অসম সাহিত্য সভাই ঘোষণা কৰিলে ২০২০-২০২১ নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা

অসম সাহিত্য সভাই ঘোষণা কৰিলে ২০২০-২০২১ নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা

অসম সাহিত্য সভাৰ নিৰ্বাচন সমাগত । নিৰ্বাচধৰ ওপৰত লক্ষ ৰাখিয়েই বহুতেই আগন্তুক অসম সাহিত্য সভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে । বুধবাৰে অসম সাহিত্য সভাই ঘোষণা কৰিলে আগন্তুক অসম সাহিত্য সভা নিৰ্বাচনৰ সভাপতি , উপ - সভাপতি আৰু প্ৰধান‌ সম্পাদকৰ প্ৰাৰ্থীৰ তালিকা ।

বুধবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদ মেলত অসম সাহিত্য সভাৰ নিৰ্বাচন সমিতিৰ মুখ্য পাত্ৰ বিজন‌ মহাজনে বাচনি হোৱা প্ৰাৰ্থীৰ তালিকাৰ নাম ঘোষণা কৰে । সংবাদ মেলত আগন্তুক অসম সাহিত্য সভাৰ নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লগীয়া প্ৰাৰ্থী সকলৰ নাম ঘোষণা কৰি নিৰ্বাচন সমিতিৰ মুখ্যপাত্ৰ বিজন মহাজনে কয় যে সভাপতি পদত ড° বসন্ত কুমাৰ গোস্বামী , সূৰ্যকান্ত হাজৰিকা , পখিলা কলিতা , কুলধৰ শইকীয়া , প্ৰহ্লাদ চন্দ্ৰ তাচা , ড° কৰবী ডেকা হাজৰিকা , আৰু ড° জয়শ্ৰী গোস্বামী মহন্তই প্ৰতিদ্বন্দিতা আগবঢ়াব । ঠিক একেদৰে উপ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৪ জন‌ প্ৰাৰ্থীয়ে । এই ৪ জন প্ৰাৰ্থীৰ ভিতৰত আছে ৰতিমোহন নাথ , মৃনালী দেৱী , ড° বসন্ত কুমাৰ শৰ্মা আৰু পদুমী গগৈ । লগতে প্ৰধান সম্পাদক পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব যাদৱ চন্দ্ৰ শৰ্মা , হৰেন্দ্ৰ কলিতা , আৰু দেৱজিৎ বৰাই ।

তাৰোপৰি অসম সাহিত্য সভাৰ নিৰ্বাচন সমিতিৰ মুখ্যপাত্ৰ বিজন মহাজনে কয় যে অহা ১ নৱেম্বৰ তাৰিখৰ পৰা জিলা আৰু শাখা পৰ্যায়ত ডাক যোগে ভোট দান প্ৰক্ৰিয়া আৰম্ভ হ'ব । লগতে ভোট দান প্ৰক্ৰিয়া সমাপ্ত হ'ব ১০ ডিচেম্বৰ তাৰিখে আৰু সন্ধিয়া ৪ বজাত ভোটৰ বাকচ বন্ধ কৰা হ'ব । এই প্ৰক্ৰিয়াত উপস্থিত থাকিব নিৰ্বাচন সমিতিৰ মুখ্যপাত্ৰ । বন্ধ কৰা ভোটৰ বাকচ সমূহ গুৱাহাটীৰ পানবজাৰ আৰক্ষী থানাত আৰক্ষীৰ নিৰাপত্তাত ৰখা হ'ব ।

১৫ ডিচেম্বৰ‌ তাৰিখে পুৱা ৭ বজাৰ ভিতৰত গুৱাহাটী পানবজাৰ থানাৰ পৰা আৰক্ষীৰ নিৰাপত্তাৰ মাজেৰে ভোট বাকচ সমূহ সভাৰ‌ সপ্তম তম কাৰ্যনিৰ্বাহ অধিবেশন স্থলীলৈ নিয়া হব । তাৰপিছত নিৰ্বাচন সমিতিয়ে ভোটৰ ফলাফল ঘোষণা কৰিব ।

বুধবাৰে অনুষ্ঠিত হোৱা সংবাদ মেলত অসম সাহিত্য সভাৰ নিৰ্বাচন সমিতিৰ মুখ্য নিৰ্বাচনী বিষয়া তথা গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা , অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ লগতে আন বহুতো বিষয় ববীয়া উপস্থিত থাকে ।

ভিডিঅ প্ৰতক্ষ্য কৰক : Akhil Gogoi to Protest over Subansiri Dam Construction

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com