"হাৰ খেত ক' পানী": খেতিয়কৰ সমস্যা বুজ ল'বলৈ জলসিঞ্চন বিভাগক নিৰ্দেশ

"হাৰ খেত ক' পানী": খেতিয়কৰ সমস্যা বুজ ল'বলৈ জলসিঞ্চন বিভাগক নিৰ্দেশ

শুকুৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে " হাৰ খেত ক' পানী " আচনিৰ জৰিয়তে সকলোৱে খেতিয়কে যাতে সুবিধা লাভ কৰে তাৰ বাবে জলসিঞ্চন বিভাগক নিৰ্দেশ দিয়ে ।

প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন আচনিৰ অধিনত অসমৰ ১৪ খন জিলাত প্ৰথম পৰ্যায়ত ভূগৰ্ভৰ পানীৰ উপলব্ধতা বৃদ্ধিৰ ক্ষেত্ৰত আঁচনি খনে কাম কৰিব । এই আঁচনিৰ লক্ষ্য হৈছে শস্য বৃদ্ধি কৰা আৰু পানীৰ উপযুক্ত ব্যৱহাৰ কৰা । ৰাজ্যৰ প্ৰায় ১.৪ লাখ কৃষি খণ্ডত জলসিঞ্চন যোগান ধৰা হব এই আচনি খনত। এই আচনিৰ অধিনত ৪,৭৭৯ চলাৰ আৰু বিদুৎতিক বাল্ব ১৯,০০০ খেতিয়ক ক প্ৰদান কৰা হব ।

জনতা ভবনৰ কনফৰেন্স হলত অনুষ্ঠিত বৈঠকত জলসিঞ্চন আচনি খনৰ অগ্ৰগতিৰ সন্দৰ্ভত বুজ লয় । এই আচনি খনৰ ৰূপায়ণৰ ক্ষেত্ৰত এখন ৰোডমেপ তৈয়াৰ কৰিবলৈ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে জলসিঞ্চন বিভাগক খেতিয়ক সকলৰ লগত অধিক বন্ধুত্ব সুলভ হৈ বিশ্বাসযোগ্যতা আৰু দক্ষতাৰ সন্দৰ্ভত জানিবলৈ বিভিন্ন উপদেশ দিয়ে ।

লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আঁচনি খনৰ কামকাজৰ ওপৰত নিৰিক্ষন কৰিবলৈ জেষ্ঠ বিষয়া সকলক উপদেশ দিছে । আঁচনি খনৰ ৰূপায়ণৰ ক্ষেত্ৰত সময় আৰু ব্যয় ৰ ক্ষেত্ৰতো পৰ্যবেক্ষন কৰিবলৈ কয় । সোনোৱালে লগতে জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰকাশ কৰে ।

সৰ্বানন্দ সোনোৱালে ৰাজ্য বিভাগ সমুহক সময়মতে ৰূপায়ণ কৰা আৰু শীঘ্ৰে কাম সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব দিবলৈ কয় । লগতে মুখ্যমন্ত্ৰীয়ে বিভাগৰ শীৰ্ষ বিষয়াৰ পৰা অভিযন্তা সকলোকে নিৰ্দেশ কৰি কয় । ঠিকাদাৰ সকলৰ সমস্যা সমুহ সমাধানৰ ক্ষেত্ৰত চৰকাৰে যিকোনো ব্যবস্থা গ্ৰহণ কৰাৰ লগতে ঠিকাদাৰ সকলৰ অবহেলাৰ বাবেও চৰকাৰে ঠিকাদাৰ সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে " হাৰ খেত ক' পানী " আচনিৰ জৰিয়তে সকলোৱে খেতিয়কে যাতে সুবিধা লাভ কৰে তাৰ বাবে জলসিঞ্চন বিভাগক নিৰ্দেশ দিয়ে ।

সোনোৱালে লগতে প্ৰত্যেকটো বিভাগকে প্ৰত্যেক খন আঁচনিৰ কথাৰ লগতে ঠিকাদাৰৰ লগতে ৰূপায়ণকাৰী সংস্থাৰ লগতে কিমান ধন আবন্টন হৈছে অৰ্থাৎ সকলো ধৰণৰ স্বচ্ছতা প্ৰকাশ কৰি বিজ্ঞাপন দিবলৈও প্ৰকাশ কৰে । লগতে বিভাগ সমূহত খালি হৈ থকা পদ সমূহ পূৰনৰ বাবে ব্যৱস্থা লবলৈ কয়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com