Begin typing your search above and press return to search.

মই থকালৈকে সদায়ে বি পি এফৰ দখলত থাকিব বি টি চিঃ হাগ্ৰামা

মই থকালৈকে সদায়ে বি পি এফৰ দখলত থাকিব বি টি চিঃ হাগ্ৰামা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 March 2020 9:25 AM GMT

মই থকালৈকে সদায়ে বি পি এফৰ দখলত থাকিব বি টি চিঃ হাগ্ৰামা

‘ মই থকালৈকে সদায়ে বি পি এফ বি টি চিৰ ক্ষমতাত থাকিব’। এই মন্তব্য বি পি এফ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ। বুধবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে আগন্তুক বি টি চি নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে বি পি এফ মুৰব্বীজনে এই হুংকাৰ দিয়ে। লক্ষ্যণীয় যে সাংসদ নৱকুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীৰ লগতে ইউ পি পি এলে এইবাৰ বি পি এফক ক্ষমতাৰ পৰা উত্খাতৰ হুংকাৰ দিছে। কিছুমাহ পূৰ্বে সাংসদ শৰণীয়াই এই নতুন দল গঠন কৰি এই হুংকাৰ দিয়ে। একেদৰে ইউ পি পি এলৰ সভাপতিৰ দায়িত্ব প্ৰাক্তন এবছু সভাপতি প্ৰমোদ বড়োৱে গ্ৰহণ কৰাৰ পাছৰে পৰা নিৰ্বাচনী প্ৰস্তুতি তুংগত তুলিছে। ইউ পি পি এলেও বি পি এফক ক্ষমতাৰ পৰা উত্খাতৰ হুংকাৰ দিছে। এনে অৱস্থাত মূলতঃ ইউ পি পি এল আৰু গণ সুৰক্ষা পাৰ্টীক লক্ষ্য কৰি কালি বি পি এফ মুৰব্বী মহিলাৰীয়ে সাংবাদিকৰ আগত কয়, “এইবাৰো আমাৰ দলে বি টি এ ডিত চৰকাৰ (প্ৰশাসন) গঠন কৰিব।

মই থকালৈকে বি টি এ ডি বি পি এফৰ দখলতে থাকিব’। উল্লেখ্য যে অহা চাৰি এপ্ৰিলত বি টি চি নিৰ্বাচন অনুষ্ঠিত হ’ব। ইতিমধ্যে বি টি এ ডিত নিৰ্বাচনী বতাহ গৰম হৈছে।এইবাৰ বিজেপিয়ে অকলে বি টি চি নিৰ্বাচনত অৱৰ্তীৰ্ণ হ’ব বুলি ঘোষণা কৰিছে। ইয়াৰ বিপৰীতে বি পি এফ মুৰব্বী মহিলাৰীয়ে দাবী কৰিছে যে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন শাসকীয় মিত্ৰজোঁটে ঐক্যবদ্ধভাবে আগন্তক বি টি চি নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে, এইবাৰ বি পি এফে ক্ষমতা হেৰুৱাব বুলি কেতবোৰ পক্ষৰ সমীক্ষাত স্পষ্ট হোৱাৰ কথা সাংবাদিকে আঙুলিয়াই দিয়াত বি পি এফ মুৰব্বীজনে কয়, “ প্ৰতিবাৰেই নিৰ্বাচনৰ আগে আগে এনে বহু সমীক্ষা প্ৰকাশ পায়। কিন্তু যোৱা ১৫ বছৰে আমিয়েই ক্ষমতা দখল কৰি আহিছো। এনে সমীক্ষাৰ ফল ওচৰে-পাঁজৰেও যোৱা দেখা নাই। এইবাৰো ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱেও এনেকুৱা কথা ঘোষণা কৰিছে।

কিন্তু তেওঁৰ সপোন পূৰণ নহয়”। আনকি ইউ পি পি এলৰ সভাপতি বড়োৱে তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিলে বিনাপ্ৰচাৰেই জয়ী হ’ব লৈ সক্ষম হ’ব বুলি দাবী কৰি মহিলাৰীয়ে কটাক্ষৰ সুৰত কয়, “তেওঁ (বড়ো) যদি মোৰ বিৰুদ্ধে থিয় দিয়ে তেন্তে মই মোৰ সমষ্টিত প্ৰচাৰেই নচলাওঁ। বাকী ৩৯ টা সমষ্টিতহে প্ৰচাৰ চলাম। কাৰণ তেতিয়া মই জয়ী হোৱাটো খাটাং”। আনহাতে, এইবাৰৰ বি টি চি নিৰ্বাচনৰ দলীয় ইচ্ছ্যুৰ বিষয়ে সদৰী কৰি মহিলাৰীয়ে পুনৰ কয় যে পূৰ্বৰ লেখীয়াকৈ এইবাৰো বি পি এফৰ মূল ইচ্ছ্যু হৈছে শান্তি আৰু উন্নয়ন।

অন্য খবৰৰ বাবে পঢ়কঃ ৰাজ্যসভাৰ নিৰ্বাচনঃ তৃতীয়খন আসনত জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাক প্ৰক্ষেপ বিজেপিৰ

ভিডিঅ প্ৰতক্ষ্য কৰকঃ UK Queen Elizabeth II recognises Jadav Payeng from Assam with ‘Commonwealth Points of Light’ Award

Next Story
চাকৰি