Begin typing your search above and press return to search.

বশিষ্ঠৰ গনেশনগৰত বাছ দুৰ্ঘটনা,কেইবাজনো লোক আহত

বশিষ্ঠৰ গনেশনগৰত বাছ দুৰ্ঘটনা,কেইবাজনো লোক আহত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Nov 2019 8:41 AM GMT

মহানগৰীত চিটী বাছৰ দৌৰাত্ম্যৰ কথা সৰ্বজন বিদিত ৷ এখন চিটী বাছে আন এখনক চেৰ পেলাই কেনেকৈ যাত্ৰীসকলক উঠাই গন্তব্য স্থান পাবগৈ পাৰোঁ তাৰ প্ৰতিযোগিতাত নামি পৰে কিছু সংখ্যক বাছ ৷ যাৰ কাৰণে সংঘটিত হয় দূৰ্ঘটনাৰ ৷বৃহস্পতিবাৰে পুৱা মহানগৰীৰ বৈশিষ্ঠ্যৰ গণেশ নগৰত সংঘটিত হয় এক দুৰ্ঘটনাৰ ৷

ASO1GC9148 নম্বৰৰ বাছখনে পুৱা ASO1HCO757 নম্বৰৰ চিটী বাছখনক খুন্দা মৰাৰ কাৰণে হয় এই দুৰ্ঘটনাটোৰ ৷ ইফালে দুৰ্ঘটনাটোৰ কাৰণে বাছখনৰ বহু লোক আঘাত প্ৰাপ্ত হয় । আৰু তেওঁলোকক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। আনহাতে চিটী বাছসমূহৰ চালকসকলৰ নিয়ন্ত্ৰণহীন ভাৱে বাহন চলোৱা কাৰ্যক সকলোৱে গৰিহনা দিছে ৷ উল্লেখ্য যে বিগত সময়ত চিটী বাছ সমূহৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষই বহু নীতি নিয়ম বান্ধি দিছিল যদিও সকলোবোৰ সম্প্ৰতি ধোঁৱা চাঙত ৷

গুৱাহাটীত প্ৰায় ৬৬৯ খন চিটী বাচ আছে ৷ ইয়াৰ বিপৰীতে ৫৫০ টা পথ আছে ৷ ইয়াত ২০০ খন অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আছে ৷ ইফালে মহানগৰীত উবেৰ,ওলা সেৱাত আছে ১০,০০০ খন বাহন,গুৱাহাটীত থকা অট’ৰিক্সাৰ সংখ্যা প্ৰায় ৫০০০ আৰু ১৬৫০ খন আছে মেট্ৰ’ টেক্সি ।গতিকে গুৱাহাটীত থকা সকলো যান বাহনৰ সংখ্যা হৈছে ১.০৫ লাখ ৷

ইফালে পূৰ্বতে চিটী বাছসমূহ সময়মতে চলাচল কৰিছিল ৷কিন্তু সাম্প্ৰতিক সময়ত ইয়াৰ বিপৰীত দৃশ্য দেখিবলৈ পোৱা যায়। চিটী বাছসমূহে য’তে ত’তে ৰৈ যাত্ৰী সকলক উঠাই আনে ৷লগতে যাত্ৰীসকলেও বাছ আস্থানত নৰখি য’তে ত’তে বাছসমূহ ৰখাই ৷ যাৰ ফলত যান বাহন চলাচল কৰাত অৰাজকতাই দেখা দিয়ে ৷ গতিকে চিটী বাচসমূহৰ সমগ্ৰ প্ৰণালীটোৱেই পৰিৱৰ্তন কৰিব লাগিব।

উল্লেখ্য যে,মহানগৰীত প্ৰায়ে চিটীবাছসমূহে বাছ আস্থানৰ সমূহৰ বাহিৰে য’তে ত’তে ৰাখি যাত্ৰীসকলক উঠাই অনা দেখা যায়। এই ক্ষেত্ৰত চিটী বাছ চালকৰো দায়িত্ব থাকে যে য’তে ত’তে বাছখন ৰাখিব নালাগে ৷ আৰু যাত্ৰীসকলৰ দায়িত্ব থাকে যে বাছখন কেৱল বাছ আস্থান সমূহতহে ৰাখিব ৷ কাৰণ তেনেধৰণৰ এখন বাছৰ কাৰণে বাকী বাছ সমূহৰ চলাচলত বাধাৰ সৃষ্টি হয়।

অধিক খবৰৰ বাবে পঢ়ক: দুৰ্গা পূজাৰ পিছতেই পোহৰলৈ আহিছে পথ দুৰ্ঘটনাৰ সংখ্যা

ভিডিঅ প্ৰতক্ষ্য কৰক:Food Processing Machine got damaged in South Salmara, Students deprived of mid day meal

Next Story
চাকৰি