নাগৰিকত্ব বিল আৰু নতুন এন আৰ চিৰ ক্ষেত্ৰত ৰঞ্জীত দাসৰ সমৰ্থন

নাগৰিকত্ব বিল আৰু নতুন এন আৰ চি ৰ ক্ষেত্ৰত ৰঞ্জীত দাসৰ সমৰ্থন।বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে মন্তব্য কৰে যে অখণ্ডিত ভাৰতৰ অংশ আৰু যি সকল চুবুৰীয়া দেশসমূহৰ সংখ্যালঘু।যি সকলে ধৰ্মীয় কাৰণত দেশ বাদ দি শৰণাৰ্থী হিচাপে ভাৰতত আছে তেওঁলোকক মৌলিক অধিকাৰ প্ৰদান কৰাটো বিজেপি দলৰ জন্মলগ্নৰে পৰা এক প্ৰতিশ্ৰুতি আছিল।শনিবাৰে দাসে সংবাদমাধ্যমৰ আগত কয় যে,১৯৮০ চনত ভাৰতীয় জন সংঘৰ পৰা বিজেপি দলৰ জন্মলগ্নৰপৰাই
এইয়া দলটোৰ আদর্শগত প্ৰতিশ্ৰুতি আছিল দেশৰ জনসাধাৰণৰ প্ৰতি যে,পাকিস্তান,বাংলাদেশ আৰু আফগানিস্তানৰ সংখ্যালঘু লোকসকলক যি সকলে ধৰ্মীয় উৎ পীড়ণৰ ফলত দেশ বাদ দি শৰণাৰ্থী হিচাপে ভাৰতত আশ্ৰয় লৈছে তেওঁলোকক মৌলিক অধিকাৰ প্ৰদান কৰা।সেই প্ৰতিশ্ৰুতিৰ বাবেই সময়ে সময়ে নাগৰিকত্ব বিলৰ সংশোধনী কৰি থকা হৈছে।বৰ্তমান সংসদত কি ধৰণৰ নাগৰিকত্ব বিল উথাপন হব আমি নাজানো কিন্তু এই কথা আমি অৱগত হম তেতিয়াহে যেতিয়া সেই বিল সংসদত উত্থাপন হব।আনহাতে এন আৰ চি সম্পৰ্কত দাসৰ মন্তব্য এন আৰ চিৰ প্ৰকাশিত চুড়ান্ত তালিকা যি ৩১ আগষ্ট ২০১৯ ত প্ৰকাশ হল তাত বহু বিসংগতি হৈছে।
অসমৰ প্ৰতিজন লোকেই এখন শুদ্ধ এন আৰ চি বিচাৰিছে।বিপৰীতে কিন্তু এন আৰ চি খন দুবাৰকৈ উন্নীতকৰন কৰাৰ পিছতো এন আৰ চিৰ প্ৰকাশিত তালিকাৰ বিৰুদ্ধে
বহুতে অভিযোগ ,প্ৰতিবাদ কৰিছে।
Also Read: ২০২০ চনত গুৱাহাটীত অনুষ্ঠিত হ’ব ফিল্ম ফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান
Also Watch: AGP leadership has not been vocal against the CAB: Prafulla Kumar Mahanta