বিদ্যুৎ বিভাগৰ গাফিলতি: জ্বলি জ্বলি চাই হ’ল বিদ্যুত বিভাগৰ অস্থায়ী কৰ্মচাৰী

বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে পুনৰ মৃত্যুক সাবতিলে এজন কৰ্মচৰিয়ে| বিশ্বনাথৰ বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ৰ গাফিলতিৰ বাবেই বুধবাৰে বিভাগটোৰ এজন অস্থায়ী কৰ্মচাৰীয়ে কৰ্মৰত অৱস্থাত দূৰ্ভাগ্য জনক ভাৱে মৃত্যুক সাৱটি লব লগীয়া হয়। বিদ্যুৎ উপ সংমণ্ডলটোৰ কন্ট্ৰৰল ৰুমৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবেই বিশ্বনাথ চাৰিআলি চহৰৰ মাজমজিয়াত ১১ কেভি বিদ্যুৎ পৰিবাহী তাঁৰত লাগি অতি কৰুণ ভাৱে মৃত্যুক সাৱটি লয় বিশ্বনাথ ঘাটৰ ৰবিন দাস নামৰ অস্থায়ী কৰ্মচাৰীজনে।
বুধবাৰে পুৱা বিশ্বনাথ চাৰিআলি নগৰৰ মাজমজিয়াত থকা ১১ কেভি বিদ্যুৎ পৰিবাহী তাঁৰত হোৱা কিছু বিসংগতি মেৰামতিৰ বাবে উপ সংমণ্ডলটোৰ কেইবাজনো কৰ্মচাৰী আহিছিল। ৰবিন দাস নামৰ অস্থায়ী কৰ্মচাৰী জন এডাল জখলাৰে বিদ্যুতৰ খুটাৰ ওপৰলৈ উঠি গৈ বিসংগতিটো মেৰামতি কৰে আৰু তললৈ নামি আহে। ইয়াৰ পিছতে আন এজন কৰ্মচাৰীয়ে উপ সংমণ্ডলটোৰ নিয়ন্ত্ৰ্ন কক্ষলৈ ফোন কৰি বিদ্যুৎ দিবলৈ কয়। কিন্তু বিদ্যুৎ দিয়াৰ পিছত পুণৰ বিসংগতিয়ে দেখা দিয়ে। পুণৰ বিসংগতি ভাল কৰিবলৈ বিদ্যুত কৰ্তন কৰিবলৈ কৈ ৰবিনক পুণৰ খুটাৰ ওপৰত উঠিবলৈ কয় আৰু মেৰামতি কৰি থকাৰ সময়তে কৰ্মচাৰ কেইজন নিজৰ মাজতে কথাত মছগুল হৈ পৰাৰ ফলতে এই শোকাবহ ঘটনাটো সংঘটিত হয় ।
ৰবিন দাস বিদ্যুতৰ খুটাৰ ওপৰলৈ গৈ মেৰামতিৰ বাবে বিদ্যুৎ পৰিবাহী তাঁৰত হাত দিয়ে তেতিয়াই এই শোকাৱহ ঘটনাতো সংঘটিত হয়। বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ৰবিনৰ দেহৰ আধা অংশ ওপৰতেই জলি যায় আৰু পিছত ডিঙি ছিঙি তললৈ সৰি পৰে। লগে লগে হুৱাদুৱা পৰিবেশৰ সৃষ্ট হয় আৰু বিদ্যুৎ বিভাগৰ বাকী সকল কৰ্মচাৰী ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
উল্লেখ্য যে সঞ্জয় ভূঞা নামৰ ফিডাৰ মেইনটেইনেঞ্চ ইঞ্জিনীয়াৰ জনৰ চৰম গাফিলতিৰ বাবেই এই সমস্ত ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰে। একাংশ স্থায়ী কৰ্মচাৰীয়ে নিজে কাম নকৰাকৈ অস্থায়ী কৰ্মচাৰীক কামত কৰোৱাৰ অভিযোগ উঠিছে ৷
আনহাতে স্হানীয় ৰাইজে বিশ্বনাথৰ বিদ্যুৎ উপ সংমণ্ডলটো ঘেৰাও কৰি পৰিস্হিতি উত্তপ্ত কৰি তোলে। ৰাইজৰ উগ্ৰমুৰ্তি দেখি কাৰ্যালয়টোৰ পৰা সকলো কৰ্মচাৰী পলায়ন কৰিছে। নিহত ৰবীনৰ পৰিয়ালক ৫০ লাখ টকা ক্ষতিপুৰন আৰু পৰিয়ালৰ এজনক চৰকাৰী চাকৰি দিয়াৰ দাবী তুলিছে ৰাইজে ৷ বিশ্বনাথৰ বিধায়ক আৰু আৰক্ষী অধিক্ষক গৰাকীয়েও সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ কথা উল্লেখ কৰিছ|
অন্য খবৰৰ বাবে পঢ়ক:লামডিঙত বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ