ব্যস্ততাৰ মাজতো সহায় কৰিবলৈ নাপাহৰে কমেডিয়ান কপিল শৰ্মাই

ব্যস্ততাৰ মাজতো সহায় কৰিবলৈ নাপাহৰে কমেডিয়ান কপিল শৰ্মাই

কমেডিয়ান কপিল শৰ্মাই আমাৰ জীৱনৰ যিকোনো মুহুৰ্তৰ হাঁহিৰ খোৰাক জনাবলৈ কেতিয়াও নাপাহৰে ৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লোকে দ্য কপিল শৰ্মা শ্ব’ চাবলৈ অতিকৈ উৎসুক। আৰু সকলোৱে ভাল পায়,আদৰি লয় কপিল শৰ্মাক ৷ইয়াৰ মাজতে পোহৰলৈ আহিছে কপিল শৰ্মাৰ সহায় কৰি ভাল পোৱা মনটোৰ কথা ৷ হয়, কপিল শৰ্মাই নিজৰ কামৰ লগত জৰিত প্ৰত্যেকজন লোকক হৃদয় খুলি সহায় কৰে ।

কপিল শৰ্মাই সততে সকলোকে সহায় কৰাৰ কথা প্ৰকাশ কৰিছে কপিল শৰ্মাৰ এজন হেয়াৰ ষ্টাইলিষ্ট প্ৰণয় কুমাৰে। প্ৰণয় কুমাৰৰ মতে তেওঁৰ সফলতাত কপিল শৰ্মাৰ অৱদান অপৰিসীম। লগতে কপিলে প্ৰণয় কুমাৰক নিজক ব্ৰেণ্ড মুকলি কৰিবলৈ সহায় কৰিছে। কপিলে প্ৰণয়ক ৬-৭ লাখ টকা দিয়ে আৰু সম্প্ৰতি প্ৰণয়ক লগতে দুখনকৈ চেলুন আছে মুম্বাইত ৷

প্ৰণয় মত অনুসৰি মই সপ্তাহত দুদিন কপিল শৰ্মাৰ কাৰণে হেয়াৰ ষ্টাইলিষ্ট কৰোঁ ৷ তাৰ বাহিৰে মোৰ লগত অন্য বিশেষ কাম নাছিল কিন্তু মই নিজৰকৈ চেলুন খুলিব বিচাৰিছিলো যদিও মোৰ লগত পইছা নাছিল৷ সেই কথা মই এদিন কপিল চাৰৰ সন্মুখত ক’লো আৰু তেওঁ মোক সহায় কৰিবলৈ আগবাঢ়ি আহিল ৷ আৰু পইছাও বিচৰা নাছিল ৷ ইয়াৰ বাহিৰেও পাঞ্জাৱী ছবিৰ অমিতাভ বচ্চন বুলি কোৱা অভিনেতা সতীশ কোলৰ অসুখীয়া অৱস্থাত কপিল শৰ্মাই সহায় কৰে ৷ছ’চিয়েল মিডিয়াত কোনো ধৰণ সম্ভেদ নিদিয়াকৈ কপিল শৰ্মাই পঞ্জাৱত উপস্থিত হৈ তেওঁক সহায় কৰে ৷

কপিল শৰ্মাৰ ছবি ফিৰংগীৰ দৃশ্য গ্ৰহণৰ সময়ত এগৰাকী সহকাৰী শিল্পীৰ মৃত্যুৰ পিছত তেওঁৰ সন্তানৰ পঢ়াৰ দায়িত্ব লয় কপিল শৰ্মাই ৷ কপিল নিজৰ ষ্টাফৰ স্পট বয়ৰ মাতৃৰ টিউমাৰ হওতে কোনো ধৰণৰ চিন্তা নকৰাকৈ ১১-১২ টকা দিয়ে ৷ স্পট বয়ে কামৰ কাৰণে আহিব পৰা নাছিল যদিও কপিল শৰ্মাৰ হৃদয় খুলি সহায় কৰে তেওঁক ৷

অন্যহাতে কপিল শৰ্মাৰ এগৰাকী বন্ধু প্ৰতিপাল সিঙে কয় যে কপিল শৰ্মাৰ পিতৃ জতিন্দ্ৰ সিঙৰ ২০০৪ চনৰ কেন্সাৰ ৰোগৰ কাৰণে মৃত্যু মুখত পৰিছিল। সেয়ে কপিল শৰ্মাৰ কেন্সাৰত আক্ৰান্ত ৰোগীসকলৰ সহায়ৰ কাৰণে সদায় আগবাঢ়ি আহে। এয়া আছিল কপিল শৰ্মাৰ মানবীয়তা ৷১৯৮১ চনৰ ২ এপ্ৰিলত জন্ম গ্ৰহণ কৰা কপিল শৰ্মাক সৰু পৰ্দাত বহু পুৰস্কাৰে পুৰস্কৃত কৰা হয়। স্বৰ্গীয় জিতেন্দ্ৰ কুমাৰ আৰু জানেক ৰাণীৰ সন্তান কপিল শৰ্মা বলেউড তথা সৰু পৰ্দাৰ কমেডীৰ একচেত্ৰী সম্ৰাট ৷২০১৮ বৰ্ষৰ ১২ ডিচেম্বৰত কপিল শৰ্মা গিন্নি চত্ৰৰথৰ লগত বিবাহ পাশত আবদ্ধ হয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com