Begin typing your search above and press return to search.

অসম আৰু ফান্সৰ ৫০০ কোটি টকাৰ চুক্তি স্বাক্ষৰিত

অসম আৰু ফান্সৰ ৫০০ কোটি টকাৰ চুক্তি স্বাক্ষৰিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Nov 2019 4:35 AM GMT

ফান্সে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কৃত্ৰিম হাইলেণ্ডছ নিৰ্মাণ কৰাৰ কাৰণে অসমৰ বন বিভাগক প্ৰশংসা কৰে । কাৰণ ইয়াৰ দ্বাৰা কাজিৰঙাৰ বন্য প্ৰাণীসমূহে বানপানীৰ সময়ত আশ্ৰয় ল’ব পাৰিব। লগতে ফান্সে অসমৰ বন আৰু জৈৱ বৈচিত্ৰতাক ৰক্ষা কৰিবৰ কাৰণে ৪০০ কোটি টকা প্ৰদান কৰিব । এই কথা ভাৰতলৈ অহাৰ সময়ত ব্যক্ত কৰে ফান্সৰ বেণ্ড এম্বেচাদৰ ইমান্যুল লিনাইনে ৷

ৰাজ্যৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সোমবাৰে সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰে যে কাজিৰঙাৰ ভিতৰত ৩৩ টা কৃত্ৰিম হাইলেণ্ড নিৰ্মাণে চলিত বৰ্ষৰ বানৰ পৰা ৰক্ষা কৰিছিল বন্য জীৱ জন্তুক। এই হাইলেণ্ডছসমূহ এপিএফবিচি (Assam Project for Forest and Biodiversity Conservation) আৰু ৰাজ্য চৰকাৰৰ অন্তৰ্গতত নিৰ্মাণ কৰা হৈছিল।

ইফালে অসম চৰকাৰ আৰু ফান্স ডেভেলপমেন্ট এজেন্সীয়ে (French Development Agency (AFD) সোমবাৰে ৰাজ্য চৰকাৰৰ জৈৱ বৈচিত্ৰতা সুৰক্ষা সন্দৰ্ভত প্ৰায় ৫০ মিলিয়ণ ইয়ৰ’ এটি আঁচনিৰ চুক্তি স্বাক্ষৰিত কৰে। সোমবাৰে চুক্তিখনৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ আধাৰত প্ৰায় ১২০০০ হেক্টৰ কৃষি ভূমিক পুনৰোজ্জীৱিত কৰা হ’ব। ইয়াৰ পূৰ্বতে ২০১২ আৰু ২০১৯ চনত এপিএফবিচিয়ে (Assam Project for Forest and Biodiversity Conservation) প্ৰথম পৰ্যায়ত ২১০০০ হেক্টৰ ভূমিৰ কাৰণে এএফডিৰ সমৰ্থন লাভ কৰিছিল।

বন্য জীৱই বানত আশ্ৰয় ল’বৰ কাৰণ ওখ ঠাই নিৰ্মাণ,প্ৰায় ৬০০০জন লোকক প্ৰশিক্ষণ দিয়া আদি ইয়াৰ অন্তৰ্গত ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সোমবাৰে দিছপুৰৰ জনতা ভৱনত ৫০ মিলিয়ন ইয়ৰ’ প্ৰজেক্টৰ সম্বন্ধত মন্তব্য কৰি কয় যে ৰাজ্য চৰকাৰে ৰাজ্যত ১০০ মিলিয়ণ গছ ৰোপণ কৰাৰ সংকল্প লৈছে ৷ইফালে ফান্স এম্বেচাদৰ ইমান্যুল লিনাইনে কয় যে এই আঁচনিয়ে অসমৰ বিভিন্ন প্ৰাকৃতিক পৰিস্থিতিক শক্তিশালী কৰিব। লগতে ফান্স আৰু ভাৰতৰ সম্পৰ্কক সুদৃঢ় কৰিব ৷

অধিক খবৰৰ বাবে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ হত্যা অসমৰ স্বাভিমানক

ভিডিঅ প্ৰতক্ষ্য কৰক:Nagaon villagers lured by two in the name of Pradhan Mantri Kushal Vikas Yojana

Next Story
চাকৰি