Begin typing your search above and press return to search.

"শান্তনুকুলনন্দন"ৰ লেখক পূৰবী বৰমূদৈৰ দেহাৱসান

শান্তনুকুলনন্দনৰ লেখক পূৰবী বৰমূদৈৰ দেহাৱসান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 July 2019 10:29 AM GMT

সাহিত্য অকাডেমী বঁটাৰে সন্মানিত প্ৰখ্যাত লেখক পূৰবী বৰমূদৈৰ সোমবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে। সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কথাশিল্পী গৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে । সোমবাৰে পুৱা প্ৰায় ৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰখ্যাত লেখক গৰাকীয়ে ।২০০৭ত 'শান্তনুকুলনন্দন' উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰা পূৰবী বৰমুদৈয়ে ২০১১ত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। প্ৰবীণা শইকীয়া বঁটাকে ধৰি বহু বঁটা, সন্মানেৰে বিভূষিত হৈছিল বৰমুদৈ। ১৯৯৯ত প্ৰকাশ পায় তেওঁৰ প্ৰথম উপন্যাস 'গজৰাজ প্ৰেম আৰু বন্দিত্ব।নাই।সোমবাৰে পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কথাশিল্পীগৰাকীয়ে।

পূৰবী বৰমুদৈৰ প্ৰকাশিত গ্ৰন্থ সমুহ হৈছে 'গজৰাজ প্ৰেম আৰু বন্দিত্ব'(১৯৯৯), ৰূপোৱালী নৈ সোণোৱালী ঘাট', 'শান্তনুকুলনন্দন', 'বাঘশাল, বাঘজাল আৰু মানুহ , 'পৰম পূজনীয় আৰু দুখন উপন্যাস', 'এটা আলিবাটৰ ইতিকথা, 'সপোনৰ ঘৰ ঘৰৰ সপোন', 'পূৰৱী বৰমুদৈৰ নিৰ্বাচিত গল্প', পূৰৱী বৰমুদৈৰ উপন্যাস সংকলন' আদি|

১৯৫০ৰ ৮ মে'ত তেজপুৰৰ দেউৰীগাঁৱত জন্মলাভ কৰা প্ৰথিতযশা সাহিত্যিকগৰাকীয়ে প্রথম অৱস্থাত শিক্ষকতা কৰিছিল যদিও সাহিত্য চৰ্চাত মনোনিৱেশ কৰাৰ বাবে তেওঁ চাকৰি ত্যাগ কৰে। ১৯৭৬ত বিশিষ্ট শিক্ষাবিদ, সমালোচক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড০আনন্দ বৰমুদৈৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কবিতা ৰচনাৰে সাহিত্যিক জীৱন আৰম্ভ কৰা পূৰবী বৰমুদৈয়ে পৰৱৰ্তী সময়ত চুটিগল্প আৰু উপন্যাস ৰচনাৰে প্ৰতিষ্ঠা লাভ কৰে।

বিশিষ্ট সাহিত্যিকগৰাকীয়ে মৃত্যুৰ পূৰ্বে তেওঁৰ চকু আৰু দেহ চিকিৎসা বিজ্ঞানৰ সহায়ক হোৱাকৈ দান কৰি গৈছে।

অন্য খবৰৰ বাবে পঢ়ক: জ্ঞানপীঠ বঁটা বিজয়ী বিশিষ্ট অভিনেতা, পৰিচালক গিৰিশ কাৰ্ণাডৰ দেহাৱসান

Next Story
চাকৰি