Begin typing your search above and press return to search.

অসমৰ অধিক ৬৮ খন মহাবিদ্যালয়ত বি এড পাঠ্যক্ৰম সন্নিবিষ্ট কৰিব

অসমৰ অধিক ৬৮ খন মহাবিদ্যালয়ত বি এড পাঠ্যক্ৰম সন্নিবিষ্ট কৰিব

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Jun 2019 10:39 AM GMT

অসমত সকলো শিক্ষকৰ বি এড ডিগ্ৰী থাকিব লাগিব বুলি প্ৰকাশ কৰাৰ পাছতে অসমৰ অধিক মহাবিদ্যালয়ত বি এড পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে। ৰাজ্যৰ অতিৰিক্ত ৬৮ খন মহাবিদ্যালয়ত বি এড পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিব বুলি প্ৰকাশ কৰিছে চৰকাৰে ।

এই সম্পৰ্কত উচ্চ শিক্ষা সংসদৰ অধক্ষ্যয়ে ৬৮ খন প্ৰাদেশিকৃত মহাবিদ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে । ২০১৯ চনৰ ১৭ জুনত অধক্ষ্যয়ে ৬৮ খন মহাবিদ্যালয়ৰ অধক্ষ্যলৈ বি এড পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিবলৈ জাননী প্ৰেৰণ কৰে। উচ্চ শিক্ষা সংসদৰ অধক্ষ্যয়ে মহাবিদ্যালয় সমূহৰ অধক্ষ্যক মহাবিদ্যালয় সমূহত বি এড পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিবলৈ প্ৰয়োজনীয় অনুমতি লবলৈ প্ৰকাশ কৰে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৬৮ খন মহাবিদ্যালয়ত বি এড পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হব । এই মহাবিদ্যালয় সমূহৰ ভিতৰত গোৰেশ্বৰ কলেজ, বাক্সা জিলাৰ বৰমা কলেজ , নবজ্যোতি কলেজ, বৰনগৰ কলেজ আৰু বৰপেটা জিলাৰ বি. বি .কে কলেজ । বিশ্বনাথ জিলাৰ বিশ্বনাথ কলেজ, বঙাইগাঁও জিলাৰ অভয়াপুৰী কলেজ আৰু চৰাইদেউ জিলাৰ সোনাৰী কলেজ , চিৰাং জিলাৰ বিজনী কলেজ , দৰং জিলাৰ মংগলদৈ কলেজ , ধেমাজি জিলাৰ ধেমাজি কলেজ , ধুবুৰী জিলাৰ এন বি কলেজ আৰু বিলাসীপাৰা কলেজ , ডিব্ৰুগড় জিলাৰ ডিব্ৰু কলেজ , দুলীয়াজান কলেজ আৰু নামৰূপ কলেজ । আনহাতে কাৰ্বি আংলং জিলাৰ ডিফু চৰকাৰী কলেজ , গোৱালপাৰা জিলাৰ গোৱালপাৰা কলেজ আৰু দুধনৈ কলেজ , গোলাঘাট জিলাৰ ডি আৰ কলেজত , হোজাই জিলাৰ লামঙি কলেজ, যোৰহাট জিলাৰ ডি চি বি গালৰ্চ কলেজ , মৰিয়নি কলেজ , বাহনা কলেজ, কাকজান কলেজ, আৰু এন এন শইকীয়া কলেজ। কামৰূপ মেট্ৰৰ আৰ্য বিদ্যাপীঠ, বি বৰুৱা কলেজ, সন্দিকৈ ছোৱালী মহাবিদ্যালয় , গুৱাহাটী কলেজ , পাণ্ডু কলেজ , এল চি বি কলেজ আৰু প্ৰাগজ্যোতিশ কলেজ । আনহাতে উত্তৰ গুৱাহাটী কলেজ, এচ বি এম এচ কলেজ শুৱালকুচি , জে এন কলেজ , বি পি চলিহা কলেজ , ডিমৰিয়া কলেজ , ডি কে কলেজ , ৰঙীয়া কলেজ আৰু পূব কামৰূপ কলেজ । লগতে কোকৰাঝাৰ জিলাৰ গোসাঁইগাও কলেজ, কোকৰাঝাৰ চৰকাৰী কলেজ , লক্ষিমপুৰৰ লক্ষিমপুৰ ছোৱালী কলেজ , নৰ্থ লক্ষিমপুৰ কলেজ , এল টি কে কলেজ আৰু ঢকুৱাখানা কলেজ । মাজুলীৰ মাজুলী কলেজ আৰু মৰিগাঁও জিলাৰ মৰিগাঁও কলেজ আৰু জাগীৰোড কলেজ । নগাঁও জিলাৰ নগাঁও কলেজ , এ ডি পি কলেজ , ধিং কলেজ , আৰু কলিয়াবৰ কলেজ । নলবাৰী জিলাৰ বৰভাগ কলেজ , তিহু কলেজ । শিবসাগৰ জিলাৰ শিবসাগৰ ছোৱালী মহাবিদ্যালয় , মৰান কলেজ , গৰগাঁও কলেজ আৰু শিবসাগৰ কলেজত অন্তৰ্ভুক্ত কৰা হব । শোণিতপুৰ জিলাৰ দৰং কলেজ, টি এইচ বি কলেজ, এল অ কে ডি কলেজ আৰু চাৰিদুৱাৰ কলেজ আৰু ওদালগুৰি জিলাৰ তংলা কলেজ আৰু তিনিচুকীয়া জিলাৰ ডিগবৈ কলেজত বি এডৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হব ।

অধিক খবৰৰ বাবে পঢ়ক:মৰিগাঁও জিলাৰ জাগীৰোড মহাবিদ্যালয়লৈ এক বিশেষ সন্মান

Next Story
চাকৰি