ক’ৰ’নাৰ বিভীষিকাঃ জটিল হৈ উঠিছে অসমৰ আৰ্থিক পৰিস্থিতি

ক’ৰ’নাৰ বিভীষিকাঃ জটিল হৈ উঠিছে অসমৰ আৰ্থিক পৰিস্থিতি

ক’ৰ’নাৰ বিভীষিকাঃ জটিল হৈ উঠিছে অসমৰ আৰ্থিক পৰিস্থিতি

ক’ৱিড-১৯ সৃষ্ট বিশ্বজোৰা মহামাৰীয়ে অসমৰ আৰ্থিক অৱস্থা জটিল কৰি তুলিছে ৷ ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণ তলাবন্ধ ঘোষণা কৰিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত এনে জটিল অৱস্থাৰ সৃষ্টি হৈছে ৷ এই মন্তব্য ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ মঙলবাৰে মন্ত্ৰী শৰ্মাই বিধানসভাত কয়, “যদি ক’ৰ’না ভাইৰাছ সৃষ্ট পৰিস্থিতি সীমিত সময়ৰ ভিতৰতে নিয়ন্ত্ৰণাধীন নহয় তেন্তে ভৱিষ্যৎ কি হ’ব মই ক’ব নোৱাৰোঁ ৷" লগতে তেওঁ সম্ভাৱ্য জটিল আৰ্থিক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰো ইংগিত দিয়ে ৷ পৰিস্থিতি অধিক শোচনীয় হৈ উঠিলে বিধায়কসকললৈ আগন্তুক বিত্তীয় বৰ্ষত আগবঢ়োৱা পুঁজিৰ পৰিমাণ কৰ্তন কৰা হ’ব ৷ ৰাজ্যৰ আৰ্থিক পৰিস্থিতি ইতিমধ্যে জটিল হৈ উঠাৰ ইংগিত দি তেওঁ লগতে কয়, “ চাহ উদ্যোগ সংকটৰ মাজেৰে পাৰ হৈছে ৷ পৰ্যটন উদ্যোগৰ অৱস্থাও শোচনীয় ৷ আগন্তুক দিনসমূহ দিন মজুৰি কৰা শ্ৰমিক আৰু চাহ-শ্ৰমিকসকলে কিছু সমস্যাৰ সন্মুখীন হ’ব লাগিব ৷" ৰাজ্য চৰকাৰৰ ওচৰত পৰ্যাপ্ত পুঁজি নাই বুলি মন্তব্য কৰি তেওঁ আৰু কয় যে অহা এপ্ৰিলত কেন্দ্ৰৰ পৰাও পুঁজি লাভৰ সম্ভাৱনা ক্ষীণ ৷ আনহাতে, যোৱা নিশা ১২ বজাৰ পৰা দেশত ২১ দিনৰ বাবে সম্পূৰ্ণ তলাবন্ধ কাৰ্যসূচী ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সমগ্ৰ বিশ্বজুৰি ক’ৰ’না মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত দেশৰ প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশজুৰি ঘোষণা কৰিলে লক-ডাউন।নিশা তেওঁ দেশবাসীক উদ্দেশি ক’ৰ’না মহামাৰীক লৈ দ্বিতীয়বাৰৰ বাবে বক্তব্য আগবঢ়ায়। এই ভাষণৰ সময়ত তেওঁ অহা ১৪ এপ্ৰিললৈকে সমগ্ৰ দেশব্যাপি তলাবন্ধ ঘোষণা কৰে। এই সময়ছোৱাত জৰুৰী সেৱাৰ কৰ্মীসকলৰ বাহিৰে আন লোকক ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ আহ্বান জনাই তেওঁ কয়, “ মই হাত যোৰ কৰি আপোনালোকক অনুৰোধ জনাইছো আপোনালোক এই ২১ দিনৰ বাবে ঘৰৰ পৰা নোলাব’।এই দীৰ্ঘদিনজোৰা তলাবন্ধৰ ফলত দেশ ক্ষতিৰ সন্মুখীন হ’ব যদিও জনতাৰ প্ৰাণৰক্ষা বাবে এনে কাৰ্যসূচী ঘোষণাৰ গত্যন্তৰ নাই বুলি ভাষণত মোদীয়ে ইংগিত দিয়ে।

উল্লেখ্য যে ভাৰতত এই মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা সম্প্ৰতি ৫০০ জনতকৈও অধিক হৈছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে এই দেশজোৰা তলা বন্ধ কাৰ্যসূচী ঘোষণা কৰে।

ভাষণত তেওঁ দেশবাসীক আতংকিত নহ'বলৈও আহ্বান জনায় । অৱশ্যে এই তলাবন্ধৰ সময়ছোৱাত জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱাসমূহ বন্ধ নহয়। খাদ্য-সামগ্ৰীৰ দোকান, পেট্ৰল পাম্প আদি খোলা থাকিব।

।আনহাতে, এই নিষেধাজ্ঞা পালন নকৰিলে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিয়ে মোদীয়ে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com