Begin typing your search above and press return to search.

বৰপেটাৰ বেল’না গাঁৱলৈ অসমৰ প্ৰথম স্বচ্ছ আৰু সেউজীয়া গাঁৱৰ খিতাপ

বৰপেটাৰ বেল’না গাঁৱলৈ অসমৰ প্ৰথম স্বচ্ছ আৰু সেউজীয়া গাঁৱৰ খিতাপ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Oct 2019 7:21 AM GMT

বৰপেটাৰ বেল’না গাঁৱলৈ অসমৰ প্ৰথম স্বচ্ছ আৰু সেউজীয়া গাঁৱৰ খিতাপ৷ অসমৰ সেউজীয়া আৰু স্বচ্ছ ঠাই হিচাপে চিহ্নিত হ'ল বেল’না গাঁও । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক টুইটৰ জৰিয়তে অসমৰ বৰপেটা জিলাৰ বেল’না গাওক প্ৰশংসা কৰে । লগতে গাঁৱখনৰ লোক সকলে স্বচ্ছতাৰ ক্ষেত্ৰত লোৱা পদক্ষেপক প্ৰশংসা কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰিছে যে , " অতি উত্তম । স্বচ্ছতাৰ ক্ষেত্ৰত গাওখনে লোৱা পদক্ষেপ সচাকৈয়ে আশ্বৰ্যজনক । স্বচ্ছতা অভিযানৰ ক্ষেত্ৰত যি সকলে কাম কৰিছে সেই সকললৈ সমবেদনা জ্ঞাপন কৰিলো ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এক সম্প্ৰদায়ৰ লোকে একত্ৰিত হৈ খোজকাঢ়ি ৰাজপথলৈ ওলাই আহিছে । লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বেল’নাৰ জনসাধাৰণে প্ৰতিপন্ন কৰিলে যে কেনেদৰে সামূহিক প্ৰয়াসে প্লাষ্টিক প্ৰদূষণৰ লগত মোকাবিলা কৰিব পাৰে।ইফালে বৰপেটা জিলাৰ অন্তৰ্গত বেল’না গাও খনে সেউজীয়া আৰু স্বচ্ছ গাঁৱৰ যোগ্যতা অৰ্জন কৰিলে ।

স্বচ্ছতা অভিযানৰ অনুসৰণ আৰু প্লাষ্টিক নিৰ্মূল কৰণক অনুসৰণ কৰি বেল’না গাঁৱখনে সেউজীয়া আৰু স্বচ্ছ গাঁৱৰ যোগ্যতা অৰ্জন কৰিলে । তাৰোপৰি বৰপেটা জিলাৰ অন্তৰ্গত বেল’না গাঁৱখনত কোনো লোকে প্লাষ্টিক ব্যৱহাৰ কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা । উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনৰ ২ অক্টোবৰত ভাৰতক স্বচ্ছ কৰাৰ অভিযান আৰম্ভ কৰিছিল। এই অভিযানক সফল কৰিবৰ কাৰণে প্লাষ্টিক ব্যৱহাৰত প্ৰতিবন্দকতাৰ পদক্ষেপ লয় ৷ যাতে দেশক সেউজ আৰু সুন্দৰকৈ গঢ়ি তুলিব লাগে।

প্ৰধানমন্ত্ৰী মোডীৰ এই পদক্ষেপক সাৰোগত কৰি বৰপেটা জিলাৰ বেল’না গাঁৱৰ লোকসকলে গাঁৱখনক সুন্দৰ আৰু স্বচ্ছ গাঁৱ গঢ়ি তুলিবলৈ আগবাঢ়ি আহে ৷ আৰু তেওঁলোকে সেই পদক্ষেপত আগবাঢ়ি গৈ আজি ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজ্জ্বলাবলৈ সক্ষম হয় । বেল’না বৰপেটা চহৰৰ পৰা ৩৬ কিলোমিটাৰ দূৰত্বত আৰু পাঠশালাৰ পৰা পাঁচ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৷ কিছু বছৰৰ পূৰ্বতে এই গাঁৱৰ লোকসকলে গাঁৱখনক প্লাষ্টিক মুক্ত কৰাৰ পদক্ষেপ লয়। আৰু গাঁৱবাসীৰ সেই সপোন পূৰণ হয় ২০১৬ চনত ৷কাৰণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বেল’না গাঁৱক অসমৰ প্ৰথম স্বচ্চ আৰু সেউজ গাঁৱ হিছাপে স্বীকৃতি দিয়ে ।

স্থানীয় লোকৰ মত অনুসৰি আমাৰ গাঁও ১০০ শতাংশ প্লাষ্টিক মুক্ত। কোনোবাই যদি প্লাষ্টিক ব্যৱহাৰ কৰে তেন্তে ৫০১ টকা জৰিমনা পৰিশোধ কৰিব লাগিব ৷ আমি গাঁৱখনত সেউজীয়া গছ গছনি লগাইছো যাতে গাঁৱখনৰ পৰিৱেশ সুস্থ হৈ থাকে আৰু ভৱিষ্যতে আমাৰ পৰিচয় এক আদৰ্শ হৈ থাকে ৷ আনহাতে স্বচ্চ আৰু সেউজ কৰি ৰখাৰ এই অভিযানত মহিলাসকলে উল্লেখ যোগ্য ভূমিকা গ্ৰহন কৰিছে। তেওঁলোকে বাতৰিকাগজৰ বেগ প্ৰস্তুত কৰি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত বিতৰণ কৰে ৷যাতে প্লাষ্টিক ব্যৱহাৰৰ পৰা আঁতৰত থাকিব পাৰে ৷এজন স্থানীয় লোকৰ মত অনুসৰি প্লাষ্টিক পৰিবেশৰ কাৰণে বিপদজনক ৷যদি দীৰ্ঘ সময় ধৰি সুস্থ জীৱন সকলোৱে বিচাৰে তেন্তে প্লাষ্টিক ব্যৱহাৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ লগতে অধিক পৰিমাণে বৃক্ষ ৰোপন কৰিব লাগিব ৷

অন্য খবৰৰ বাবে পঢ়ক: বৰপেটাৰ পৰা ৪ জন জামাত-উল-মুজাহিদিনৰ কেডাৰক আটক কৰে অসম আৰক্ষীয়ে

ভিডিঅ প্ৰতক্ষ্য কৰক:Pollution Testing Unit allegedly overcharging then fixed amount in Guwahati

Next Story
চাকৰি