দাবাং ৩ ৰ কাৰণে ওজন হ্ৰাস কৰিলে বলীউডৰ অভিনেতা ছলমান খানে

দাবাং ৩ ৰ কাৰণে ওজন হ্ৰাস কৰিলে বলীউডৰ অভিনেতা ছলমান খানে

বলীউডৰ অভিনেতা ছলমান খানৰ ছবি বুলিলেই উৎসুকতাৰে মন ভৰি থাকে অনুৰাগী সকলৰ ৷ব্যতিক্ৰম নহয় এইবাৰো ৷ সততে বলীউডৰ অভিনেতা অভিনেত্ৰীসকলে ছবিৰ কাৰণে নিজৰ শৰীৰ পৰিৱৰ্তন কৰি থাকে ৷ উদাহৰণ স্বৰূপে দংগলৰ কাৰণে আমিৰ খানৰ কথা উল্লেখ কৰিব পাৰি ৷

সম্প্ৰতি ছলমান খানৰ আহিবলগীয়া ছবি দাবাং ৩ ৰ কাৰণে বিশেষ উৎসুক দেখা গৈছে অনুৰাগীৰ৷ কাৰণ দাবাং ৩ ৰ কাৰণে ছলমান খানে নিজৰ ওজন হ্ৰাস কৰিবৰ কাৰণে নিতৌ কচৰৎ কৰাত ব্যস্ত আছি৷ খবৰ অনুসৰি ছলমান খানে দাবাং ৩ ৰ কাৰণে প্ৰায় ১৫ কেজি ওজন হ্ৰাস কৰিছে ৷ চুলবুল পাণ্ডেৰ ২০ বছৰৰ পূৰ্বৰ ছবি দেখুৱাবলৈ ছলমান সম্প্ৰতি কচৰৎ কৰাত ব্যস্ত আছে ৷

গতিকে চলিত বৰ্ষৰ ব্লক বাষ্টাৰ ভাৰত ছবিত যেনেদৰে ছলমান খানে বয়োজেষ্ঠ্য এজন ব্যক্তিৰ চৰিত্ৰত অভিনয় কৰি সকলোকে আচৰিত কৰি তুলিছিল ৷তেনেকৈয়ে ছলমান খানে এইবাৰো চফল ডেকাৰ চৰিত্ৰৰ যোগেৰে সকলোকে আচৰিত কৰিব ৷ কাৰণ দাবাং ৩ ত ছলমান খান অতীতৰ ঘটনাক দেখুৱাব ৷ চুলবুল পাণ্ডে আৰক্ষীত যোগদান নকৰাৰ সময়ক উপস্থাপন কৰিব কাৰণেই সম্প্ৰতি ছলমান খানে জিমত গৈ শৰীৰৰ অতিৰিক্ত চৰ্বী হ্ৰাস কৰাত মনোনিবেশ কৰিছে ৷

ইফালে দাবাং ৩ ছবিখনত ছলমান খানে মহেশ মাঞ্জেকাৰৰ জীয়ৰী অশ্ৰামী মাঞ্জেকাৰৰ লগত অভিনয় কৰিব ৷গতিকে এই ছবিখনত ত্ৰিকোনীয়া প্ৰেম কাহিনী দেখুৱা হ’ব ৷ ৩১ বছৰীয়া অশ্বামীৰ লগত ছলমান খানৰ প্ৰেম সচাঁকৈয়ে লক্ষ্যনীয় হ’ব ছবিখনত ৷ অৱশ্য নিজৰ সৰু বয়সৰ অভিনেত্ৰীৰ লগত অভিনয় কৰাটো নতুন কথা নহয় বলীউডত ইয়াৰ পিছত ইনচেআল্লাহত অভিনেত্ৰী আলিয়াৰ সৈতে অভিনয় কৰিব ছলমান খানে।

ছলমান খানৰ লগত চৰ্চিত দাবাং ৩ ছবিত দেখা যাব সোনাক্ষী সিন্হাক । অন্যহাতে ভূজ দ্য প্ৰাইড অৱ ইণ্ডিয়া ছবিত অভিনয় কৰাৰ কথা উল্লেখ কৰে সোনাক্ষীয়ে ৷ জুনৰ পৰা দৃশ্যগ্ৰহণ হ’বলগীয়া ছবিখনত অভিনয় কৰিবলৈ পায় বহুত সুখী বুলি মন্তব্য কৰে সোনাক্ষী সিন্হাই ৷

অন্যহাতে দাবাং ৩ চুলবুল পাণ্ডে নামেৰে সমাদৃত ছলমান খান হ’ব পাপৰগঞ্জ নামৰ থানাৰ এগৰাকী আৰক্ষী বিষয়া ৷ প্ৰকৃততে পাপৰগঞ্জ নামৰ কোনো ঠাইৰ নাম নাই যদিও ছবিখনত ন’য়ডাৰ এটা অঞ্চল হিচাপে পৰিচিত হ’ব পাপৰগঞ্জ ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com