জনতা ভৱনত অসম চৰকাৰে নিষিদ্ধ কৰিলে প্লাষ্টিক

জনতা ভৱনত অসম চৰকাৰে নিষিদ্ধ কৰিলে প্লাষ্টিক

জনতা ভৱনত অসম চৰকাৰে নিষিদ্ধ কৰিলে প্লাষ্টিক ৷ সমগ্ৰ দেশতে প্লাষ্টিক নিসিদ্ধ কৰাৰ সন্দৰ্ভত তৎপৰতা হৈ থকা সময়তে দেশৰ লগতে জনতা ভৱনত নিষিদ্ধ হ’ব প্লাষ্টিকৰ ব্যৱহাৰ ৷ইয়াৰ কাৰণে জনতা ভৱনত দেখা গ’ল পূৰ্ণ তৎপৰতা ৷ জনতা ভৱনত নিসিদ্ধ কৰা সামগ্ৰীসমূহ হৈছে ডিচপ’জেবল গ্লাচ,প্লেট,চামুচ, থাৰ্মকলৰ সামগ্ৰী,পানীৰ বটল,৫০ মাইক্ৰ’নৰ তলৰ প্লাষ্টিকৰ কেৰী বেগ আদি ৷

ইফালে সভাত ব্যৱহাৰ হ’ব কেৱল কাপেহে । কাৰণ কিছুসংখ্যক বৈঠকত প্লাষ্টিকৰ কাপ ব্যৱহাৰ কৰা দেখা যায়। কিন্তু এতিয়াৰ পৰা বৈঠকত প্লাষ্টিকৰ বটলৰ ঠাই পাব ধাতু,কাঁচ আদি পাত্ৰই। আনহাতে প্লাষ্টিক যাতে ব্যৱহাৰ কৰিব নালাগে তাৰ কাৰণে অসম চৰকাৰে জনসাধাৰণক জাগৰিত কৰিছে ৷ লগতে প্লাষ্টিকে আমাৰ চাৰিওফালৰ পৰিবেশক কেনেধৰণে দূষিত কৰে সেয়া হয়তো কোৱাৰ প্ৰয়োজন নহয় ৷ প্লাষ্টিকে মাটি,পানী সকলো প্ৰদূষিত কৰে।

গতিকে পৰিবেশ তথা জনসাধাৰণৰ ভৱিষ্যত সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে প্লাষ্টিক বৰ্জন কৰাটো অতি উল্লেখ্য।আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এইবাৰ সমগ্ৰ দেশ বাসীক গান্ধী জয়ন্তীৰ দিনটোৰ পৰাই প্লাষ্টিক বৰ্জন কৰিবলৈ আহ্বান কৰিছে ৷ দেশ বাসীয়ে মোডীৰ এই আহ্বানক আদৰি লোৱাৰ লগতে সহাৰিও জনাইছে ।কিন্তু আজি মুখ্যমন্ত্ৰীৰ সন্মুখত দেখা গ’ল এক ব্যক্তিক্ৰমী দৃশ্য। ভলীবল কোচিং চেন্টাৰত অনুষ্ঠিত অনুষ্ঠানত প্লাষ্টিকৰ বটলৰ পৰিৱৰ্তে দেখা গ’ল কেটলি আৰু মাটিৰ গ্লাচ ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:NDFB(S) Militants nabbed in Kokrajhar, Assam

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com