Begin typing your search above and press return to search.

এবিচিত আৰম্ভ হ’ল অটোমেটিক ট্ৰেফিক চিগনেল

এবিচিত আৰম্ভ হ’ল অটোমেটিক ট্ৰেফিক চিগনেল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Jun 2019 8:22 AM GMT

এবিচিত আৰম্ভ হ’ল অটোমেটিক ট্ৰেফিক চিগনেল ৷ গুৱাহাটীৰ জি এচ ৰোডৰ এবিচিত অটোমেটিক ট্ৰেফ্ৰিক চিগনেল আৰম্ভ হয় মংগলবাৰৰ পৰা ৷ ইফালে এবিচিত অটোমেটিক ট্ৰেফিক চিগনেল আৰম্ভ হোৱাৰ লগে লগে এজন আৰক্ষী বিষয়াই শুভেচ্ছা জ্ঞাপন কৰে ৷ এজন ট্ৰেফিক আৰক্ষী মন্তব্য অনুসৰি এটা অটোমেটিক ট্ৰেফিক চিগনেল বাহন চালকসকলৰ কোনো ধৰণৰ অসুবিধা ন’হবৰ কাৰণে প্ৰয়োগ কৰা হৈছে। বিভিন্ন ৰঙৰ ট্ৰেফিক লাইটসমূহে যাত্ৰীসকলক অহা যোৱা কৰাত সহায় কৰিব ৷

উল্লেখ্য যে কামৰূপৰ পৰিবহন বিভাগে যান বাহন নিয়ন্ত্ৰণ কৰাৰ কাৰণে কেতবোৰ নীতি নিৰ্দশনা জাৰি কৰিছিল ৷এই নীতি নিয়মৰ দ্বাৰা মহানগৰীত যান বাহনৰ সংখ্যা নিয়ন্ত্ৰণ কৰাৰ কাৰণে চেষ্টা কৰা হৈছিল।ইফালে যান বাহন বিভাগৰ ডি চি পি প্ৰশান্ত শইকীয়াৰ মত অনুসৰি চিটী বাছৰ কমিটীয়ে নতুন নীতি নিৰ্দেশনাসমূহ তৈয়াৰ কৰিছে।

লগতে প্ৰশান্ত শইকীয়াই কয় যে বেছিভাগ চিটী বাছ জি এছ,এম জি আৰু আৰ জি বৰুৱা পথদি চলাচল কৰে ৷ আৰু এই পথটোত তীব্ৰ যান বাহনৰ সমস্যাই দেখা দিয়ে ৷ ইয়াৰ বিপৰীতে কিছুমান পথেদি কেতিয়াও যান বাহন চলাচল নকৰে। অন্যহাতে দ্য চেন্টিনেলৰ সন্মুখত প্ৰশান্ত শইকীয়া কয় যে ১৫ -২০ বছৰৰ পূৰ্বে চিটী বাছসমূহ সময়মতে চলাচল কৰিছিল। কিন্তু সাম্প্ৰতিক সময়ত ইয়াৰ বিপৰীত দৃশ্য দেখিবলৈ পোৱা যায়। চিটী বাছসমূহে য’তে ত’তে ৰৈ যাত্ৰী সকলক উঠাই আনে ৷

লগতে যাত্ৰীসকলেও বাছ আস্থানত নৰখি য’তে ত’তে বাছসমূহ ৰখাই ৷ যাৰ ফলত যান বাহন চলাচল কৰাত অৰাজকতাই দেখা দিয়ে ৷ গতিকে চিটী বাচসমূহৰ সমগ্ৰ প্ৰণালীটোৱেই পৰিৱৰ্তন কৰিব লাগিব।

উল্লেখ্য যে ট্ৰেফিক পেট্ৰ’ল ভানে মহানগৰীত যাতায়তৰ ব্যৱস্থা সুচল কৰিব কাৰণে তীক্ষ্ণ দৃষ্টি ৰাখিব ৷পূৰ্বতে যান বাহনৰ নিয়ম উলংঘাকাৰী সকলৰ কাৰণে মহানগৰীত যাত্ৰীয়ে বহু অসুবিধাৰ সন্মুখীন হৈছে ৷ কিন্তু সম্প্ৰতি, যান বাহনৰ নীতি নিৰ্দেশনা উলংঘাকাৰীসকলৰ ক্ষেত্ৰত বিহীত ব্যৱস্থা লোৱা হ’ব ৷

গুৱাহাটীত যান বাহনৰ সমস্যাই জনসাধাৰণক হাৰাশাস্তি কৰাটো নতুন কথা নহয় ।বিভিন্নলোকে ন’ পাৰ্কিং স্থানত গাড়ী ৰখাই যান বাহনৰ নিয়ম উলংঘন কৰাটো যেন সম্প্ৰতি সাধাৰণ কথালৈ পৰিণত হৈছে ৷ আশ্চৰ্য্যজনক কথা এয়ে যে বিলাসী বাহনৰ গৰাকী, কিছুসংখ্যক লোকে গাড়ী ৰখোৱা ঠাইত নিজৰ বাহন নাৰাখি ন’পাৰ্কিং স্থানত বাহন ৰাখে ৷ এনেধৰণে অনিয়ন্ত্ৰিত ভাৱে য’তে ত’তে ৰাখি লোকসকলে যান বাহনৰ চলাচলৰ ক্ষেত্ৰত অৰাজকতাৰ সৃষ্টি কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক: ভিআইপি ৰোডৰ ৰাজ্যৰ পৰিবহন বিভাগৰ গতি কোন দিশে?

Next Story
চাকৰি