আজিৰ পৰা আৰম্ভ অনুৰাগীৰ বহু প্ৰত্যাশিত বিগ বছ ১৩

আজিৰ পৰা আৰম্ভ অনুৰাগীৰ বহু প্ৰত্যাশিত বিগ বছ ১৩

আজিৰ পৰা আৰম্ভ হ’ব আমাৰ সকলোৰে বহু প্ৰত্যাশিত বিগ বছ ১৩ ৷বিগত সময়ৰ দৰে এইবাৰো বিগ বছৰ আঁত ধৰিছে বলীউডৰ অভিনেতা ছলমান খানে ৷ বিগ বছ ১৩ ত অংশ কৰিব লগীয়া বহু প্ৰতিযোগিৰ নাম সম্প্ৰতি শুনিবলৈ পোৱা গৈছে। এক বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এতিয়ালৈকে ৯ জন চেলীব্ৰেটীৰ নাম ঘোষণা কৰা হৈছে ৷ তাৰ ভিতৰত আছেঃ

কোয়েনা মিত্ৰঃ বলীউডৰ অভিনেত্ৰী কোয়েনা মিত্ৰই ২০০৪ চনত মুক্তি পোৱা মুচাফিৰ নামৰ ছবিখনৰ জৰিয়তে ছবিজগতত পদাৰ্পন কৰিছিল । ইয়াৰ পিছত এক খিলাড়ী এক হসীনা,ইন্সান,অপনা চপনা মনি মনি,আৰু হে বেবীৰ দৰে ছবিত দেখা গৈছিল কোয়েনাক। বলীউডে কোয়েনাক আদৰি নোলোৱাৰ কাৰণে অভিনেত্ৰী গৰাকীক তামিল আৰু বাংলা ছবি দেখা গৈছিল। সম্প্ৰতি আকৌ নিজৰ কেৰিয়াৰ আগবঢ়াই নিবৰ কাৰণে বিগ বছৰ সহায় ল’ব বিচাৰিছে কোয়েনাই।

ৱাজিদ খান

সংগীত পৰিচালক ৱাজিদ খান বিগ বছ ১৩ ৰ এগৰাকী প্ৰতিযোগী ৷এই সন্দৰ্ভত ইতিমধ্যে ফাৰাহ খান আৰু নেহা কক্কাৰে এটি ভিডিঅ’ৰ জৰিয়তে জানিবলৈ দিছে। সাজিদে ছলমান খানৰ ছবি প্যাৰ কিয়া তো ডৰনা কিয়া ছবিৰ জৰিয়তে বলীউডত প্ৰবেশ কৰিছিল ৷ইয়াৰ উপৰিও তুমকো না ভুল পায়েংগে,তেৰে নাম, ৱান্টেড আদি ছবিত সংগীত পৰিচালকৰ কাম কৰিছে সাজিদে।

ৰশ্মি দেশাই

সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী ৰশ্মি দেশে আমি সকলোৱে জানো ৷উত্তৰণ নামৰ ধাৰাবাহিকৰ জৰিয়তে অনুৰাগীৰ মাজত চৰ্চা লাভ কৰিছে ৰশ্মিয়ে ৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি ৰশ্মিৰ বয়ফেণ্ড অৰহান খানেও বিগ বছত অংশ ল’ব ৷ অৱশ্যে বিগ বছ মেকাৰ্ছসকলে এতিয়াও সিদ্ধান্ত লোৱা নাই যে ৰশ্মিৰ বয়ফেণ্ডত বিগ বছত অংশ ল’বলৈ কেতিয়া অনুমতি প্ৰদান কৰিব ৷

আৰতী সিং

সৰু পৰ্দাৰ অভিনেত্ৰী আৰতি সিং বলীউডৰ অভিনেতা গোবিন্দাৰ ভাগিন আৰু কৃষ্ণা অভিষেকৰ ভগ্নী ৷ ২০০৭ চনত মায়েকে ধাৰাবাহিকৰ জৰিয়তে সৰু পৰ্দাত ভূমুকি মাৰিছিল আৰতীয়ে ৷ ইয়াৰ পিছত গৃহস্থী,থোৰা হ্যে থোৰা জৰুৰত,পৰিচয়,উত্তৰণ,দেৱো কে দেৱ মহাদেৱৰ দৰে ধাৰাবাহিকত অভিনয় কৰিছিল।

দলজিৎ কৌৰঃ

সৰু পৰ্দাৰ অভিনেত্ৰী দল জিৎ কৌৰ ইছ প্যাৰ কো ক্যিয়া নাম দু ছবিৰ জৰিয়তে চৰ্চালৈ আহিছিল ৷ ২০১৫ চনত অভিনেতা শালীন ভনোটৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল দলজিত ৷ কিন্তু ৬ বছৰৰ পিছত বিবাহ বিচ্চেদ হয় দলজিতৰ ৷

সিদ্ধাৰ্থ শুক্লা

সৰু পৰ্দাৰ ধাৰাবাহিক বালিকা বধুৰ জৰিয়তে অনুৰাগীৰ মাজত প্ৰসিদ্ধি লাভ কৰিছিল সিদ্ধাৰ্থ শুক্লাই। অভিনেতা সিদ্ধাৰ্থ পথত কাৰ ৰেচিং কৰাৰ পৰা নিজৰ সহ শিল্পীৰ লগত কৰা ব্যৱহাৰৰ কাৰণে প্ৰসিদ্ধি লাভ কৰিছিল।

দেৱলীনা ভট্টাচাৰ্য

সৰু পৰ্দাৰ ধাৰাবাহিক

সাথ নিভানা সাথীয়াৰ অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যক দেখা যাব বিগ বছ ১৩ ত ৷ অসমৰ জীয়ৰী দেৱলীনা বিগ বছ ১৩ ত প্ৰবেশৰ খবৰে উৎফুল্লিত কৰিছে ৰাজ্যবাসীৰ লগতে অনুৰাগীক।

অবু মালিক

গায়ক,সংগীত পৰিচালক অনু মালিকৰ ভাতৃ অবু মালিক ৷অবু মালিকে বলীউডৰ বহু ছুপাৰষ্টাৰ,গায়কৰ লগত কাম কৰিছে৷ এইসকলৰ নামৰ উপৰিও আন বহু ষ্টাৰ ছুপাৰষ্টাৰৰ নাম সম্প্ৰতি চৰ্চালৈ আহিছে যদিও এতিয়াও ফাইনেল এগ্ৰীমেন্টত চাইন হোৱা নাই ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Lumding MLA Sibu Mishra donates 3 bigha land to Pranabananda Women’s College

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com