেনেৰেলজনে চাকৰি হেৰুৱাৰ লগতে ভৱিষ্যতে কোনো ধৰণৰ পেঞ্চন লাভ নকৰে বুলি তথ্য পোৱা গৈছে।
যি তথ্য সম্প্ৰতি যথেষ্ট চৰ্চা লাভ কৰিছে। ইফালে সততে এনেধৰণৰ ঘটনাত যদি প্ৰশাসনৰ লোসকলেও জড়িত থাকে তেন্তে সমাজৰ সাধাৰণ মানুহে কি আশা কৰিব আৰক্ষীৰ পৰা ৷ সেই কথাই চিন্তিত কৰিছে সমাজৰ আগশাৰী ব্যক্তিসকলে ৷
অন্য খবৰৰ বাবে পঢ়ক: চালাড ক্ৰয় কৰোঁতে সাৱধান হওঁক আপুনি: ওলাব পাৰে ভেকুলী
ভিডিঅ প্ৰতক্ষ্য কৰক:Person accused in women trafficking escapes from Lilabari police outpost in Lakhimpur