Begin typing your search above and press return to search.

অসম গণ পৰিষদে সংশোধন কৰিব সংবিধান

অসম গণ পৰিষদে সংশোধন কৰিব সংবিধান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Sep 2019 4:42 AM GMT

অসম গণ পৰিষদে সম্প্ৰতি দলৰ সংবিধান সংশোধন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷দলৰ সদস্য সকলে সংবিধান সংশোধনৰ সকলো যাৱতীয় কাম কাজ তৈয়াৰ কৰিছে ৷ গতিকে চলিত বৰ্ষৰ শেষত আৰু অনাগত বৰ্ষৰ প্ৰথমতেই সংবিধানখনে অনুমোদন পাব বুলি আশা কৰা হৈছে ৷আঞ্চলিক দলটোৱে ছ’চিয়েল মিডিয়াৰ সহিতে সাম্প্ৰতিক সময়ৰ লগত খাপ খাব পৰাকৈ এখন সংবিধান আৱশ্যকতা বুলি অনুভৱ কৰিছে ।

গতিকে দলটোৱে সংবিধান সংশোধন বিভিন্ন কাৰণত কৰিব বিচাৰিছে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে অসম গণ পৰিষম,ভাৰতীয় জনতা দল আৰু বিপিএফ মিলি মিশ্যন ১০০ তৈয়াৰ কৰিছে। দলৰ এক বিশেষ সূত্ৰৰ মত অনুসৰি সংবিধানৰ সকলো যাবতীয় কাম ২০১৯ চনৰ শেষত বা ২০২০ চনৰ প্ৰথমত কৰা হ’ব।

কাৰণ তাৰ প্ৰাকমুহুৰ্তত অনুষ্ঠিত হ’ব দলৰ সাধাৰণ বৈঠক ।ইয়াৰ মাজতে ১৯৮৫ চনৰ ১৪ অক্টোবৰত গঠন কৰা আঞ্চলিক দলটোৱে চলিত বৰ্ষৰ ১৪ অক্টোবৰত বঙাইগাঁও জিলাৰ উত্তৰ শালমৰাত নিজৰ স্থাপনা দিৱস উদযাপন কৰিব ৷ উল্লেখ্য যে ছবছৰৰ অসম আন্দোলনৰ পিছত আঞ্চলিক দলটোৰ গঠন গোলাঘাটত কৰা হৈছিল ৷

অন্য খবৰৰ বাবে পঢ়ক: হিমন্তৰ বিস্ফোৰণৰ পিছত অসম গণ পৰিষদে মিত্ৰতাৰ কথা বিচাৰ কৰিব বুলি সকিয়ালে

ভিডিঅ প্ৰতক্ষ্য কৰক:ATASU stage protest in Dhemaji's Gogamukh

Next Story
চাকৰি