Begin typing your search above and press return to search.

 অসম আৰক্ষীৰ নতুন আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে নিয়োগ ভাস্কৰজ্যোতি মহন্ত

 অসম আৰক্ষীৰ নতুন আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে নিয়োগ ভাস্কৰজ্যোতি মহন্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Nov 2019 11:41 AM GMT

অসম আৰক্ষীৰ নতুন আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে নিয়োগ ভাস্কৰজ্যোতি মহন্ত । অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান (সীমান্ত) ভাস্কৰ জ্যোতি মহন্তক অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হিচাপে নিয়োগ কৰা হৈছে।আৰক্ষীৰ সূত্ৰ মতে বৰ্তমান অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াৰ পৰা দ্বয়িত্বভাৰ ৩০ নৱেম্বৰ ,২০১৯ ত লব।উল্লেখযোগ্য যে বৰ্তমানৰ সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই নৱেম্বৰ ৩০ তাৰিখে অৱসৰ গ্ৰহণ কৰিব।

তথ্য অনুসৰি ৰাজ্যিক চৰকাৰে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান পদবীৰ বাবে ৫ জনৰ নাম ইউ পি এছ চি লৈ প্ৰেৰণ কৰিছিল।সেই ৫জনৰ নাম ক্ৰমে এন কে সিং,ভাস্কৰজ্যোতি মহন্ত, কে বি সিং দিও, বি কে মিশ্ৰ। আৰু মুকেশ আগৰৱাল।উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশণা মতে নিযুক্ত হোৱা আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীৰ কাৰ্যকালৰ সময় দুবছৰ।

অন্য খবৰৰ বাবে পঢ়ক: বিধানসভাৰ শীতকালীন অধিবেশনৰ প্ৰথমটো দিনতেই আঠ সংগঠনৰ প্ৰতিবাদ

ভিডিঅ প্ৰতক্ষ্য কৰক: Chaotic Situation in Guwahati’s Last Gate, Protesters slams BJP Government over CAB

Next Story